অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চাংকেন

পঞ চাংকেন বা পয়চাংকেন (Sangken) হৈছে অৰুণাচল প্ৰদেশ আৰু অসমৰ ঠাইবিশেষে বসতি কৰা টাই জাতিৰ নতুন বছৰক আদৰণি জনোৱা এক বসন্ত উৎসৱ। টাই জনগোষ্ঠীৰ লোক ম্যানমাৰ, থাইলেণ্ড আদিতো বাস কৰে৷ ম্যানমাৰত বাস কৰা টাইসকলক শ্যান নামে জনা যায়৷ নতুন বছৰক আদৰা এই উৎসৱক ম্যানমাৰত ’ক্ৰুট সংক্ৰণ’, উত্তৰ থাইলেণ্ডত…

হালনাগাদ: ১১ জানুৱাৰী ২০২৬ ৯১২ শব্দ · ৫ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পঞ চাংকেন বা পয়চাংকেন (Sangken) হৈছে অৰুণাচল প্ৰদেশ আৰু অসমৰ ঠাইবিশেষে বসতি কৰা টাই জাতিৰ নতুন বছৰক আদৰণি জনোৱা এক বসন্ত উৎসৱ।১ টাই জনগোষ্ঠীৰ লোক ম্যানমাৰ, থাইলেণ্ড আদিতো বাস কৰে৷ ম্যানমাৰত বাস কৰা টাইসকলক শ্যান নামে জনা যায়৷ নতুন বছৰক আদৰা এই উৎসৱক ম্যানমাৰত ’ক্ৰুট সংক্ৰণ’, উত্তৰ থাইলেণ্ডত ’সংক্ৰান্তি’ আৰু মধ্য থাইলেণ্ডত ’মহ সংগ্ৰাম’ নামে জনা যায়৷ থেৰাৱাডী বৌদ্ধ সম্প্ৰদায়ৰ লোকে পৰম্পৰাগত এই উৎসৱ ইংৰাজী এপ্ৰিল মাহৰ ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ পালন কৰে। এই উৎসৱৰ উদযাপন আন বহুতো বৰ্ষপঞ্জীৰ নৱবৰ্ষাৰম্ভনিৰ সৈতে একে সময়তে পৰে। পয় চাংকেন উৎসৱ অসম আৰু অৰুণাচল প্ৰদেশৰ চিংফৌ, টাই খাময়াং, টাংছা, টাইফাকে, টাই আইটন, টাই আহোম আৰু টাই টুৰুং সম্প্ৰদায়ৰ লোকসকলে উৎসৱ পালন কৰে। চাংকেন উৎসৱ সাধাৰণতে খামতি চান্দ্ৰ-সৌৰ বৰ্ষপঞ্জীৰ পঞ্চম মাহ 'নুয়েন হা' ('Nuean Ha')-ত পৰে। ৰোমান বৰ্ষপঞ্জী অনুসাৰে ই এপ্ৰিল মাহত সংঘটিত হয়। পুৰণি বছৰৰ শেষৰ দিনকেইটাত উদযাপিত হোৱা এই উৎসৱৰ অন্তিম দিনৰ পিছতেই নৱবৰ্ষৰ আৰম্ভণি ঘটে। এই উৎসৱৰ প্ৰকৃত উদ্দেশ্য, বছৰটোৰ অন্তত সভক্তি আৰু উল্লাসেৰে বৌদ্ধ বিহাৰসমূহত থকা মূৰ্তি আৰু পুথ-পাজিকে ধৰি আন আন সামগ্ৰীসমূহ বাহিৰলৈ উলিয়াই পৰিস্কাৰ কৰা৷২

পয় চাংকেনৰ প্ৰস্তুতি

পয়চাংকেনৰ কিছুদিন আগৰে পৰা গাঁৱৰ ডেকা-গাভৰু-বয়োজ্যেষ্ঠ, জীয়াৰী-বোৱাৰীৰ গাত তৎ নোহোৱা হয়৷ ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি, চাউলৰ গুড়িৰে নানা পিঠ-পনা আৰু জা-জলপান প্ৰস্তুত কৰে৷ উৎসৱত পিন্ধিবলৈ কিছুদিন আগৰে পৰাই নিজে তাঁতত বৈ কাপোৰ তৈয়াৰ কৰে৷ ডেকাসকলে, কিছুদিন আগৰে পৰাই বিহাৰৰ চৌহদত এটা অস্থায়ী বিহাৰ সাজে৷ ৰং-বিৰঙৰ কাগজ কাটি আঠাৰে লগাই, বিহাৰটোৰ মাজত এখন বেদী সাজি এক বিশেষ কৌশলেৰে সৰু নাও এখন বান্ধি বুদ্ধ মূৰ্তিসমূহৰ গাত পানী পৰাৰ ব্যৱস্থা কৰা হয়৷ ইয়াক ক্যাংফ্ৰা বোলে৷৩ এই নাওখনৰ এটা মূৰত ভক্তসকলে পানী ঢালিলে, আনটো মূৰেৰে গৈ বুদ্ধ মূৰ্তিৰ গাত পৰে৷৪ পয় চাংকেনৰ আৰম্ভণিৰ দিনটোক ’পয় হেপ’ বোলে৷ সেইদিনা চাক্ৰিত বা চাগ্ৰেইট(পঞ্জিকা)ৰ সময় অনুযায়ী বুদ্ধ মূৰ্তিসমূহ বাহিৰলৈ আনি অস্থায়ী বেদীত স্থাপন কৰা হয়৷৫

পয় চাংকেনৰ বিধি

চাংকেন উৎসৱৰ মুখ্য আকৰ্ষণ হৈছে পৰিষ্কাৰ পানীৰ ছটিওৱাৰ জৰিয়তে কৰা হৰ্ষ-আনন্দ। এই পানী ছটিওৱা পৰ্ব শান্তি আৰু বিশুদ্ধতাৰ প্ৰতীক হিচাপে বিবেচিত হয়।৬নিৰ্দ্দিষ্ট দিনত বিহাৰৰ ঘণ্টাধ্বনি শুনাৰ লগে লগে সকলো গোট খাই গৌতম বুদ্ধৰ প্ৰতিচ্ছবি বা মূৰ্তি আচাৰানুষ্ঠানিক স্নানৰ বাবে শোভাযাত্ৰাৰে উলিয়াই নিয়া হয়। তাৰ পিছত অস্থায়ী বেদীত স্থাপন কৰি ৰাইজে বুদ্ধ, ধৰ্ম আৰু সংঘৰ নামত তিনিখন শৰাই আগবঢ়ায়৷ ভিক্ষুয়ে সেই শৰাই বেদীত উছৰ্গা কৰে৷ তাৰপিছত পুৰুষ-মহিলা দুটা শাৰীত ৰাইজে শোভাযাত্ৰা কৰি মূল বিহাৰলৈ আগবাঢ়ে৷ ৭এই শোভাযাত্ৰাত সাধাৰণতে ঢোল, নৃত্য আৰু হৰ্ষোল্লাসৰ পয়োভৰ থাকে। বুদ্ধদেৱৰ পৱিত্ৰ স্নান এক মাংগলিক কাৰ্যসূচী হিচাপে চিহ্নিত। প্ৰথম প্ৰধান ভিক্ষুৱে পানী ঢালি উৎসৱৰ শুভাৰম্ভণি কৰে আৰু তাৰ পিছত সকলোৱে বুদ্ধ মূৰ্তিত পানী ঢালে৷৮ উৎসৱ ৩ দিন ধৰি উদযাপিত হয় আৰু এই সময়চোৱাত অধিবাসীসকলে নিজৰ নিজৰ গৃহত কৰা পিঠা-পনা ইত্যাদি সকলোৰে মাজত বিলাই দিয়ে। ইজনে সিজনে উপহাৰ দিয়া পৰ্বও এই উৎসৱৰ আন এক অংশ। চাংকেনৰ উপৰিও খামতিসকলে বছৰৰ ভিন-ভিন সময়ত ভিন-ভিন উৎসৱ উদযাপন কৰে আৰু এইবোৰৰ ভিতৰত প'ই-পী-মাউ (টাই বা দাই নৱবৰ্ষ), মাই-কাচুং-ফাই, ফাও-ৱা, পৌৱাত-ৱা আদি উল্লেখনীয়।

বৌদ্ধ ধৰ্মাৱলম্বীলোকসকলৰ প্ৰত্যেক উৎসৱৰ উপলক্ষ বা উদযাপনৰ সৈতে বুদ্ধদেৱৰ নীতিসমূহ আৰু দীক্ষা সংপৃক্ত হৈ থাকে। তেওঁলোকৰ সকলো সামাজিক-সাংস্কৃতিক ক্ৰিয়াকলাপ ধৰ্মীয় লোকাচাৰেৰে সমৃদ্ধ। এই উৎসৱসমূহৰ সাৰমৰ্মই হৈছে মানুহৰ একত্ৰ সমাগমৰ যোগেদি তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ অন্তৰ্নিহিত মূল্যবোধসমূহৰ প্ৰসাৰ। বুদ্ধদেৱৰ অনুগামী হিচাপে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল শান্তি আৰু ঐক্যৰ প্ৰয়াসী। চাংকেন উৎসৱৰ জৰিয়তে শান্তি, সমন্বয় আৰু ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰা হয়। তেওঁলোকৰ শিষ্টাচাৰ, শিল্পকুশলতা আৰু ৰন্ধনপ্ৰণালী আৰু ক্ৰীড়াৰ নিপুণতাও এই উৎসৱৰ মাধ্যমেৰে প্ৰকাশিত হয়।

টাইফাকে জনগোষ্ঠী অসমৰ আপেক্ষিকভাৱে কম পৰিচিত বৌদ্ধ ধৰ্মাৱলম্বী আন এক নৃগোষ্ঠীয় গোট।৯ ২০০০ জনতকৈও কম জনসংখ্যাৰ এই ক্ষুদ্ৰ জনগোষ্ঠীৰ অধিকাংশই গ্ৰামাঞ্চলৰ অধিবাসী। অৱশ্যে এই ক্ষুদ্ৰ জনসমষ্টিয়েও তেওঁলোকৰ অনন্য জীৱনশৈলী, পৰম্পৰা আৰু সংস্কৃতি বৰ্তাই ৰাখিবলৈ চেষ্টা চলাই আহিছে।

চাংকেন উৎসৱৰ তিনিদিন

চাংকেন আৰম্ভ হোৱাৰ আগেয়ে উৎসৱকালীন সময়ত বুদ্ধৰ মূৰ্তি ৰাখিবৰ বাবে 'কিয়ুংফ্ৰা' ('Kyongfra') নামৰ এক বিশেষ অস্থায়ী মঠ সজা হয়। চাংকেনৰ সময়ত 'লুংকং' ('Lungkong') নামৰ বিশেষভাৱে নিৰ্মিত এক পানীৰ ঝাৰ্ণাৰ জৰিয়তে 'কিয়ুংফ্ৰা'ত পানী ছটিওৱা হয়। 'কিয়ুংফ্ৰা'ত ৰখা বুদ্ধৰ বিগ্ৰহত পৰিষ্কাৰ আৰু সুগন্ধিযুক্ত পানী ছটিয়াই স্নান কৰোৱাৰ পিছত পবিত্ৰ পানী হিচাপে ভক্তসকলে আদৰেৰে গ্ৰহণ কৰে। চাংকেন উৎসৱ তিনিদিন ধৰি উদযাপন কৰা হয়। উৎসৱৰ প্ৰথম দিনা এক মাংগলিক সময়ত বুদ্ধৰ বিগ্ৰহ আৰু প্ৰতিচ্ছবি মঠৰ পৰা উলিয়াই আনি এক আচাৰানুষ্ঠানিক স্নান কৰাই 'কিয়ুংফ্ৰা'ত ৰাখি ঢোল আৰু কৰতালেৰে শোভাযাত্ৰা কৰিবলৈ নিয়া হয়। অনুগামীসকলে প্ৰাৰ্থনা কৰাৰ পিছত মন্দিৰত মিঠাই আৰু অন্যান্য খাদ্য সামগ্ৰী উৎসৰ্গা কৰে আৰু তাৰ পিছত সকলোৰে মাজত সেয়া বিতৰণ কৰে। লগতে ভক্তসকলে পৰস্পৰৰ মাজত পানী ছটিয়ায়। বোধিবৃক্ষ, পবিত্ৰ গ্ৰন্থৰ শৈলিক ৰজ্জু, চাউচাংফাউ-উপুক (Chausangphau-upuk), আৰু চম্মুকাথিং (Sammukathing) ইত্যাদি পবিত্ৰ উপকৰণসমূহতো পানী ছটিওৱা হয়। গোটেই বছৰজুৰি সৌভাগ্য, শান্তি আৰু ঐক্যৰ আশীৰ্বাদ আহ্বানেৰে ভিক্ষুকসকলৰ ওপৰতো পানী ছটিওৱা হয়। ১০

চাংকেন উৎসৱৰ অন্তিমদিনা এক নিৰ্দিষ্ট সময়ত বুদ্ধৰ বিগ্ৰহসমূহ আদিস্তানলৈ ঘূৰাই নিয়া হয় আৰু ইয়াৰ জৰিয়তে পুৰণি বৰ্ষৰ সমাপ্তি চিহ্নিত কৰা হয়। চাংকেন উৎসৱৰ জৰিয়তে পুৰণি বৰ্ষলৈ বিদায় আৰু নৱবৰ্ষলৈ উষ্ম আদৰণি জনোৱা হয়।

চাংকেন উৎসৱৰ পৰিসমাপ্তিত 'প'ই চাংকেন'ৰ সময়ত সামূহিক প্ৰাৰ্থনা আৰু ভোজেৰে নৱবৰ্ষক স্বাগতম জনোৱা হয়। এই দিনটোক নিষ্ঠা আৰু উৎসাহেৰে উদযাপন কৰা হয়। অংশগ্ৰহণকাৰীসকল মঠৰ প্ৰক্ষালন আৰু শুদ্ধিকৰণৰ বাবে বৌদ্ধবিহাৰলৈ যাত্ৰা কৰে। এই উৎসৱৰ জৰিয়তে বুদ্ধক উপাসনাৰ জৰিয়তে মানৱজাতিৰ কল্যাণ আৰু সমৃদ্ধি কামনা কৰা হয়।

সম্পৰ্কিত উৎসৱসমূহ

পই চেং কেন

পাই চেং কেন হৈছে ষাঠি বছৰীয়া আৱৰ্তনৰ পৰম্পৰাগত আহোম মাহ ডুইন-হা-ত পালন কৰা টাই-আহোম লোকসকল পৰম্পৰাগত বসন্ত উৎসৱ। এই উৎসৱত বিশেষকৈ ঘৰুৱা গৰু-ম'হবোৰ গা ধুই, পূৰ্বপুৰুষসকলক স্মৰণ কৰি আৰু চুম ফা ৰুঙ চেং মূং চিহ্নৰ পূজা কৰা হয়। চেং কেনৰ ৰীতি-নীতিৰ বিষয়ে প্ৰাচীন পুথি ক্ষেক লাই বেটত বৰ্ণনা কৰা হৈছে। উল্লেখ কৰা অনুসৰিঃ

Duin ha jao pai ka duin ruk Poi cheng ken ao ma, hu ap nam, khai ap nam...., ‘the month of Duin-ha is gone. The Poi cheng ken came in the month of Duin-ruk. Cows and buffaloes are washed with water.

চঙক্ৰান

চাংকেন বিদেশতো উদযাপন কৰা দেখা যায়। আন ঠাইত বহুতো বৌদ্ধ আছে য 'ত এই উৎসৱ উৎসাহেৰে উদযাপন কৰা হয়। দক্ষিণ পূব এছিয়াৰ আন দেশসমূহত চাংকেনক চংক্ৰান হিচাপে উদযাপন কৰা হয়। থাইলেণ্ড, লাওচ আদি দেশসমূহত চংক্ৰান হৈছে নৱবৰ্ষ। আনহাতে টাই ফাকে মানৱজাতিক কু-আচৰণৰ পৰা সুৰক্ষা, শান্তি, সম্প্ৰীতি, সৌভাগ্য আৰু সুস্বাস্থ্যৰ বাবে বুদ্ধৰ আশীৰ্বাদৰ আহ্বান কৰিবলৈ চাংকেন উদযাপন কৰে।১১

তথ্যসূত্ৰ

  1. ↑ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি, মৃগেন শৰ্মা, পৃ:নং; ১৪৫, চন্দ্ৰ প্ৰকাশ, ২০১৪
  2. ↑ অসমৰ বৌদ্ধ ধৰ্ম্মাৱলম্বী টাই সকলৰ জনজীৱনত এভূমুকি, ড° বন্তি ৰাণী গগৈ ফুকন, পৃ:নং; ৪৬, প্ৰকাশক: চাও বিদ্যা বৰগোহাঞি, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০০২
  3. ↑ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি, মৃগেন শৰ্মা, পৃ:নং; ১৪৬, চন্দ্ৰ প্ৰকাশ, ২০১৪
  4. ↑ অসমৰ লোকসংস্কৃতি ২, চাও লোকেশ্বৰ গগৈ, পৃ:নং; ৩২৪, ক্ৰান্তিকাল প্ৰকাশন, ২০১১
  5. ↑ অসমৰ বৌদ্ধ ধৰ্ম্মাৱলম্বী টাই সকলৰ জনজীৱনত এভূমুকি, ড° বন্তি ৰাণী গগৈ ফুকন, পৃ:নং; ৪৭, প্ৰকাশক: চাও বিদ্যা বৰগোহাঞি, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০০২
  6. ↑ Irani Sonowal Lepcha. (April 15, 2019). Arunachal: How Sangken, the fest of water, washes away impurities. Arunachal: How Sangken, the fest of water, washes away impurities. East Mojo
  7. ↑ অসমৰ বৌদ্ধ ধৰ্ম্মাৱলম্বী টাই সকলৰ জনজীৱনত এভূমুকি, ড° বন্তি ৰাণী গগৈ ফুকন, পৃ:নং; ৪৭, প্ৰকাশক: চাও বিদ্যা বৰগোহাঞি, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০০২
  8. ↑ অসমৰ বৌদ্ধ ধৰ্ম্মাৱলম্বী টাই সকলৰ জনজীৱনত এভূমুকি, ড° বন্তি ৰাণী গগৈ ফুকন, পৃ:নং; ৪৭, প্ৰকাশক: চাও বিদ্যা বৰগোহাঞি, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০০২
  9. ↑ (13 February 2014). The Tai Phake. Seven Sisters Project
  10. ↑ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি, মৃগেন শৰ্মা, পৃ:নং; ১৪৭, চন্দ্ৰ প্ৰকাশ, ২০১৪
  11. ↑ SONGKRAN. thaiworldview.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাংকেন” প্ৰবন্ধৰ সংশোধন ৫৬৯০১৫ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।