অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ব্ৰহ্মপুত্ৰৰ পাৰ উৎসৱ

ব্ৰহ্মপুত্ৰৰ পাৰ উৎসৱ (Brahmaputra Beach Festival) হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত অনুষ্ঠিত হোৱা এক মুকলি আকাশৰ উৎসৱ। এই উৎসৱটো প্ৰতিবছৰে মাঘ বিহু উপলক্ষ্যে জানুৱাৰী মাহত অনুষ্ঠিত কৰা হয়। এই উৎসৱৰ মূল লক্ষ্য হৈছে অসমৰ পৰম্পৰাগত সংস্কৃতি, হস্তশিল্প, আৰু স্থানীয় খেল-ধেমালিক জনপ্ৰিয় কৰা।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ব্ৰহ্মপুত্ৰৰ পাৰ উৎসৱ (Brahmaputra Beach Festival) হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত অনুষ্ঠিত হোৱা এক মুকলি আকাশৰ উৎসৱ। এই উৎসৱটো প্ৰতিবছৰে মাঘ বিহু উপলক্ষ্যে জানুৱাৰী মাহত অনুষ্ঠিত কৰা হয়।১২

উদ্দেশ্য

এই উৎসৱৰ মূল লক্ষ্য হৈছে অসমৰ পৰম্পৰাগত সংস্কৃতি, হস্তশিল্প, আৰু স্থানীয় খেল-ধেমালিক জনপ্ৰিয় কৰা। দক্ষিণ ভাৰতত অনুষ্ঠিত একাধিক উৎসৱৰপৰা অনুপ্ৰাণিত হৈ আৰম্ভ হোৱা এই উৎসৱটো অসমৰ সংস্কৃতি, পৰম্পৰা আৰু আধুনিকতাৰ মিলনস্থল ৰূপে পৰিগণিত।১

পৃষ্ঠপোষকতা

এই উৎসৱটো Assam Boat Racing and Rowing Association (ABRRA) আৰু অসম পৰ্যটন উন্নয়ন নিগম (ATDC)-ৰ যৌথ উদ্যোগত গুৱাহাটী চহৰত আয়োজন কৰা হয়।১২

অনুষ্ঠানসমূহ

উৎসৱৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ বালিচৰত বিভিন্ন মেলা অনুষ্ঠিত হয়। ইয়াত বিচ ক্ৰিকেট, বিচ ভলিবল, জলৰাফটিং, কেনুইং, ৱিণ্ড ছাৰ্ফিং, কায়াকিং, আৰু হট এয়াৰ বেলুনিং, পেৰাগ্লাইডিং, হেং গ্লাইডিং আদিৰ দৰে আধুনিক খেল অনুষ্ঠিত হয়। পৰম্পৰাগত খেল-ধেমালি যেনে হাতীৰ দৌৰ, কুকুৰা যুঁজ, কণী যুঁজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।১২

শিশু-বান্ধৱ প্ৰতিযোগিতাসমূহৰ ভিতৰত চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু চিলা উৰোৱা অন্যতম। লগতে পৰম্পৰাগত অসমীয়া হস্তশিল্পৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।১২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ ব্ৰহ্মপুত্ৰ পাৰ উৎসৱ. Maps of India
  2. ↑ ব্ৰহ্মপুত্ৰ উৎসৱ. Bharat Online

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰহ্মপুত্ৰৰ পাৰ উৎসৱ” প্ৰবন্ধৰ সংশোধন ৫৪৭৯৭৫ (৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।