ঘিলামৰা গোগামুখ সংযোগী পথৰ কাষৰ ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী বৰদৈবাম নামৰ অঞ্চলত বৰদৈবাম বিলমুখ পক্ষী উদ্যান (Bordoibam Bilmukh Bird Sanctuary) অৱস্থিত। এই উদ্যানখনত বহুতো স্থানীয় পক্ষীৰ সমাগম ঘটাৰ লগতে বসন্ত কালত বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন পক্ষীৰ আগমন ঘটে। বৰদৈবাম বিলমুখ সংৰক্ষিত পক্ষী উদ্যান হ’ল দীপৰ বিলৰ পাছতে সংৰক্ষিত পক্ষী উদ্যান হিচাপে স্বীকৃতি পোৱা অসমৰ দ্বিতীয়খন পক্ষী উদ্যান।
ভৌগোলিক বিৱৰণ
বৰদৈবাম বিলমুখ সমুদ্ৰপৃষ্ঠৰ প্ৰায় ৫০-৫৫ মি উচ্চতাত অৱস্থিত। এই বিলখন ১৯৫০ চনৰ বৰ ভুইকঁপৰ সময়ত সৃষ্টি হয়। বৰ ভুইকঁপ ইমান প্ৰবল আছিল যে সোৱণশিৰি নদীয়ে এই সময়তে ইয়াৰ গতিপথ সলনি কৰে, ফলস্বৰূপে বিল খনৰ সৃষ্টি হয়। সংৰক্ষিত পক্ষী উদ্যানখন বিলৰ পানী ভাগ আৰু চাৰিওফালৰ দলনি অঞ্চলেৰে আগুৰা পক্ষী আৰু জলজ প্ৰাণীৰ বাবে এক স্বৰ্গ। বিলখন ধেমাজি চহৰৰ পৰা ৫০ কিমি আৰু উত্তৰ লক্ষ্মীমপুৰৰ পৰা প্ৰায় ৪৫ কিমি দূৰত্বত অৱস্থিত। প্ৰকৃতি প্ৰেমী আৰু পৰ্যটকৰ বাবেও ই এক মনোৰম স্থান।১
জলবায়ু
এই অঞ্চলৰ জলবায়ু মূলত: সেমেকা ক্ৰান্তীয়। বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০০ মিমি। সৰ্বনিম্ন আৰু সৰ্বোচ্চ তাপমাত্ৰা ক্ৰমান্বয়ে ৭ ডিগ্ৰীৰ পৰা ৩৫ ডিগ্ৰী ছেলছিয়াছ হয়।২
উদ্ভিদ
বৰদৈবাম বিলমুখত প্ৰধানকৈ ঘাঁহনি আৰু জলজ উদ্ভিদ দেখা পোৱা যায়।৩ অভয়াৰণ্যখনত পোৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ ভিতৰত শিমলু, চতিয়না, চোম, হিজল, জৰি, ঔটেঙা, ভেট, মেটেকা, দল, কলমৌ, পুণী, শিঙৰী, এৰালি, ইকৰা, উলুখেৰ, নল, খাগৰি, বিৰিণা, বৰতাখেৰ, কঁহুৱা, লকচা ইত্যাদিয়েই প্ৰধান।
যাতায়াত
অভয়াৰণ্যখন যিহেতু লখিমপুৰ আৰু ঢকুৱাখনা সংযোগী পথৰ মাজত অৱস্থিত, সেয়ে লখিমপুৰ চহৰলৈ বাছ বা বিমানেৰে আহি চহৰখনৰপৰা স্থলপথেৰে অহা-যোৱা কৰিব পাৰি। ঢকুৱাখনাৰপৰা অভয়াৰণ্যখনলৈ ২৫ কিলোমিটাৰ। এই অভয়াৰণ্য ভ্ৰমণকাৰীৰ বাবে থকামেলাৰ সুন্দৰ ব্যৱস্থা আছে। বিলমুখত এটা পৰিদৰ্শন বঙলা, ৯ কিলোমিটাৰ দূৰত্বৰ গোগামুখত এটা পৰ্যটক গৃহ, ১০ কিলোমিটাৰ দূৰত্বৰ ঘিলামৰাত গড়কাপ্তানী বিভাগৰ এটা পৰিদৰ্শন বঙলা আৰু ঢকুৱাখনাত মেগামিক্স প্ৰকৃতি সংঘৰ অতিথিকক্ষ আছে।
প্ৰাণীকুল
স্তন্যপায়ী প্ৰাণী
মেচেকা,সুগৰী পহু,কেটেলা পহু,উদ আদি।৪
পৰিভ্ৰমী আৰু দেশীয় পক্ষীসমূহ
প্ৰায় ২৫ বিধ মান পৰিভ্ৰমী আৰু দেশীয় পক্ষী বৰদৈবামত দেখিব পোৱা যায়।৫ যেনে -
- মাছৰোকা
- হাড়গিলা
- পানী কাউৰী
- বৰশৰালি
- তিল কপৌ
- ডাউক
- দলমৰা
- বৰটোকোলা
- কলীমূৰী হাঁহ
- বৰমূগী হাঁহ
- কাকলি হাঁহ
- পানীডাউক
- দলপুঙা
- ৰামপৰা
জলজ প্ৰাণী
পক্ষী কুলৰ বাহিৰেও বিলখন বিভিন্ন জলজ প্ৰাণী যেনে বিভিন্ন থলুৱা মাছ, কাছ, সাপ আদি আৰু বিভিন্ন জলজ উদ্ভিদৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Maps of India.com
- ↑ north-lakhimpur.assamonline.in/About/Tourism/Bor link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ north-lakhimpur.assamonline.in/About/Tourism/Bor link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ north-lakhimpur.assamonline.in/About/Tourism/Bor link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰদৈবাম বিলমুখ পক্ষী উদ্যান” প্ৰবন্ধৰ সংশোধন ৫১৮৬১৩ (১৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।