ব্ৰিজ (Bridge) ২০২২ চনত মুক্তি পোৱা এখন নাট্যধৰ্মী অসমৰ চলচ্চিত্ৰ। ছবিখনৰ ৰচনা আৰু পৰিচালনা কৃপাল কলিতাৰ। ছবিখন বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰিও১২ ই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও (২০২০) লাভ কৰিবলৈ সক্ষম হয়।৩
কাহিনীৰ সাৰাংশ
ছবিৰ কাহিনীটো বানে ধোৱা গাঁও এখনৰ দুখীয়া কৃষক পৰিয়ালৰ জোনাকী নামৰ এজনী কিশোৰীৰ সংগ্ৰামৰ কাহিনী, যিয়ে পিতৃৰ মৃত্যুৰ পিছত ঘৰখনৰ অন্ন সংস্থানৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া হয়। উপাৰ্জনৰ অন্য পথ নথকাত তায়ো পিতৃৰ পথ অনুসৰণ কৰি পুৰুষৰ দৰে কান্ধত নাঙল লৈ কৃষিকৰ্মত প্ৰবৃত্ত হয়। লগতে ছবিখনত দেখুওৱা হৈছে যে এখন উপনৈৰ দুপাৰে থকা দুখন গাঁৱক কেনেকৈ কলগছেৰে সজা ভুৰেৰে সংযোগ কৰি ৰাখিছে। ইয়াত যিখন উপনৈ দেখুওৱা হৈছে, সেইখন এখন ব্ৰহ্মপুত্ৰ নদৰ উপনৈ, যিয়ে প্ৰতি বছৰে প্ৰলয়ংকৰী বানৰ সৃষ্টি কৰি জনজীৱন বিপৰ্যস্ত কৰি পেলায়।২১
অভিনয় শিল্পী
- শিৱাৰাণী কলিতা
- কৃপাল কলিতা
- পাৰ্থ প্ৰতীম বৰা
- স্বপ্নিল নাথ
- অনিন্দিতা দাস১
সন্মান
- শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬৮তম (২০২০) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এই বঁটাত আছে ৰজত কমল আৰু নগদ একলাখ টকা।৩
- ৫১তম গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ বিশেষ উল্লেখ।
- অটৱা ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত (কানাডা) শিৱাৰাণী কলিতালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।১
তথ্যসূত্ৰ
- ↑ Kripal Kalita’s ‘Bridge’: The Assamese movie making waves globally. East Mojo
- ↑ Kripal Kalita’s ‘Bridge’ brings to focus the destruction caused by floods. www.thehindu.com
- ↑ 68th National Film Award. Directorate of Film Festivals, GOI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰিজ (অসমীয়া চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৩০৭৬০ (৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।