অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস

শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস বৰপেটা জিলাৰ সুন্দৰীদিয়া সত্ৰত জন্মগ্ৰহণ কৰা এগৰাকী সমাজসেৱী, সাহিত্যিক আৰু শিক্ষক আছিল৷ তেওঁৰ পিতৃৰ নাম আছিল কেৱলৰাম আৰু মাতৃৰ নাম দময়ন্তী৷ জন্মস্থান সুন্দৰীদিয়াতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি মজলীয়া বৃত্তি পৰীক্ষাত কামৰূপ জিলাৰ ভিতৰতে প্ৰথম হৈ বৰপেটা হাইস্কুলত নাম লগায়৷…

হালনাগাদ: ১১ জুলাই ২০২৩ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস বৰপেটা জিলাৰ সুন্দৰীদিয়া সত্ৰত জন্মগ্ৰহণ কৰা এগৰাকী সমাজসেৱী, সাহিত্যিক আৰু শিক্ষক আছিল৷ তেওঁৰ পিতৃৰ নাম আছিল কেৱলৰাম আৰু মাতৃৰ নাম দময়ন্তী৷ জন্মস্থান সুন্দৰীদিয়াতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি মজলীয়া বৃত্তি পৰীক্ষাত কামৰূপ জিলাৰ ভিতৰতে প্ৰথম হৈ বৰপেটা হাইস্কুলত নাম লগায়৷ অষ্টম মানৰ পিছত তেওঁ যোৰহাট নৰ্মাল স্কুলত ভৰ্তি হয় আৰু তাৰপৰাই নৰ্মাল স্কুল পৰীক্ষাত উত্তীৰ্ণ হয়৷১

কৰ্ম জীৱন

যোৰহাটৰ পৰা ১৯২৮ চনত নৰ্মাল স্কুলৰ শেষ পৰীক্ষা দি ঘৰলৈ উভতি অহা শ্ৰীৰাম চন্দ্ৰ দাসে কিছুবছৰ পিছত বৰপেটা উচ্চ ইংৰাজী বিদ্যালয়ৰ এটি অস্থায়ী শিক্ষকৰ পদত যোগদান কৰে৷ ইয়াৰ আগতে তেওঁ চকচকা গৱৰ্ণমেণ্ট মজলীয়া বিদ্যালয়, টংলাৰ চাটবাৰী চৰকাৰী মজলীয়া বিদ্যালয়, নগাঁও উচ্চ ইংৰাজী বিদ্যালয়, কাকজান মজলীয়া বিদ্যালয়, লক্ষীমপুৰ উচ্চ ইংৰাজী বিদ্যালয়, যোৰহাট চৰকাৰী বিদ্যালয়, ডিব্ৰুগড় চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত অস্থায়ীভাৱে কাম কৰিছিল৷ অস্থায়ীভাৱে নগাঁও, শিৱসাগৰ আদিত আনন্দ চন্দ্ৰ আগৰৱালা, পদ্মধৰ চলিহা, উমা কান্ত গগৈ, ভগৱতী প্ৰসাদ বৰুৱা, ডিম্বেশ্বৰ নেওগ আদি সাহিত্যিকক লগ পাই সাহিত্য সৃষ্টিৰ বাবে অনুপ্ৰেৰণা লাভ কৰিছিল৷ বৰপেটা হাইস্কুলৰ পৰা তেওঁ গোলাঘাটলৈ বদলি হৈছিল আৰু তাতেই বিদ্যালয়সমূহৰ সহকাৰী পৰিদৰ্শকৰ পদলৈ উন্নীত হৈছিল৷ ২

সাহিত্য কৃতি

শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাসৰ লোক-সাহিত্য-সংস্কৃতিৰ প্ৰতি বিশেষ ধাউতি আছিল৷ বৰপেটাত প্ৰচলিত নাও খেলৰ গীত, হোলী গীত, মহো-হো গীত আদি তেওঁ সুৰ লগাই গাবও পাৰিছিল আৰু ইয়াৰ চৰ্চা তেওঁ য’তে থাকে ত’তে কৰিছিল৷ তেওঁৰ লোকগীতৰ সংগ্ৰহ “মোৰ আইৰ প্ৰাণৰ গীত’’, “অসমীয়া জন সাহিত্যৰ পাৰিজাত’’; “ফকৰা যোজনা’’, “জনসাহিত্যৰ ফুল-চন্দন’’, “নতুন সুৰৰ নতুন ছন্দ’’; গল্প পুথি “দেশৰ চাকি’’, “অনশন’’ “কলিয়া জানো বলিয়া’’; শিশু সাহিত্য “মিনতি’’, “কাতৰি’’, “জয়তি’’ আদি উল্লেখযোগ্য সাহিত্য পুথি৷২

বঁটা, সন্মান

১৯৫৩ চনত শ্বিলঙত বহা অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকুমাৰ ভূঞাই শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাসক “লোক সাহিত্য বিশাৰদ’’ খ্যাতি প্ৰদান কৰিছিল৷ ১৯৬৩ চনত অসম চৰকাৰে সাহিত্যিক পেন্সন প্ৰদান কৰিছিল৷২

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ. (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃ. ২৪৯. ISBN 978-81-7339-428-7
  2. ↑ তালুকদাৰ, গোবিন্দ. (১৯৮৭). জন সাহিত্যৰ মধুকৰ, শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস. দিপান্বিতা তালুকদাৰ

সম্পৰ্কিত শ্ৰেণী

অসমৰ সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস” প্ৰবন্ধৰ সংশোধন ৩৭১৪১৫ (১১ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।