অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বেলকনিত ভগৱান

বেলকনিত ভগৱান ( God on the Balcony) হৈছে অসমীয়া ভাষাত নিৰ্মিত আৰু বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত, লিখিত আৰু সম্পাদিত এখন ড্ৰামাভিত্তিক চলচ্চিত্ৰ৷ ২০২০ চনৰ নৱেম্বৰ মাহত কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনৰ প্ৰথমটো প্ৰিমিয়াৰ হয়৷ মইনা প্ৰডাকচনৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে নুৰুল…

হালনাগাদ: ৫ আগষ্ট ২০২৫ ৩১২ শব্দ · ২ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

বেলকনিত ভগৱান ( God on the Balcony) হৈছে অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাত নিৰ্মিত আৰু বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত, লিখিত আৰু সম্পাদিত এখন ড্ৰামাভিত্তিক চলচ্চিত্ৰ৷ ২০২০ চনৰ নৱেম্বৰ মাহত কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনৰ প্ৰথমটো প্ৰিমিয়াৰ হয়৷ ১ মইনা প্ৰডাকচনৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে নুৰুল ছুলতানে৷ উল্লেখ্য যে, ছবিখন দেশ-বিদেশৰ একাধিক চলচ্চিত্ৰ মহোৎসৱত এতিয়ালৈকে প্ৰদৰ্শিত হৈছে৷ ২ কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনৰ পৰিচালকে ভাৰতীয় ভাষাৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে৷ ২০২১ বৰ্ষৰ ৪ জুলাইৰ পৰা ১১ জুলাইলৈ লণ্ডনত অনুষ্ঠিত হোৱা ৰেইনবো চলচ্চিত্ৰ মহোৎসৱত ছবিখনে বিশেষ বঁটা লাভ কৰে৷ ৩

এটা বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত ছবিখনত হৰিশ খান্না, প্ৰণামী বৰা, পৰিনন্ধী জীমা চুলতানাই অভিনয় কৰিছে৷ ছবিখনে ২০২২ বৰ্ষৰ ৭ অক্টোবৰত ছবিগৃহত মুক্তিলাভ কৰে।৪

সংক্ষিপ্ত কাহিনী

অসম, ভাৰতৰ এখনি পিছপৰা গাঁৱৰ পটভূমিত ছবিখন নিৰ্মাণ কৰা হৈছে৷ ছবিখনৰ কাহিনীভাগ খগেন নামৰ কৃষকজনক কেন্দ্ৰ কৰি আৱৰ্তিত হয়৷ খগেনৰ পত্নীৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছে৷ এম্বুলেন্স নথকাত খগেনে মৃত পত্নীৰ নিথৰ দেহটো চাইকেলতে কঢ়িয়াই নিবলৈ যত্নপৰ হয়৷ শিলগুটি দিয়া পথবোৰেৰে মৃত পত্নী আৰু কনিষ্ঠ জীয়েকজনীৰ সৈতে ঘৰলৈ উভতি আহোঁতে খগেনে দুজন সংবাদদাতাক লগ পায়৷ ইয়াৰ পিছতে তেওঁলোকৰ যাত্ৰাটোৱে এটা ভিন্ন ৰূপ লয়৷ ৫

উল্লেখ্য যে, ছবিখনৰ কাহিনীটো এটা বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত৷ ওড়িশাৰ দাৰিদ্ৰ-পীড়িত ব্যক্তি দন মাঝীয়ে চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে নিজৰ পত্নীৰ দেহটো প্ৰায় দহ কিলোমিটাৰ পৰ্যন্ত নিজৰ কান্ধত কঢ়িয়াই নিছিল৷ ৬

কলা-কুশলী

ছবিখনৰ কলা-কুশলীসকলৰ নাম ৭ তলত উল্লেখ কৰা হ'ল -

অভিনয়ত

ক্ৰমিক নংঅভিনয়-শিল্পীচৰিত্ৰ
১হৰিশ খান্নাখগেন
২প্ৰণামী বৰানুমলী
৩সুনীত বৰাপ্ৰণৱ
৪বিনোদ লাল দাসবিধায়কৰ সহকাৰী
৫অৰুণ হাজৰিকামন্ত্ৰী
৬ৰাজীৱ ক্ৰ'প্ৰহৰী
৭ইভা মহন্তজীনা
৮পৰিনন্ধী জীমা চুলতানাকুঁৱলী

আনসকল কুশলী

ক্ৰমিক নংনামদায়িত্ব
১বিশ্বজিৎ বৰাপৰিচালনা, চিত্ৰনাট্য-ৰচনা আৰু সম্পাদনা
২নুৰুল চুলতানপ্ৰযোজনা
৩সীতাংশু খামাৰীচিত্ৰগ্ৰহণ
৪জয়ন্ত ফুকনকলা-নিদেৰ্শনা
৫লোপামুদ্ৰা গগৈসাজসজ্জা
৬আকাশ ডেকামুখসজ্জা
৭বিশাল খত্ৰীনেপথ্য সংগীত
৮সুজিৎ বৰাকালাৰিষ্ট
৯প্ৰণাম দেশাইপ্ৰথম সহকাৰী পৰিচালক
১০সুভাষিনী বৰাদ্বিতীয় সহকাৰী পৰিচালক
১১প্ৰজ্ঞানাভ বৰাতৃতীয় সহকাৰী পৰিচালক
১২ৰিংকু বড়োSFX ৰেকৰ্ডিং/ ধ্বনি ৰেকৰ্ডিং
১৩জ্যোতি চেতিয়াধ্বনি ব্যৱস্থাপক (ছাউণ্ড ডিজাইনাৰ)
১৪জ্যোতি চেতিয়াধ্বনি ব্যৱস্থাপক (ছাউণ্ড ডিজাইনাৰ)
১৫পল্লৱ জ্যোতি মহন্তস্থিৰ ফটোগ্ৰাফী
১৬অতুল স্বৰ্গিয়াৰীপ্ৰথম সহকাৰী কেমেৰা
১৭জাকিৰ হুছেইনগেফাৰ (gaffer, ছবিখনৰ বিদ্যুতৰ দায়িত্বত থকা মূল মানুহ)

চলচ্চিত্ৰ মহোৎসৱত

বেলকনিত ভগৱান এতিয়ালৈকে একাধিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে৷ তাৰে কেইখনমান তলত উল্লেখ কৰা হ'ল-

ভাৰতত

  • ২৪তম কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, প্ৰিমিয়াৰ, (নৱেম্বৰ, ২০২০)
  • ২৫তম তিতা কেৰেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (১১ ফেব্ৰুৱাৰী, ২০২১)
  • ১৯তম পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৷ ৬

বিদেশত

  • ১৯সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (জানুৱাৰী, ২০২১)
  • ২৪সংখ্যক ছাংহাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
  • ২১সংখ্যক নিউইয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ
  • ১৮সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, ষ্টুটগাৰ্ট, জাৰ্মানী
  • ২০সংখ্যক ইমাজিন ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, মাদ্ৰিদ, স্পেইন (মে', ২০২১)৬
  • লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ব্ৰাজিল৷ ৮
  • ২২ সংখ্যক ৰেইনব' চলচ্চিত্ৰ মহোৎসৱ, লণ্ডন ৷ ৩

বঁটা-সন্মান

  • ২০২০ চনত কলিকতাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হয় আৰু পৰিচালক বিশ্বজিৎ বৰাই ভাৰতীয় ছবিৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে৷ ৯
  • ২০২১ বৰ্ষত লণ্ডনত ৰেইনবো চলচ্চিত্ৰ সমাজৰ দ্বাৰা আয়োজিত ২২ সংখ্যক "ৰেইনবো চলচ্চিত্ৰ মহোৎসৱ"ত ছবিখন প্ৰদৰ্শিত হয় আৰু বিশেষ বঁটা লাভ কৰে৷ উক্ত মহোৎসৱ ৪ জুলাইৰ পৰা ১১ জুলাইলৈ অনুষ্ঠিত হৈছিল৷ ৩

সমালোচনা

ছবিখনৰ প্ৰসংগত লেবাননত থকা চলচ্চিত্ৰ সমালোচক জোছেফ কৰ্কমাজে মন্তব্য কৰে যে-...The filmmaker portraits in his movie, a socio-economic context of a region, his own, that is a microcosm of an entire country that is struggling to develop.১০

আনহাতে 'স্ক্ৰল ডট ইন'ত নন্দিনী ৰামনাথে মন্তব্য কৰিছে যে-ছবিখনৰ ব্যাপক সমাদৰৰ লগত বোধহয় ক'ভিড-১৯ৰ ভয়াৱহ প্ৰভাৱ কিছুমান সংপৃক্ত হৈ আছে৷ কিয়নো মহামাৰীয়ে উন্নত আৰু অনুন্নত দেশৰ মাজত থকা স্বাস্থ্যসেৱাৰ পাৰ্থক্যবোৰ উন্মোচিত কৰিছে৷১১

বাহ্যিক সংযোগ

বেলকনিত ভগৱানৰ ট্ৰেইলাৰ

তথ্যসূত্ৰ

  1. ↑ IMDB. God on the Balcony (2020) Release Info. IMDB
  2. ↑ (১৪ জুলাই, ২০২১). ”বেলকনিত ভগৱান”ৰ বিশেষ সমাদৰঃ নিৰ্বাচিত হৈছে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলৱৰ্ণ ২০২১ লৈ. অসমীয়া প্ৰতিদিন
  3. ↑ Digital desk. (July 13, 2021). লণ্ডনৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকিল ‘বেলকনিত ভগৱান’. News Live
  4. ↑ Balconit Bhogawan (God On The Balcony). in.bookmyshow.com
  5. ↑ God on the Balcony (2020) Plot. IMDB
  6. ↑ সৰকাৰ, শিল্পা. (June 24, 2021). Biswajeet Bora’s ‘God on The Balcony’ to be screened at Stuttgart Film Festival. Eastmozo
  7. ↑ Full Cast & Crew. IMDB
  8. ↑ (21 july,0 2021). ব্ৰাজিলৰ লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'বেলকনিত ভগৱান'. নিয়মীয়া বাৰ্তা
  9. ↑ Staff. (20 june 2021). Biswajeet Bora’s Assamese film God on the Balcony to be screened at 18th Indian Film Festival Stuttgart. NorthEast Now
  10. ↑ Korkmaz, Joseph. (July 10, 2021). God on the Balcony: A review by Lebanon-based critic Joseph Korkmaz. The News Mill
  11. ↑ Ramnath, Nandini. (25 April, 2021). In Assamese film ‘God on the Balcony’, a snapshot of death caused by governmental apathy. Scroll.in

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০২২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেলকনিত ভগৱান” প্ৰবন্ধৰ সংশোধন ৫৩০৫০৪ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।