শ্বীনা বৰা মুম্বাইস্থিত মুম্বাই মেট্ৰ' ওৱান নামৰ প্ৰতিষ্ঠানৰ এগৰাকী কাৰ্য্যবাহী বিষয়া আছিল আৰু তেওঁ এপ্ৰিল, ২০১২ চনৰ পৰা ৰহস্যজনক ভাৱে অন্তৰ্ধান হৈ আছে। আগষ্ট,২০১৫ ত মুম্বাইস্থিত সংবাদ-উদ্যোগী আৰু এক প্ৰখ্যাত সংবাদ-প্ৰতিষ্ঠানমালাৰ প্ৰতিষ্ঠাপিকা আৰু মুখ্য-কাৰ্য্যবাহী বিষয়া পৰী বৰা ওৰফে ইন্দ্ৰানী বৰা ওৰফে ইন্দ্ৰানী মুকাৰ্জী আৰু তেখেতৰ গাড়ীচালক শ্যামবৰ পিন্তোৰাম ৰায় আৰু পূৰ্ব-স্বামী সঞ্জীৱ খান্না নামৰ তিনিজন লোকৰ ওপৰত শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগ সানি মুম্বাই পুলিছে তেওঁলোকক আটক কৰে। পুনৰ নৱেম্বৰ, ২০১৫ ত ভাৰতৰ তদন্তকাৰী সংস্থা চিবিআয়ে পৰী বৰাৰ স্বামী পিটাৰ মুকাৰ্জীকো শ্বীনা বৰাৰ হত্যা আৰু অপৰাধিক ষড়যন্ত্ৰত অভিযুক্ত কৰি আটক কৰে।১ শ্যামবৰ আৰু সঞ্জীৱ খান্নাই হত্যাৰ অভিযোগ স্বীকাৰ কৰে যদিও ইন্দ্ৰানী বৰাৰ ভাষ্যমতে শ্বীনা বৰা জীৱিত আৰু এতিয়া আমেৰিকাত বসবাস কৰি আছে।
জন্ম পৰিচয় আৰু খেলিমেলি
গুৱাহাটী স্থিত জন্ম-মৃত্যু পঞ্জীয়নৰ মুখ্য পঞ্জীয়কৰ দ্বাৰা দিয়া শ্বীনা বৰাৰ জন্ম প্ৰমাণ-পত্ৰ আৰু বামুনীমৈদাম স্থিত অসম মাধ্যমিক শিক্ষা পৰিষদে (অসম মাধ্যমিক শিক্ষা পৰিষদ,Board of Secondary Education, Assam) দিয়া শ্বীনা বৰাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰৱেশ-পত্ৰত উল্লেখ থকা মতে শ্বীনা বৰাৰ পিতৃৰ নাম উপেন্দ্ৰ কুমাৰ বৰা আৰু মাতৃৰ নাম দুৰ্গাৰাণী বৰা আৰু জন্মৰ তাৰিখ ১১ ফেব্ৰুৱাৰী, ১৯৮৭।২ দুয়োখন প্ৰমাণ পত্ৰকে ভাৰতত চৰকাৰী ভাৱে জন্ম পৰিচয় আৰু তাৰিখৰ আইনী নথি হিচাপে গণ্য কৰা হয়।
শ্বীনা বৰাৰ জন্ম দৰাচলতে ১৯৮৭ চনত মেঘালয়ৰ চিলঙত আৰু পৰী বৰা ওৰফে ইন্দ্ৰানী বৰা ওৰফে ইন্দ্ৰানী মুকাৰ্জীৰ গৰ্ভত হৈছিল বুলি কৈ সিদ্ধাৰ্থ দাস নামৰ কলিকতাস্থিত এজন ব্যৱসায়ীয়ে নিজকে শ্বীনাৰ জৈৱিক পিতৃ বুলি পৰিচয় দিছে।
উপেন্দ্ৰ কুমাৰ বৰা আৰু দুৰ্গাৰাণী বৰা দৰাচলতে পৰী বৰা ওৰফে ইন্দ্ৰানী বৰা ওৰফে ইন্দ্ৰানী মুকাৰ্জীৰ প্ৰকৃত পিতৃ-মাতৃ আৰু ইন্দ্ৰানীয়ে শ্বীনা বৰাক নিজৰ ভনীয়েক হিচাপে পৰিচয় দিছিল বুলি জনা যায়।
বাল্যকাল
কিছুমান সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে শ্বীনাৰ জন্মৰ সময়তে তেওঁৰ পিতৃ হিচাপে বৰ্তমান পৰিচয় দিয়া অসমৰ কৰিমগঞ্জৰ সিদ্ধাৰ্থ দাস নামৰ লোকজন বাংলাদেশলৈ পলাই গৈছিল আৰু তাৰপিছত ঘূৰি আহি কলিকতাত আত্মগোপন কৰি আছিল। শেহতীয়া ভাৱে কলিকতাত তেওঁক বিচাৰি পোৱাৰ সময়ত তেওঁ পুনৰ্বিবাহ কৰা আৰু এটি পুত্ৰ-সন্তান থকাৰ কথা পোহৰলৈ আহে। সিদ্ধাৰ্থ দাসৰ নিজৰ ভাষ্য অনুসৰি পৰী ওৰফে ইন্দ্ৰানীৰ লগত তেওঁৰ কেতিয়াও সামাজিকভাৱে বিবাহ হোৱা নাছিল কিন্তু তেওঁ পৰী ওৰফে ইন্দ্ৰানীৰ গুৱাহাটীৰ সুন্দৰপুৰস্থিত বাসগৃহত থাকিবলৈ লৈছিল য'ত পৰীৰ পিতৃ উপেন্দ্ৰ কুমাৰ বৰাৰ উদ্যোগত ব্যৱসায়-কৰ্মত হাত দি অসফল হৈছিল। সিদ্বাৰ্থ দাসে শ্বীনা আৰু লগতে মিখাইল তেওঁৰ আৰু পৰীৰ নিজৰ সন্তান আছিল বুলি প্ৰকাশ কৰে।
সিদ্ধাৰ্থৰ পলায়ন আৰু আত্মগোপনৰ পাছত ইন্দ্ৰানীয়ে একপক্ষীয় ভাৱে সিদ্ধাৰ্থৰ পৰা বিচ্ছেদ হোৱা বুলি আইনী শপতনামা জাৰী কৰি তিনিবছৰীয়া শ্বীনা আৰু তাইৰ ভায়েক মিখাইলক নিজৰ মাক-দেউতাকৰ লগত থৈ কলিকতালৈ উচ্চ শিক্ষাৰ বাবে গুচি যায়। শ্বীনা আৰু তাইৰ ভায়েক মিখাইলক তেওঁলোকৰ ককাক-আইতাকে পিতৃ-মাতৃৰ পৰিচয় দি ডাঙৰ দীঘল কৰি থাকে। জনা যায় ইন্দ্ৰানী বৰাই নিজৰ লগত সদায়ে শ্বীনা আৰু তাইৰ ভায়েক মিখাইলৰ সৰু কালৰ ফটো দুখন লৈ ফুৰিছিল।৩
পুনঃমিলন
ইপিনে ইন্দ্ৰানী বৰাই কলিকতাত সঞ্জীৱ খান্না নামৰ এজন লোকৰ লগত বিবাহ পাশত আবদ্ধ হয়। ১৯৯৩ চনত এই বিবাহৰ পৰা ইন্দ্ৰানী আৰু সঞ্জীবৰ বিধি নামৰ এক কন্যা সন্তান হয়। পাছত সঞ্জীৱ খান্নাৰ লগত ইন্দ্ৰানীৰ বিচ্ছেদ হয় আৰু পিটাৰ মুকাৰ্জীৰ লগত বিবাহ হয়। সঞ্জীৱ খান্নাই বিধিক ইন্দ্ৰানী আৰু পিটাৰক গতাই দি দ্বিতীয় বিবাহ কৰে। পিটাৰৰ পৰা ইন্দ্ৰানী মুকাৰ্জীৰ কোনো সন্তান হোৱা নাছিল যদিও পিটাৰৰ পূৰ্ব-বিবাহৰ পৰা ৰাহুল আৰু ৰবিন নামৰ দুই পুত্ৰ আছিল। ইতিমধ্যে সংবাদজগত উদ্যোগত ইন্দ্ৰানীয়ে নিজাকৈ ৰাষ্ট্ৰীয় মাধ্যমৰ টেলিভিজন নিউজ চেনেল, মনোৰঞ্জন চেনেল আদি প্ৰতিষ্ঠা কৰি যথেষ্ঠ সফলতা লাভ কৰিছিল।
শ্বীনা আৰু তাইৰ ভায়েক মিখাইল ডাঙৰ হৈ মাক ইন্দ্ৰানীৰ পৰিচয় আৱিষ্কাৰ কৰি তেওঁক লগ ধৰিছিল যদিও ইন্দ্ৰানীয়ে অজ্ঞাত কাৰণ অথবা সামাজিক বাধাৰ বাবে দুয়োকে আনৰ আগত তেওঁলোকৰ পৰিচয় গোপন কৰি নিজকে তেখেতৰে ভায়েক-ভনীয়েক বুলি চৰকাৰী ভাৱে স্বীকৃত পৰিচয় দিবলৈ কৈছিল। অৱশ্যে শ্বীনাৰ বাবে ইন্দ্ৰানীয়ে মুম্বাইত পঢ়াৰ ব্যৱস্থা কৰি দিছিল। ইন্দ্ৰানীৰ নিয়োগ সম্পৰ্কীয় প্ৰতিষ্ঠানৰ জৰিয়তে শ্বীনাই মুম্বাইত চাকৰি পাই কৰ্ম-জীৱন আৰম্ভ কৰে।
কালক্ৰমত পিটাৰৰ পুত্ৰ ৰাহুলৰ লগত শ্বীনাৰ এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল যিটো ইন্দ্ৰানীয়ে মুঠেই ভাল পোৱা নাছিল কিয়নো এনে সম্পৰ্ক ইন্দ্ৰানীয়ে গোপন কৰি ৰখা তথ্যৰ পোহৰত চালে ভাৰতীয় সামাজিক আৰু ধৰ্মীয় পৰম্পৰামতে অবৈধ আছিল।
শ্বীনাৰ নিৰুদ্দেশ আৰু মৃত্যু
২৪ এপ্ৰিল, ২০১২ ত শ্বীনায়ে কাৰ্য্যালয়ৰ পৰা ছুটি বিচাৰি আবেদন কৰে আৰু ছুটিৰ মাজতে এদিন তেওঁ কাৰ্য্যালয়লৈ এখন ইস্তফা পত্ৰ প্ৰেৰণ কৰে। একেদিনাই ৰাহুলৰ মোবাইল ফোনলৈ শ্বীনায়ে এক বিদায় সম্ভাষণ জনাই এছ.এম.এছ. পঠিয়ায় বুলি জনা যায়। ৪ সেই দিনাৰ পৰা শ্বীনাক কোনেও দেখা পোৱা নাই।
শেহতীয়াভাৱে তেওঁক কোনোবাই হত্যা কৰা বুলি তদন্ত চলি আছে। যোৱা ১৮-০৯-২০১৫ তাৰিখে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে এই তদন্তৰ ভাৰ চিবিআই-ক অৰ্পণ কৰিছে বুলি ঘোষণা কৰি কয় যে এই তদন্তৰ লগত ৰাজ্য চৰকাৰৰ অধীনৰ কোনো আৰক্ষী বিষয়া জড়িত নাথাকিব।৫
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বীনা বৰা হত্যাকাণ্ড” প্ৰবন্ধৰ সংশোধন ৩৮৫৮৯৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।