নীলা চৰাই হৈছে অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ জানুৱাৰীত এই আলোচনীখন প্ৰথম প্ৰকাশ হয়।
পৰিচালনা
আলোচনীখনৰ মুখ্য সম্পাদক পল্লৱপ্ৰাণ গোস্বামী। সম্পাদক, ব্যৱস্থাপক সমন্বিতে ৯ জনীয়া এটি কৰ্মদলে আলোচনীখন পৰিচালনা কৰে।১
উদ্দেশ্য আৰু লক্ষ্য
মৌলিক, চিন্তা উদ্ৰেককাৰী আৰু নতুনত্ব থকা লেখা, আলোকচিত্ৰ, ছবি আদি প্ৰকাশেৰে অসমীয়া ভাষা-সাহিত্যলৈ ইউনিক’ডৰ মাধ্যমেৰে অৱদান আগবঢ়োৱা এই আলোচনীখনৰ উদ্দেশ্য।২
নীলা চৰাইৰ অন্যান্য আঁচনি
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত 'অসমীয়া কৃষ্টিৰ চমু আভাস' নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। দুষ্প্ৰাপ্য পুস্তিকাখনি ধাৰাবাহিক ৰূপত 'নীলা চৰাই'ত প্ৰকাশ কৰা হৈছে।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলা চৰাই” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৫১ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।