চিদলী-চিৰাং বিধানসভা সমষ্টি ( Sidli–Chirang Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ অন্যতম। ২০২৩ চনৰ ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ ১৯ নম্বৰ বিধানসভা সমষ্টি হিচাপে গঠন কৰা হয়।
ভৌগোলিক অৱস্থিতি
এই সমষ্টিটো অসমৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত চিৰাং জিলাত অৱস্থিত। এই আসনখন অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অংশ।
বিধানসভাৰ সদস্যসকল
২০২৩ চনৰ নতুন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটোত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ বিধায়কসকলৰ তালিকা তলত দিয়া ধৰণৰ:
- ২০২৬: পানীৰাম ব্ৰহ্ম, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ মিত্ৰতা)
নিৰ্বাচনৰ ফলাফল
২০২৬ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ ৰঞ্জিত বসুমতাৰীক ৩৮,৬০১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিৰ্বাচিত হয়।১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Assam Assembly Election Results 2026 - Constituencywise S0319. Election Commission of India
- ↑ Sidli Chirang Election Results 2026 - Assam Assembly Election Results. NDTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিদলী-চিৰাং বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৩৭২৮ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।