অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চক্ৰধ্বজ সিংহ (নাটক)

চক্ৰধ্বজ সিংহ (Chakraddhaj Singha) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য ঐতিহাসিক নাটক। এই নাটকৰ কথাবস্তু বেজবৰুৱাই প্ৰধানকৈ হেমচন্দ্ৰ গোস্বামীৰ শৰাইঘাটৰ যুদ্ধ নামৰ প্ৰবন্ধৰ পৰা চয়ন কৰিছে। অসমৰ অতীত গৌৰৱ অসমীয়াৰ আগত দাঙি ধৰিবলৈহে বেজবৰুৱাই এই নাটকখন ৰচনা কৰিছিল।

হালনাগাদ: ১৭ জুন ২০২২ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

চক্ৰধ্বজ সিংহ (Chakraddhaj Singha) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য ঐতিহাসিক নাটক। এই নাটকৰ কথাবস্তু বেজবৰুৱাই প্ৰধানকৈ হেমচন্দ্ৰ গোস্বামীৰ শৰাইঘাটৰ যুদ্ধ নামৰ প্ৰবন্ধৰ পৰা চয়ন কৰিছে।১ অসমৰ অতীত গৌৰৱ অসমীয়াৰ আগত দাঙি ধৰিবলৈহে বেজবৰুৱাই এই নাটকখন ৰচনা কৰিছিল। ঐতিহাসিক নাটকৰূপে এই নাটকখনৰ অসমীয়া নাট সাহিত্যৰ বুৰঞ্জীত এক সুকীয়া স্থান আছে।

লেখকৰ বিষয়ে

মূল প্ৰবন্ধ: লক্ষ্মীনাথ বেজবৰুৱা'লক্ষ্মীনাথ বেজবৰুৱা' (Laksminath Bezbarua; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।

কথাবস্তু

স্বৰ্গদেউ চ্যু-পং-মু'ঙৰ ৰাজত্ব কালত লাচিত বৰফুকনৰ নেতৃত্বত মোগল সৈন্যৰ বিৰুদ্ধে দুটা সাৰ্থক অভিযান চলোৱাৰ কথা নাটকখনত নাট্যৰূপ দিয়া হৈছে। নাটকখনৰ কথাবস্তুৰ অন্তৰ্গত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেই সাৰ্থক অভিযান দুটা হ’ল:

  • চৈয়দ চানা আৰু চৈয়দ ফিৰোজৰ বিৰুদ্ধে বাঁহবাৰী, কাজলীমুখত সাৰ্থক অভিযান চলাই শেষত মোগলৰ হাতৰ পৰা গুৱাহাটী অধিকাৰ কৰা।
  • ইয়াৰ পিছতে ৰামসিংহই অসম আক্ৰমণ কৰি শৰাইঘাটৰ যুদ্ধত বেয়াকৈ পৰাস্ত হোৱা।১

সমালোচনা

চক্ৰধ্বজ সিংহৰ নাটকখনত ৱিলিয়াম শ্বেইক্সপিয়াৰৰ নাটকৰ প্ৰভাৱ আছে।২ এই সম্পৰ্কত নাটকখনৰ পাতনিতে বেজবৰুৱাদেৱে কৈছে, “মহাকবি শ্বেইক্সপীয়েৰৰ প্ৰিন্স হেনৰি, ফলষ্টাফ আৰু তেওঁলোকৰৰ লগৰীয়াসকলৰ চৰিত্ৰৰ চানেকিৰ কিছু দূৰ অনুসৰণ কৰি এই নাটৰ প্ৰিয়ৰাম আৰু গজপুৰীয়া প্ৰভৃতিৰ চৰিত্ৰ গঠন কৰা হৈছে। মহাকবিৰ পদাংক অনুসৰণ কৰি তেওঁৰ আশীৰ্বাদৰ কণমান লাভৰ ভিকহু হোৱাহে লেখকৰ মনস্কামনা।”

চৰিত্ৰ

বেজবৰুৱাদেৱে প্ৰিয়ৰাম, গজপুৰীয়া আদি চৰিত্ৰকেইটা শ্বেইক্সপীয়েৰৰ ‘চতুৰ্থ হেনৰী’ নাটকৰ ৰাজকুমাৰ হেন্‌ৰী, ফলষ্টাফ আৰু তেওঁলোকৰ লগৰীয়াসকলৰ আলমত নিৰ্মাণ কৰিছে। তেওঁ প্ৰতিটো চৰিত্ৰকে অসমীয়া সাঁচত একোটা মৌলিক চৰিত্ৰলৈ ৰূপান্তৰ কৰিছে।২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ সুব্ৰত জ্যোতি নেওগ. (২০১৩). লক্ষীনাথ বেজবৰুৱাৰ নাটক. দৈনিক জনমভূমি. পৃ. ৭ পৃষ্ঠা
  2. ↑ সুব্ৰত জ্যোতি নেওগ. (২০১৩). লক্ষীনাথ বেজবৰুৱাৰ নাটক – ৬ জুলাই. দৈনিক জনমভূমি. পৃ. ৭ পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া নাটকলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চক্ৰধ্বজ সিংহ (নাটক)” প্ৰবন্ধৰ সংশোধন ৩২৪৩৩৮ (১৭ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।