অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বুম্বা ৰাইড

বুম্বা ৰাইড (Boomba Ride) ২০২১ চনত চেঞ্চৰ চাৰ্টিফিকেট লাভ কৰা মিচিং সমাজৰ পটভূমিত নিৰ্মিত এখন অসমীয়া-মিচিং চলচ্চিত্ৰ। পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই। বুম্বা ৰাইড বুম্বা নামৰ এটি শিশু আৰু তেওঁৰ বিদ্যালয়খনৰ কাহিনী।

হালনাগাদ: ৫ আগষ্ট ২০২৫ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বুম্বা ৰাইড (Boomba Ride) ২০২১ চনত চেঞ্চৰ চাৰ্টিফিকেট লাভ কৰা মিচিং সমাজৰ পটভূমিত নিৰ্মিত এখন অসমীয়া-মিচিং চলচ্চিত্ৰ। পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই। বুম্বা ৰাইড বুম্বা নামৰ এটি শিশু আৰু তেওঁৰ বিদ্যালয়খনৰ কাহিনী।১ বুম্বা ৰাইডক মিচিং ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ২০২১ চনৰ ৰজত কমল বঁ‌টা প্ৰদান কৰা হয়।২

কাহিনীৰ সাৰাংশ

বুম্বা ৰাইডত অসমৰ চৰকাৰী শিক্ষাব্যৱস্থাৰ বৰ্তমানৰ অৱস্থাক এক ব্যংগাত্মক ৰূপত দাঙি ধৰা হৈছে। বুম্বা এটি সাত বা আঁঠ বছৰীয়া শিশু, যি দুখীয়া বিধৱা মাকৰ লগত থাকে।৩ বুম্বা তাৰ স্কুলৰ একমাত্ৰ ছাত্ৰ। বুম্বাই স্কুল এৰিলেই স্কুলখন বন্ধ হৈ যাব, আৰু তাৰ লগতে বন্ধ হ'ব স্কুলৰ সকলো কৰ্মচাৰীৰ দৰ্মহা।৪ সেয়ে স্কুল-কৰ্তৃপক্ষই বিভিন্ন লোভ দেখুৱাই বুম্বাক স্কুলত ৰখাৰ যত্ন কৰে: যেনে লোকেল মুৰ্গী আৰু টকা। বুম্বাৰো এই সকলো কথা জ্ঞাত আৰু সেয়ে সি সুযোগৰ লাভ উঠাবলৈ যত্নপৰ হয়। এই টনা-আজোৰাই ছবিখনত হাস্যৰ সৃষ্টি কৰে।৪ হাস্যৰ মাজতে শিক্ষা-ব্যৱস্থাৰ এক চিন্তনীয় প্ৰতিচ্ছবি দাঙি ধৰা হৈছে, আৰু লগতে জীৱনৰ আশাও ছবিখনত ফুঁটি উঠিছে।৩

নিৰ্মাণ

ছবিখনৰ দৈৰ্ঘ্য ৭৬ মিনিট। মিচিং সমাজৰ পটভূমিত নিৰ্মিত এই ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰা। ছবিখনৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন, কৌশিক হাজৰিকা, বিশ্বজিৎ বৰা আৰু বিনোদ লাল দাস। ইন্দ্ৰজিৎ পেগু, সদাগৰ ডাও, হিৰণ্য পেগু আৰু দিপালী পেগুৱে ছবিখনত অভিনয় কৰিছে।৫ অভিনয় কৰা প্ৰত্যেকজনেই প্ৰথম চিনেমাত অভিনয় কৰিছে।৪

সঁহাৰি

বুম্বা ৰাইডে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আই.এম.ডি.বিত ছবিখনৰ ৰেটিং ১০ৰ ভিতৰত ৯.৬।১ পুণে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত৫ আৰু ভাৰতীয় পেনোৰামাৰ কাহিনী চলচ্চিত্ৰ শিতানত৬ ছবিখন প্ৰদৰ্শিত হৈছে। ডেফ ক্ৰকডাইলৰ সহায়ত ছবিখনে আমেৰিকা যুক্তৰাষ্ট্ৰতো মুক্তি লাভ কৰিছে।৭ কাঁন চলচ্চিত্ৰ মহোৎসৱৰ মাৰ্চু ডু ফিল্মতো এই ছবিখন প্ৰদৰ্শনৰ বাবে চয়ন কৰা হয়।৮

তথ্যসূত্ৰ

  1. ↑ আই এম ডি বি। বুম্বা ৰাইড (২০২১) www.imdb.com/title/tt17037804/
  2. ↑ 69th National Film Awards 2021. Ministry of Information & Broadcasting
  3. ↑ দ্য নিউজমিল। thenewsmill.com/boomba-ride-biswajeet-boras-late
  4. ↑ স্ক্ৰ'ল। বুম্বা ৰাইড কেপ্সাৰ্চ দ্য চ'চিয়'ইকনমিক ষ্টে'ট অৱ ৰুৰেল এজুকেচন। scroll.in/reel/1006586/assamese-film-boomba-ride
  5. ↑ পুণে ফিল্ম ফেষ্টিভেল। www.piffindia.com/boomba-ride.php
  6. ↑ আই পি এফ এফ। filmguide.iffigoa.org/detail/?id=5097
  7. ↑ ডেডলাইন। deadline.com/2022/03/distributors-deaf-crocodile
  8. ↑ ইষ্ট ম'জ'। www.eastmojo.com/news/2022/05/06/cannes-screenin

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০২২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুম্বা ৰাইড” প্ৰবন্ধৰ সংশোধন ৫৩০৪৭৮ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।