ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ (Brahmaputra Literary Festival) অসমৰ গুৱাহাটী চহৰত অনুষ্ঠিত হোৱা বাৰ্ষিক সাহিত্য উৎসৰ। সমগ্ৰ ভাৰত আৰু বিদেশৰ পাঠক আৰু সাহিত্যিকসকলৰ মাজত পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু ধাৰণা বিনিময়ৰ মঞ্চ হিচাপে ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস আৰু অসম চৰকাৰে যৌথভাৱে এই উৎসৱৰ আয়োজন কৰি আহিছে। এই মহোৎসৱৰ প্ৰথম সংস্কৰণ ২০১৭ চনৰ ২৮ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল আৰু ইয়াৰ উদ্বোধন কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভাডেকাৰে কৰিছিল। এই অনুষ্ঠানত ৬০টা পেনেল আলোচনা, গ্ৰন্থ উন্মোচন, পঠন আৰু সংস্কৃতিৰ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ লগতে কিতাপৰ ওপৰত আধাৰিত ছবি প্ৰদৰ্শন, সংগীত আৰু নৃত্য প্ৰদৰ্শন কৰা হয়।
ইতিহাস
অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাসৰ সঞ্চালক ৰীতা চৌধুৰীয়ে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ আয়োজনৰ বাবে আগ-ভাগ লৈছিল। সমগ্ৰ দেশৰ লগতে বিদেশৰ পাঠক আৰু সাহিত্যিকসকলৰ মাজত মত বিনিময় আৰু মঞ্চ প্ৰদানৰ উদ্দেশ্যৰে এই সাহিত্য উৎসৱৰ পাতনি মেলা হৈছিল।
প্ৰথম সংস্কৰণ
২০১৭ চনৰ ২৮ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল। ১০খন দেশৰ ষোল্লজন লেখকৰ লগতে এই ভাৰতৰ কেইবাগৰাকী লেখকে এই উৎসৱত অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য বিদেশী অংশগ্ৰহণকাৰীসকল হ’ল জাপানৰ পৰা ৰেণ্ডী টাগুচি, ইটালীৰ পৰা কাৰ্লো পিজাটি, জিয়াম্পাওলো চিমি আৰু এলেছাণ্ড্ৰা বাৰ্টিনি, ফ্ৰান্সৰ ফ্ৰান্সোৱা গ’টিয়েৰ আৰু নিকোলয় ইডিয়েৰ। ভাৰতীয় বিশিষ্ট সাহিত্যিকসকলৰ ভিতৰত দামোদৰ মৌজো, সুভাষ কাশ্যপ, মকৰন্দ পৰাঞ্জপে আৰু নৰেন্দ্ৰ কোহলীৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহু লেখক-সাহিত্যিকে এই উৎসৱত যোগদান কৰিছিল।
দ্বিতীয় সংস্কৰণ
২০১৮ চনৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈকে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ দ্বিতীয় সংস্কৰণ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল। অসম প্ৰকাশন পৰিষদ আৰু ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাসে যুটীয়াভাৱে অনুষ্ঠিত কৰা এই উৎসৱৰ উদ্বোধন অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিছিল।১
তৃতীয় সংস্কৰণ
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ব্ৰহ্মপুত্ৰ সাহিত্য মহোৎসৱৰ তৃতীয় সংস্কৰণ ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল। যুৱক-যুৱতীসকলৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলাক প্ৰাথমিক লক্ষ্য হিচাপে ইয়াক অনুষ্ঠিত কৰা হৈছিল। এই মহোৎসৱত কেৱল দেশৰ উত্তৰ-পূব অঞ্চলৰ ভাষা, সাহিত্য, সংস্কৃতি, সমাজ, ৰাজনীতি, পৰিবেশন পৰম্পৰা, সংগীত, পৰিচয়, সংবাদ মাধ্যমৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰস্তাৱ দিয়াই নহয় ইয়াৰ লগত জড়িত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উপাদানসমূহৰ ওপৰতো গুৰুত্ব দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। এই উৎসৱত সমগ্ৰ দেশৰ বিশিষ্ট ব্যক্তি, লেখক, চিন্তাবিদ, শিল্পী আৰু অন্যান্য কলা-কুশলীৰ লগতে বিভিন্ন শাখাৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সাহিত্যিক আৰু অন্যান্য বুদ্ধিজীৱীসকলক একত্ৰিত হৈছিল। য়েছে দৰজে ঠংচি, উৎপল দত্ত (অভিনেতা), সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা আদি বিশিষ্ট বক্তা হিচাপে উপস্থিত থকা অনুষ্ঠানটোত অভিনেত্ৰী মনিষা কইৰালাই কৰ্কট ৰোগৰ সৈতে নিজৰ যুঁজৰ বিষয়ে বক্তব্য আগবঢ়াইছিল। উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্কট ৰোগীৰ বাবে উৎসৰ্গিত কইৰালাৰ ‘হিলড’ নামৰ গ্ৰন্থখন ব্ৰহ্মপুত্ৰ সাহিত্য মহোৎসৱত উপলব্ধ আছিল।২
চতুৰ্থ সংস্কৰণ
২০২০ চনৰ ৮ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈকে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠিত হৈছিল।
বিতৰ্ক
২০১৮ চনত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ দ্বিতীয় সংস্কৰণত অস্থায়ী প্ৰেক্ষাগৃহৰ নাম সাহিত্যিকৰ নামেৰে নামাকৰন কৰাৰ বিপৰীতে দীনদয়াল উপাধ্যায়ৰ নামেৰে নামকৰণ কৰাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল।৩
তথ্যসূত্ৰ
- ↑ (10 February 2018). Brahmaputra Literary Festival 2nd edition inaugurated. ANI
- ↑ (10 February 2019). 3rd Brahmaputra Literary Festival begins. Sentinel Digital Desk
- ↑ (9 February 2018). সাহিত্য উৎসৱত দীনদয়ালক লৈ বিতৰ্ক. সংবাদ 365
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ” প্ৰবন্ধৰ সংশোধন ৪৪৪৮৯৪ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।