সদা বেজবৰুৱা (Soda Bezboruah) হৈছে এগৰাকী অসমীয়া সাহিত্যৰ লেখক।
জন্ম আৰু বংশ পৰিচয়
২৮ ফ্ৰেব্ৰুৱাৰী, ১৯৩৪ চনত তেখেতৰ জন্ম হয়। পিতৃৰ নাম মুকুটৰাম বেজবৰুৱা।১
শিক্ষা
- তেখেতে আউনীআটী কমলদেৱ,কটন কলেজিয়েট উচ্চ বিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰে। বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। বেজবৰুৱাদেৱে স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া ভাষা শাখাত লাভ কৰে।
- তেখেতে ১৯৬২ চনৰ পৰা ১৯৬৪ চনলৈ Institute of Oriental Philosophy, Vrindaban, U.P ত গৱেষণা শেষ কৰিছিল। ১৯৬৮ত Assamese Version of the Mahabharata during the Vaisnava Period বিষয়ত D. Phil ডিগ্ৰী লাভ কৰে।
চাকৰি জীৱন
- সদা বেজবৰুৱাই চাংসাৰি আৰু হেকৰা উচ্চ বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে কাম কৰিছিল।
- ১৯৬৪ চনৰ পৰা ১৯৯৪ চনলৈ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল।
- ১৯৯৫ চনৰ পৰা ধুবুৰী আদালতত অধিবক্তাৰ কাম কৰিছিল।
- ধুবুৰী আইন মহাবিদ্যালয়ৰ প্ৰবক্তা ১৯৯৯ চনৰ পৰা ২০০১ চনলৈ। ২
সাহিত্যৰাজি
সদা বেজবৰুৱাৰ ১৯৫৯ৰ পৰা প্ৰবন্ধ প্ৰকাশ হৈছিল।
প্ৰকাশিত গ্ৰন্থ
- জ্যোতি, (১৯৯৯) (প্ৰবন্ধ)
- হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত
- হৰ-গৌৰী সংবাদ
- কবিৰত্ন সৰস্বতীৰ জয়দ্ৰথ বধ
- ৰুদ্ৰ কন্দলীৰ সাত্যকি প্ৰৱেশ।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সদা বেজবৰুৱা” প্ৰবন্ধৰ সংশোধন ২৯৭৪১৭ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।