অৰুণাচল প্ৰদেশৰ ব্যক্তি
৯ প্ৰবন্ধ
-
কিৰেণ ৰিজিজু
কিৰেণ ৰিজিজু (Kiren Rijiju; জন্ম: ১৯ নৱেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু অধিবক্তা। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ লোকসভাত পশ্চিম অৰুণাচল লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ প্ৰথম মোদী কেবিনেটত গৃহ ৰাজ্যিক মন্ত্ৰী আছিল। তেওঁ দ্বিতীয় মোদী কেবিনেটতো স্থান লাভ কৰে।
-
মামাং দাই
মামাং দাই অৰুণাচল প্ৰদেশৰ ইটানগৰৰ নিবাসী এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক। তেওঁ তেওঁৰ উপন্যাস দ্যা ব্লেক হিল-ৰ বাবে ২০১৭ চনত ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
পেমা খাণ্ডু
পেমা খাণ্ডু (জন্ম ২১ আগষ্ট ১৯৭৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী। তেওঁ অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ পুত্ৰ।
-
বিন্নী য়াংগা
বিন্নী য়াংগা (Binny Yanga, ৭ জুলাই ১৯৫৮ - ৩ ছেপ্টেম্বৰ ২০১৫) এগৰাকী ভাৰতীয় সমাজ কৰ্মী আছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ সদস্য আছিল আৰু ওজু ৱেলফেয়াৰ এছোচিয়েচনৰ প্ৰতিষ্ঠাতা।
-
অংশু জামচেংপা
অংশু জামচেংপা (Anshu Jamsenpa, জন্ম: ৩১ ডিচেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ একে ঋতুতে দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা। লগতে তেওঁ মাত্ৰ পাঁচদিনৰ ভিতৰত দুবাৰকৈ এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম ব্যক্তি।
-
জাৱেপলু চাই
জাৱেপলু চাই Jaweplu Chai) হৈছে ভাৰতৰ উত্তৰ-পূব অংশৰ অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলা ন্যায়াধীশ। ২০১৩ চনত চায়ে নিজৰ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে পৰিগণিত হয়। তেওঁক অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ বাছাৰত অতিৰিক্ত জিলা আৰু অধিবেশনৰ বিচাৰক হিচাপে নিযুক্তি দিয়া হৈছিল।
-
টংগাম ৰীণা
টংগাম ৰীণা (Tongam Rina; জন্ম ১৯৭৯) এগৰাকী ভাৰতীয় সাংবাদিক আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁ বৰ্তমান (২০২১) 'দ্য অৰুণাচল টাইমছ্' নামৰ কাকতখনৰ উপ-সম্পাদক। তেওঁ অৰুণাচল প্ৰদেশ কৰ্মৰত সাংবাদিক সন্থাৰ প্ৰাক্তন অধ্যক্ষ। উল্লেখনীয় যে, তেওঁ সাংবাদিকতাৰ বাবেই কেইবাবাৰো ভাবুকি আৰু নিগ্ৰহৰ সম্মুখীন হৈ আহিছে।
-
টিনে মেনা
টিনে মেনা (জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় পৰ্বতাৰোহনকাৰী, যিয়ে ২০১১ চনৰ ৯ মে'ত উত্তৰ-পূব ভাৰতৰ পৰা মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী অৰুণাচলী মহিলা হিচাপে পৰিগণিত। টিনেৰ জন্ম হৈছিল জিলাৰ সদৰ স্থান ৰয়িঙৰ পৰা ১৭৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছালি নামৰ এখন দুৰ্গম গাঁৱত।
-
নবাম টুকি
নাবাম টুকি (জন্ম ৭ জুলাই ১৯৬৪) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।তেওঁ ২০১১ ৰ পৰা ২০১৬ ৰ ভিতৰত দুবাৰ এই পদত অধিষ্ঠিত হৈছিল। তেওঁৰ প্ৰথম কাৰ্যকাল আছিল নৱেম্বৰ ২০১১ ৰ পৰা জানুৱাৰী ২০১৬ লৈ, আনহাতে দ্বিতীয় কাৰ্যকাল ২০১৬ চনৰ জুলাই মাহত মাত্ৰ ৩ দিন চলিছিল।