অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিংকডইন

লিংকডইন পেশাদাৰী সকলৰ সামাজিক যোগাযোগৰ এটি ৱেবচাইট। চাইটটো ডিচেম্বৰ, ২০০২ চনত প্ৰতিষ্ঠিত হয় আৰু ৫ মে, ২০০৩ চনত আনুষ্ঠানিক ভাবে আৰম্ভ কৰা হয়। সামাজিক যোগাযোগৰ এই ৱেবচাইট পেশাদাৰী সকে বেছি ব্যৱহাৰ কৰে।

হালনাগাদ: ১৩ আগষ্ট ২০২৬ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

লিংকডইন পেশাদাৰী সকলৰ সামাজিক যোগাযোগৰ এটি ৱেবচাইট। চাইটটো ডিচেম্বৰ, ২০০২ চনত প্ৰতিষ্ঠিত হয় আৰু ৫ মে, ২০০৩ চনত আনুষ্ঠানিক ভাবে আৰম্ভ কৰা হয়।১ সামাজিক যোগাযোগৰ এই ৱেবচাইট পেশাদাৰী সকে বেছি ব্যৱহাৰ কৰে। ২০১৩ চনত এক বিবৃতিত লিংকডইনে ঘোষণা কৰে যে বৰ্তমান তেওঁলোকৰ নিবন্ধিত ব্যৱহাৰকাৰীৰ সংখ্যা ২০০ মিলিয়ন। ২০০থন ভিন্ন দেশৰ নাগৰিকে লিংকডইন ব্যৱহাৰ কৰে।২

এই চাইট বৰ্তমান ইংৰাজী ভাষা, ফ্ৰñ, জাৰ্মান, ইটালিয়ান, পৰ্তুগিজ, স্পেনিচ, ওলন্দাজ, চুইডিচ, ৰোমানিয়ান, ৰাছিয়ান, তুৰ্কী, জাপানীচ, চেক, পলিচ, কৰিয়ান, ইন্দোনেচিয়ান আৰু মালয় ভাষাত উপলব্ধ।৩৪ কাণ্টকাষ্টৰ এক সমীক্ষা অনুযায়ী যুক্তৰাষ্ট্ৰৰ পৰা লিংকডইনৰ প্ৰতি মাহত ব্যৱহাৰকাৰীৰ সংখ্যা ২১.৪ মিলিয়ন আৰু গোটেই বিশ্বত ৪৭.৬ মিলিয়ন।৫

২০১১ চনৰ জুন মাহত নিয়মিত ব্যৱহাৰকাৰীৰ সংখ্যা ৩৩.৯ মিলিয়ন আছিল। এইটো বছৰৰ আৰম্ভণিৰ পৰা ৬৩% বেছি আৰু আন সামাজিক যোগাযোগৰ ৱেবচাইটৰ মাইস্পেচক অতিক্ৰম কৰে।৬ ২০১১ চনৰ জানুৱাৰী মাহত লিংকডইন শ্বেয়াৰ বজাৰত আহে। তেওঁলোকৰ প্ৰথম পাবলিক শ্বেয়াৰ ১৯ মে, ২০১১ চনত এলএনকেডি (LNKD) প্ৰতীক ব্যৱহাৰ কৰি বজাৰত এৰি দিয়ে।৭

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ LinkedIn Press About Page
  2. ↑ LinkedIn reaches 200 million members worldwide
  3. ↑ (June 21, 2011). Look who’s talking Russian, Romanian and Turkish now!
  4. ↑ LinkedIn launches in Japan. translatemedia.com
  5. ↑ LinkedIn. quantcast.com
  6. ↑ Womack, Brian. (July 8, 2011). LinkedIn Passes Myspace to Become No. 2 U.S. Social Network. Bloomberg
  7. ↑ Pepitone, Julianne. (January 27, 2011). LinkedIn files for IPO, reveals sales of $161 million. CNN<pmey

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইটচচিয়েল নেটৱৰ্ককোম্পানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিংকডইন” প্ৰবন্ধৰ সংশোধন ৬২৬৬৬১ (১৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।