অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বেজবৰুৱা-বিষয়ক ৰচনাপঞ্জী

বেজবৰুৱা-বিষয়ক ৰচনাপঞ্জী (২੦১৩, ইংৰাজী: Bezbaroa-Bishayak Rachanapanji) লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে বিভিন্নজনে লিখা ৰচনা আৰু গ্ৰন্থৰ লগতে বেজবৰুৱাই নিজে লিখা ৰচনা আৰু গ্ৰন্থৰ পঞ্জী৷ গ্ৰন্থখনৰ সম্পাদক নগেন শইকীয়া৷ প্ৰকাশক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখা৷

হালনাগাদ: ১০ মাৰ্চ ২০২৫ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

বেজবৰুৱা-বিষয়ক ৰচনাপঞ্জী (২੦১৩, ইংৰাজী: Bezbaroa-Bishayak Rachanapanji) লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে বিভিন্নজনে লিখা ৰচনা আৰু গ্ৰন্থৰ লগতে বেজবৰুৱাই নিজে লিখা ৰচনা আৰু গ্ৰন্থৰ পঞ্জী৷ গ্ৰন্থখনৰ সম্পাদক নগেন শইকীয়া৷ প্ৰকাশক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখা৷১

বিষয়বস্তু

গ্ৰন্থখনত আধুনিক অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখনৰ এক প্ৰভাৱশালী ব্যক্তিত্ব লক্ষ্মীনাথ বেজবৰুৱা(১৮৬৪-১৯৩৮)ৰ জীৱন আৰু সাহিত্যকৃতিৰ বিষয়ে বিভিন্নজনে লিখা ৰচনা আৰু গ্ৰন্থৰ এখন তালিকা সন্নিৱিষ্ট হৈছে৷ লগতে পৰিশিষ্টত বেজবৰুৱাই নিজে লিখা ৰচনা আৰু গ্ৰন্থসমূহৰ পঞ্জী সন্নিৱিষ্ট কৰা হৈছে৷ গ্ৰন্থখনৰ মূল অংশটো চাৰিটা ভাগত সজোৱা হৈছে৷ সেয়া হ’ল: ‘বেজবৰুৱা-বিষয়ক গ্ৰন্থপঞ্জী’, ‘বেজবৰুৱা-বিষয়ক ৰচনাপঞ্জী (সম্পাদিত গ্ৰন্থত সন্নিৱিষ্ট)’, ‘বেজবৰুৱা-বিষয়ক ৰচনাপঞ্জী (কাকত-আলোচনী-গ্ৰন্থত প্ৰকাশিত)’, ‘বেজবৰুৱাক কেন্দ্ৰ কৰি ৰচিত গ্ৰন্থপঞ্জী’, ‘বেজবৰুৱাৰ ৰচনাশৈলীৰ আৰ্হিত ৰচিত গ্ৰন্থপঞ্জী’ আৰু ‘বেজবৰুৱা-বিষয়ক পিএইচ-ডি গৱেষণাপত্ৰ’৷ গ্ৰন্থখনৰ আগকথা লিখিছে ডিব্ৰুগড় বিশ্ববিদল্যায়ৰ তদানীন্তন উপাচাৰ্য অলক কুমাৰ বুঢ়াগোঁহায়ে৷ নিজৰ পাতনিত সম্পাদক নগেন শইকীয়াই কোৱা অনুসৰি অসমীয়া ভাষাত বেজবৰুৱাৰ ৰচনাপঞ্জী বিষয়ক এইখনেই প্ৰথম গ্ৰন্থ৷১

প্ৰকাশন ইতিহাস

গ্ৰন্থখন ২੦১৩ চনত ডিব্ৰুগড় বিশ্ববিদল্যায়ৰ প্ৰকাশন শাখাই লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে গ্ৰন্থখন প্ৰকাশ কৰে৷১ ২੦১২ চনত স্থাপিত প্ৰকাশন শাখাটোৱে প্ৰকাশ কৰা এইখনেই প্ৰথম গ্ৰন্থ৷১

তথ্যসূত্ৰ

  1. ↑ বেজবৰুৱা-বিষয়ক ৰচনাপঞ্জী, নগেন শইকীয়া, প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদল্যায়, ২੦১৩, পৃষ্ঠা ১৩৬ ISBN 978-81-927849-0-8৷

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেজবৰুৱা-বিষয়ক ৰচনাপঞ্জী” প্ৰবন্ধৰ সংশোধন ৪৯০০২৮ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।