অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নাও খেলৰ গীত

নাও খেলৰ গীত হৈছে বিবিধ বিষয়ক লোকগীতৰ অন্তৰ্গত। একেৰাহে নাও বাই গৈ থকা নাৱৰীয়াৰ মনটো আমনিয়ে হেঁচি ধৰে আৰু সেই আমনি পাহৰিবলৈ গীতৰ বকলা মেলে। এইদৰে নাওখেলৰ গীত প্ৰয়োগ হোৱাৰ পৰা পিছলৈ ই নাও খেলৰ গীত নামেৰে জনাজাত হয়। কিন্তু ইয়াক নাৱৰীয়াৰ গীত বুলি ক'লেহে আটাইখিনি গীত সামৰি লয়।

হালনাগাদ: ১১ আগষ্ট ২০২৫ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

নাও খেলৰ গীত হৈছে বিবিধ বিষয়ক লোক-সংগীতৰ অন্তৰ্গত। একেৰাহে নাও বাই গৈ থকা নাৱৰীয়াৰ মনটো আমনিয়ে হেঁচি ধৰে আৰু সেই আমনি পাহৰিবলৈ গীতৰ বকলা মেলে। এইদৰে নাওখেলৰ গীত প্ৰয়োগ হোৱাৰ পৰা পিছলৈ ই নাও খেলৰ গীত নামেৰে জনাজাত হয়। কিন্তু ইয়াক নাৱৰীয়াৰ গীত বুলি ক'লেহে আটাইখিনি গীত সামৰি লয়। মাছমৰা নাৱৰীয়া, দূৰদেশলৈ অহা-যোৱা সাউদৰ নাৱৰীয়া আদিয়ে ব'ঠাৰ চেৱে চেৱে গীত গায়।১

ৰাধ-কৃষ্ণৰ প্ৰণয়ৰ কাহিনীও নাও খেলৰ গীতৰ বিষয়বস্তু। ৰাধা গৈছিল মথুৰা হাটলৈ। কৃষ্ণক খটনি ধৰিলে নাৱেৰে পাৰ কৰিবলৈ। কৃষ্ণই পাৰেমানে পলম কৰিছে—২

(১) কানাই পাৰ কৰ ৰে, বেলিৰ দিকে চাৱা।

নষ্ট গৈল দুধেৰ ভাণ্ডাৰ ৰজাৰ গৈল বয়া।।

(২) নালাগে তোহাৰ কড়ি নকৰো মই পাৰ।

অন্য ঘাটে গৈয়া ৰাধা হৈয়ো তুমি পাৰ।।

বহল পানীত দীঘলীয়াকৈ নাও বাই যাওঁতে দীঘলীয়া সুৰৰ এবিধ গীত গোৱা হয়। দুই- এটি গীত আছে নাও- নাৱৰীয়াৰ লগত কোনো সম্পৰ্ক নাই। ইয়াৰ সুৰটোহে আচল বস্তু—৩

ৰাতি পোৱাইলৰে কুৰুৱাই দিলে ৰাৱ৷

বালিত বাগৰি কান্দে দুটি বাঘৰ চাৱ।।

সাহিত্যিক দৃষ্টিৰে চালে এই গীতফাকিৰ কাব্য-চিত্ৰ মনোৰম। তলৰ গীতফাকিৰ কাব্যিক সৌন্দৰ্যও বিশেষ উল্লেখযোগ্য—৪

আবেলি বেলিকাবানে বৰষুণে

সাতো সাগৰৰে ৰেৱা;

পাৰোনে নোৱাৰোক'বকে নোৱাৰোঁ

দিলোঁ সাগৰতে খেৱা।।

বহল সাগৰৰ বুকুলৈ আবেলি বেলিকা নাও মেলি দিয়া নাৱৰীয়াৰ মনোধৰ্মী আৱেগ ইয়াত ফুটি ওলাইছে। নাও খেলৰ গীতৰ পৰিমাণ সৰহীয়া নহ'লেও বিষয়বস্তু আৰু উদ্দেশ্যৰ পিনৰ পৰা নাও খেলৰ গীতৰ মূল্য বহুত ওপৰত।

তথ্যসূত্ৰ

  1. ↑ অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা ২০১১, পৃষ্ঠা নং-৯৮
  2. ↑ অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা ২০১১, পৃষ্ঠা নং-৯৯
  3. ↑ অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা ২০১১, পৃষ্ঠা নং-১০০
  4. ↑ অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা ২০১১, পৃষ্ঠা নং-১০০

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোকগীতলোকসাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাও খেলৰ গীত” প্ৰবন্ধৰ সংশোধন ৫৩১৭৭৬ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।