শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় ডিব্ৰুগড় জিলাৰ চাবুৱাত অৱস্থিত এখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৮ চনৰ ছেপ্টেম্বৰত গৃহীত কৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় বিধেয়ক, ২০১৮ৰ অধীনত স্থাপন কৰিছে। বিশ্ববিদ্যালয়খন ২০২০ চনৰ ১০ জুলাই তাৰিখৰ পৰা কাৰ্যক্ষম হয়। বিশ্ববিদ্যালয়খনৰ নাম বৈষ্ণৱ ধৰ্মপ্ৰচাৰক ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নামেৰে নামাকৰণ কৰা হৈছে। এইখন অসমৰ প্ৰথম আৰু ভাৰতৰ চতুৰ্থ কাৰ্যক্ষম চতুৰ্থ ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়।
ইতিহাস
২০১৮ চনৰ ২৭ মে' তাৰিখে তিনিচুকীয়া জিলাৰ আই টি আই খেলপথাৰত মটক জনগোষ্ঠীৰ বিভিন্ন সামাজিক-সাংস্কৃতিক যুৱ আৰু ছাত্ৰ সংগঠনৰ দ্বাৰা আয়োজিত ২১৩ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আৰু মটক জনগোষ্ঠীয় সংস্কৃতিক সমাৰোহৰ লগত সংগতি ৰাখি প্ৰদান কৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলাৰ চাবুৱাত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নামেৰে ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰে কথা ঘোষণা কৰিছিল।১ সেই মৰ্মে ২০১৮ চনৰ ২৬ ছেপ্টেম্বৰত অসম বিধানসভাত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় বিধেয়ক, ২০১৮ উপস্থাপন কৰা হৈছিল।২ বিধেয়কখন বিধানসভাত গৃহীত হোৱাৰ পিছত বিশ্ববিদ্যালয়খনৰ স্থাপনৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হয়।৩ ২০২০ চনৰ ১০ জুলাই তাৰিখে অসম চৰকাৰে অধ্যাপক জয় প্ৰকাশ বাৰ্মাক বিশ্ববিদ্যালয়খনৰ প্ৰথম উপাচাৰ্য হিচাপে নিযুক্ত কৰে।৪ তেওঁ মধ্য প্ৰদেশত গোৱালিৱৰত অৱস্থিত লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ ক্ৰীড়া মনোবিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক।
শৈক্ষিক দিশ
বিশ্ববিদ্যালয়খনে ২০২০-২১ শিক্ষাবৰ্ষৰ পৰা শাৰীৰিক শিক্ষা-বিপিএড (অনাৰ্চ) পাঠ্যক্ৰমত এক, দুই বা তিনি বছৰ সম্পূৰ্ণ হোৱাৰ পিছত "exit point" ৰ সৈতে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়াযইছে আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি ক্ৰমান্বয়ে প্ৰমাণপত্ৰ, ডিপ্ল'মা বা স্নাতক ডিগ্ৰী প্ৰদান কৰি যাব।৫
অৱস্থান
বৰ্তমান বিশ্ববিদ্যালয়খন ডিব্ৰুগড় জিলাৰ চৌকিডিঙিত অৱস্থিত জিলা ঔদ্যোগিক আৰু বাণিজ্য কেন্দ্ৰৰ দ্বিতীয় মহলাৰ পৰা অস্থায়ী চৌহদৰ পৰা কাৰ্যক্ষম হৈছে। চাবুৱাৰ বালিজান অঞ্চলৰ পানী এৰা গাঁৱৰ স্থায়ী চৌহদৰ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হলে বিশ্ববিদ্যালয়খন তালৈ স্থানান্তৰ কৰা হ'ব।
তথ্যসূত্ৰ
- ↑ (28 May 2018). সুকীয়া বৈশিষ্টৰে সমৃদ্ধ মটক সকল নিৰ্ভীক আৰু সাহসী জাতি’- স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱাল. The Northeast Now. নৰ্থইষ্ট নাও
- ↑ (17 December 2018). The Assam Sri Sri Aniruddhadeva Sports University Act, 2018. Assam Gazette. অসম চৰকাৰ
- ↑ (29 September 2018). Sports University bill tabled. www.sentinelassam.com
- ↑ Hussain, Javed. (9 July 2020). Prof Verma takes charge as VC of Aniruddhadeva Sports University. Janmabhumi
- ↑ dibrugarh24x7.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮৫৮৯৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।