অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বৰডুবি

বৰডুবি (Podiceps cristatus) জলচৰ চৰাইৰ এটা জাত। এই চৰাইটোৰ বৈশিষ্ট্য হৈছে ইয়াৰ সুকীয়া ৰূপ, ইয়াৰ আকৰ্ষণীয় ক'লা আৰু বগা পাখি। লগতে এই চৰায়ে প্ৰজননৰ সময়ত কৰা সমন্বিত নৃত্য আৰু প্ৰদৰ্শন (courtship display)ও যথেষ্ট বৈশিষ্ট্যপূৰ্ণ।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৩৪৯ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বৰডুবি (Podiceps cristatus) জলচৰ চৰাইৰ এটা জাত। এই চৰাইটোৰ বৈশিষ্ট্য হৈছে ইয়াৰ সুকীয়া ৰূপ, ইয়াৰ আকৰ্ষণীয় ক'লা আৰু বগা পাখি। লগতে এই চৰায়ে প্ৰজননৰ সময়ত কৰা সমন্বিত নৃত্য আৰু প্ৰদৰ্শন (courtship display)ও যথেষ্ট বৈশিষ্ট্যপূৰ্ণ।

শ্ৰেণীবিভাজন

১৭৫৮ চনত ছুইডেনৰ প্ৰকৃতিবিদ কাৰ্ল লিনিয়াছে তেওঁৰ চিষ্টেমা নেচুৰি (Systema Naturae) গ্ৰন্থৰ দশম সংস্কৰণত এই চৰাইৰ বৰ্ণনা কৰিছিল আৰু ইয়াৰ বৈজ্ঞানিক নাম দিছিল কলম্বাছ ক্ৰিষ্টেটাছ (Colymbus cristatus)।১ বৰ্তমান এই চৰাইবিধ ইংৰাজ প্ৰকৃতিবিদ জন লেথাম (John Latham)-এ ১৭৮৭ চনত স্থাপন কৰা পডিচেপছ (Podiceps) গোত্ৰৰ অন্তৰ্ভুক্ত এটা প্ৰজাতি (type species)। ২৩৪ এই প্ৰকাৰৰ স্থানীয়তা (type locality) হৈছে ছুইডেন ৫ ইয়াৰ বৈজ্ঞানিক নামটো লেটিন ভাষাৰ পৰা আহিছে: পডিচেপছ প্ৰজাতিৰ নামটো podicis, "vent" আৰু pes, "ভৰি" ৰ পৰা আহিছে কাৰণ এই চৰাইটোৱে ভৰি দুখন ইয়াৰ শৰীৰৰ পিছফালে ৰাখে; নিৰ্দিষ্ট নাম, cristatus, ৰ অৰ্থ হৈছে "crested"।।৬

ইয়াৰ তিনিটা উপপ্ৰজাতি স্বীকৃতি দিয়া হৈছে:৩

  • P. c. cristatus (Linnaeus, ১৭৫৮) – ইউৰেছিয়া
  • P. c. infuscatus (Salvadori, ১৮৮৪) – আফ্ৰিকা
  • P. c. australis (Gould, ১৮৪৪) – অষ্ট্ৰেলিয়া, তাছমেনিয়া, নিউজিলেণ্ডৰ দক্ষিণ দ্বীপ; সাধাৰণতে অষ্ট্ৰেলিয়ান ক্ৰেষ্টেড গ্ৰেব আৰু মাওৰী ভাষাত পুটেকেটেকে বুলি জনা যায়।

বিৱৰণ

Young grebe, Moscow
Young grebe, Moscowছবি: Dion Art · CC BY-SA 4.0

বৰডুবি পৃথিৱীত পোৱা গ্ৰীব পৰিয়ালৰ আকাৰত আটাইতকৈ ডাঙৰ সদস্য, ইয়াৰ কিছুমান ডাঙৰ প্ৰজাতি আমেৰিকাত পোৱা যায়। ইহঁতৰ দেহৰ দৈৰ্ঘ্য ৪৬–৫১ চে.মি.(১৮–২০ ইঞ্চি) আৰু পাখিৰ দৈৰ্ঘ্য ৫৯–৭৩ চে.মি. হয়। এই চৰাইবিধ সাতোঁৰাত পাৰ্গত। ইহঁতে পানীৰ তললৈ ডুব দি মাছ চিকাৰ কৰি খায়। গৰমৰ দিনত এইজাতৰ প্ৰাপ্তবয়স্ক চৰাইৰ মূৰত কলা দাগ আৰু ডিঙিৰ সন্মুখৰ ভাগ বগা আৰু পিছৰ অংশ মটিয়া হয়। শীতকালত ইয়াৰ গাৰ প্ৰায়ভাগ বগা হয় আৰু চকুৰ ওপৰতো বগা থাকে। ইয়াৰ ঠোঁটৰ ৰং গোলাপী।

বৰডুবৰ মাতটো জোৰেৰে ভুকুৱা 'ৰহ-ৰহ-ৰহ' যেন শুনা যায়। ইহঁতে কেতিয়াবা 'কেক কেক' কৈ বা গোঁজৰাৰ দৰেও মাত উলিয়াব পাৰে।৭

বৰডুবিৰ পোৱালিবোৰ সিহঁতৰ বৈশিষ্ট্যপূৰ্ণ দেহৰ বৰণৰ পৰা চিনাক্ত কৰিব পাৰি। ইহঁতৰ মূৰত পৰ্যায়ক্ৰমে ক'লা আৰু বগা ৰেখা থাকে। প্ৰাপ্তবয়স্ক হ’লে এই চিনবোৰ হেৰুৱাই পেলায়।

বিতৰণ

বৰডুবিয়ে সাধাৰণতে মিঠা পানীৰ হ্ৰদৰ গছ-গছনিৰে ভৰা অঞ্চলত প্ৰজনন কৰে। ইয়াৰ উপপ্ৰজাতি P. c. cristatus সমগ্ৰ ইউৰোপ আৰু পূবে সমগ্ৰ পেলিয়াৰ্কটিকত পোৱা যায়। ই ইয়াৰ পৰিসৰৰ পশ্চিম অংশত বাস কৰে যদিও তাৰ ঠাণ্ডা অঞ্চলসমূহৰ পৰা প্ৰায়ে প্ৰব্ৰজন কৰে। ই মিঠা পানীৰ হ্ৰদ আৰু জলাশয় বা উপকূলত শীতকাল কটায়। বৰডুবিৰ আফ্ৰিকান উপপ্ৰজাতি P. c. infuscatus আৰু অষ্ট্ৰেলিয়াৰ উপপ্ৰজাতি P. c.australis মূলত স্থানীয় প্ৰজাতি।

প্ৰজনন

বৰডুবিৰ এটা দীঘলীয়া সংগম প্ৰদৰ্শন (mating display) পদ্ধতি আছে। সকলো গ্ৰীবৰ দৰে ইও পানীৰ দাঁতিত বাহ সাজে। বাহটো উভয় লিংগৰ চৰায়ে মিলি নিৰ্মাণ কৰে। এবাৰত মাইকী বৰডুবিয়ে গড়ে চাৰিটা চক-বগা কণী পাৰে। এই কণীবোৰৰ আকাৰ গড়ে ৫৪ মিলিমিটাৰ × ৩৭ মিলিমিটাৰ (২.১ ইঞ্চি × ১.৫ ইঞ্চি) আৰু ওজন ৪২ গ্ৰাম (১.৫ অ’জ) হয়। মাক-বাপেক দুয়ো মিলি কণীত উমনি দিয়ে আৰু প্ৰথম কণীটো পৰাৰ লগে লগে উমনি দিয়া আৰম্ভ হয়। কণী পৰাৰ ২৭ ৰ পৰা ২৯ দিনৰ পিছত কণীবোৰ এটা এটাকৈ ফুটি উঠে। পোৱালিবোৰক মাক-বাপেক দুয়ো মিলি যত্ন লয় আৰু খুৱাই দিয়ে।৮

পোৱালি চৰাইবোৰে প্ৰায় কণী ফুটি ওলোৱাৰ পিছতে সাঁতুৰিব আৰু ডুব যাব পাৰে। প্ৰাপ্তবয়স্কবোৰে এই দক্ষতাবোৰ পোৱালিবোৰক পিঠিত লৈ ডুব মাৰি শিকায়। পোৱালিবোৰক উপৰিভাগত ওপঙি থাকিবলৈ এৰি দিয়ে; তাৰ পিছত কেইফুটমান দূৰৈত ইহঁতে পুনৰ ওলাই আহে যাতে পোৱালিবোৰে সাঁতুৰি পুনৰ ইহঁতৰ ওপৰত উঠিব পাৰে।

তথ্যসূত্ৰ

  1. ↑ Linnaeus, Carl. (1758). Systema Naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Laurentii Salvii. পৃ. 135
  2. ↑ Latham, John. (1787). Supplement to the General Synopsis of Birds. Leigh & Sotheby. পৃ. 294
  3. ↑ (January 2021). Grebes, flamingos. IOC World Bird List Version 11.1. International Ornithologists' Union
  4. ↑ (1979). Check-list of Birds of the World. Museum of Comparative Zoology. পৃ. 148
  5. ↑ (1979). Check-list of Birds of the World. Museum of Comparative Zoology. পৃ. 151
  6. ↑ Jobling, James A. (2010). The Helm Dictionary of Scientific Bird Names. Christopher Helm. পৃ. 122, 341. ISBN 978-1-4081-2501-4
  7. ↑ Great-crested Grebe. Oiseaux-birds.com
  8. ↑ Cramp, Stanley, ed. (1977). "Podiceps cristatus Great Crested Grebe". Handbook of the Birds of Europe the Middle East and North Africa: The Birds of the Western Palearctic. Vol. I: Ostrich to Ducks. Oxford: Oxford University Press. pp. 78–89. ISBN 978-0-19-857358-6

সম্পৰ্কিত শ্ৰেণী

প্ৰকৃতিচৰাইঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰডুবি” প্ৰবন্ধৰ সংশোধন ৫৪০৬৩১ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।