সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰী (Satyendra Narayan Chowdhury, জন্মঃ ১৯ অক্টোবৰ ১৯২৬) অসমৰ এজন ৰেচম বিজ্ঞানী আৰু ডি.এচচি. ডিগ্ৰী পোৱা ভাৰতৰ প্ৰথমজন ৰেচম বিজ্ঞানী আৰু বিজ্ঞানত এই ডিগ্ৰী পোৱা অসমৰ প্ৰথমজন ব্যক্তি।১ সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰীক Father of Muga বুলি অভিহিত কৰা হৈছে।২
শৈক্ষিক পৰিক্ৰমা
সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে স্কুলীয়া শিক্ষা ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰ এল.পি স্কুল আৰু ডিব্ৰুগড়ৰ চৰকাৰী ল'ৰা হাইস্কুলত গ্ৰহণ কৰিছিল।১হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে। কটন কলেজৰ পৰা আই.এ.চি উত্তীৰ্ণ হৈ ১৯৪৭ চনত বি.এচচি ডিগ্ৰী লাভ কৰে আৰু ১৯৪৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞানত পতঙ্গতত্ত্বক বিশেষ কাকত হিচাপে লৈ প্ৰথম শ্ৰেণীসহ এম.এচচি ডিগ্ৰী লাভ কৰে।১৩১৯৬৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডি.এচচি. ডিগ্ৰী লাভ কৰে। সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰী হ'ল ডি.এচচি. ডিগ্ৰী পোৱা ভাৰতৰ প্ৰথমজন ৰেচম বিজ্ঞানী আৰু বিজ্ঞানত এই ডিগ্ৰী পোৱা অসমৰ প্ৰথমজন ব্যক্তি।৩
পৰিয়াল পৰিচিতি
সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পিতৃৰ নাম গঙ্গাৰাম চৌধুৰী আৰু মাতৃ অনদা চৌধুৰী। গঙ্গাৰাম চৌধুৰী নলবাৰীৰ পৰা আহি ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰৰ বাসিন্দা হৈছিল।১ তেখেত বাস কৰা অঞ্চলটি এতিয়া গঙ্গাপাৰা নামেৰে জনাজাত।১ গঙ্গাৰাম চৌধুৰীৰ দ্বিতীয় পত্নীৰ আঠজন পুত্ৰ আৰু তিনি গৰাকী কন্যাৰ ভিতৰত সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰী আছিল তৃতীয় পুত্ৰ।১ ১৯৬৪ চনত গুৱাহাটীৰ কনকলাল বৰুৱাৰ কন্যা নীৰা বৰুৱাৰ সৈতে সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰী বিবাহ পাশত আবদ্ধ হয়।১
বিদেশ যাত্ৰা
১৯৫১ চনত Lazzaro Spallanzani Institute of Zoology, University of PAVIA (Italy)-ত সহকাৰী প্ৰবক্তা আৰু সহযোগী গৱেষণা সহায়ক হিচাপে যোগদান আৰু প্ৰাধ্যাপক কাৰ্লো জুচি (Carlo Jucci)-ৰ অধীনত ৰেচম পতঙ্গৰ বংশীয় দিশ (Genetics of Silkworm) সম্পৰ্কে গৱেষণা।৩ ১৯৬৮ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত বংশীয় দিশ সম্পৰ্কীয় আন্তৰ্জাতিক সন্মিলনত অংশগ্ৰহণ।৩
কৰ্ম জীৱন
১৯৫৫ চনত আঞ্চলিক ৰেচম কেন্দ্ৰৰ গৱেষণা বিষয়া হিচাপে যোগদান।৩ তাৰ লগতে তিতাবৰত অৱস্থিত ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ। ১৯৭২ চনত অসম চৰকাৰৰ ৰেচম আৰু হস্ততাঁত বিভাগৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ।৩ ১৯৮৪ চনত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ ৰেচম বিভাগত অতিথি বিজ্ঞানী/অধ্যাপক হিচাপে যোগদান।৩ ১৯১৯ চনতে ব্ৰিটিছে তিতাবৰত চৰকাৰী ৰেচম পাম গঢ়ি তুলিছিল। ৯.৮৩ হেক্টৰৰ এই ৰেচম পামখনত কাৰ্যনিৰ্বাহ কৰা চৌধুৰীক লগ পাবলৈ জাপানৰ ৰেচম বিজ্ঞানী ৱাই টাজিমা অসমলৈ আহিছিল।৪
সন্মান লাভ
- ১৯৭৬ চনত ৰাষ্ট্ৰসংঘৰ Drug Abuse Control Programme (PNULAD) অধীনত লাওচৰ এৰী পলু পালনৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ।
- ১৯৭৮ চনত ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান উত্তৰ-পূব পৰিষদ (শ্বিলং)ৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ।
- ২০০২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান।
প্ৰকাশিত গ্ৰন্থ
ইংৰাজী ভাষাত ৰচিত গ্ৰন্থসমূহ হ'ল৩-
- Sericulture in Assam
- Silkworm and its Culture
- Eri Silk Industry
- Muga Silk Industry
- Mulberry Silk Industry
- Non-Mulberry Sericulture in India
- Reorientation of Sericulture in Assam
- Silk and Sericulture
- India's North East (Industrial Resources and Opportunities)
- Drug and Narcotics
- Horse and Civilization
- Silkworm and Host Plants (A Biological Approach)
- Technique of Research in Sericulture and Statistical Approach
- Sericulture and Weaving (An Overview)
- Food and Nutrition
- Evolution of Mankind (Culture and Civilization)
- Science, Technology and Society
- Green Grub and Golden Glamour
- Biology of Silkworms and Host Plants (Include systematics, genetics, cytology, embryology, physiology, biochemistry, pathology etc.)
অসমীয়া ভাষাত ৰচিত গ্ৰন্থসমূহ -
- ৰিহা উদ্যোগ
- এৰী মুগা পাট
তথ্যসূত্ৰ
- ↑ ড° দুৰ্গাপ্ৰসাদ খনিকৰ. (২০১২). ওলগ (সম্পাদিত সম্বৰ্ধনা পুস্তিকা). আহ্বায়ক মণ্ডলী ড° সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ওপজা দিনৰ ওলগ জ্ঞাপন সমিতি. পৃ. ৩০-৩৩
- ↑ Ole Zethner, Rie Koustrup, Dilip Barooah. (April, 2014 (Second Published)). Indian Ways of Silk. Bhabani Books, Guwahati - 26, Assam. পৃ. 37. ISBN 978-93-81139-79-0
- ↑ Satyendra Narayan Chowdhury. (2005). Biology of silkworms and host plants. পৃ. Back flap of the dust jacket
- ↑ শতবৰ্ষ গৰকা এখন ৰেচম পাম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যেন্দ্ৰ নাৰায়ণ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৩৫৮৬৫ (২৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।