ৱিকিবুক্ছ (পূৰ্বতে ৱিকিমিডিয়া মুক্ত পাঠ্যপুথি প্ৰকল্প আৰু ৱিকিমিডিয়া-পাঠ্যপুথি বুলি কোৱা হৈছিল) ৱিকিমিডিয়া ফাউণ্ডেচনৰ দ্বাৰা তৈয়াৰ কৰা তথা যিকোনো ব্যক্তিয়ে সম্পাদনা কৰিব পৰা বিনামূলীয়া বিষয়বস্তুৰ পাঠ্যপুথি আৰু টোকাযুক্ত গ্ৰন্থ সৃষ্টিৰ বাবে আৰম্ভ কৰা এটা ৱিকি প্ৰকল্প।
২০১০ চনৰ এপ্ৰিল মাহত আলেক্সাই wikibooks.orgক বিশ্বৰ ২,৪৬২ নং সৰ্বাধিক জনপ্ৰিয় ৱেব চাইট হিচাপে স্থান দিছিল। Compete.com ৰ অনুমান অনুসৰি ৱিকিবুক্ছত দৰ্শনাৰ্থীৰ সংখ্যা আছিল ৫৭৬,৮৩৮জন আৰু কোৱাণ্টকাষ্টে অনুমান কৰিছে যে সেই একেটা মাহত আমেৰিকাত এই প্ৰকল্পৰ দৰ্শনাৰ্থী আছিল ৬,৪৬,৫০০ জন।১২
ইতিহাস
২০০৩ চনৰ ১০ জুলাইত ৱিকিপিডিয়াৰ অৱদানকাৰী কাৰ্ল উইকে জৈৱিক ৰসায়ন আৰু পদাৰ্থ বিজ্ঞান আদি বিষয়ৰ বিনামূলীয়া পাঠ্যপুথি আয়োজন আৰু নিৰ্মাণৰ প্ৰকল্পৰ বাবে কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ৱিকিবুক মুকলি কৰা হয়। ৱিকিজুনিয়ৰ আৰু ৱিকিভাৰ্চিটী নামৰ দুটা প্ৰধান উপ-প্ৰকল্প ৱিকিবুকৰ ভিতৰত সৃষ্টি কৰা হৈছিল, ইয়াৰ আনুষ্ঠানিক নীতি পিছলৈ সলনি কৰাৰ আগতে যাতে ভৱিষ্যতে ইনকিউবেটৰ টাইপৰ প্ৰকল্পসমূহ ৱিকিমিডিয়া ফাউণ্ডেচনৰ new project policy অনুসৰি আৰম্ভ কৰা হয়। ২০০৬ চনৰ আগষ্ট মাহত ৱিকিভাৰ্চিটি এটা স্বতন্ত্ৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যন প্ৰকল্পত পৰিণত হয়।
ৱিকিজুনিয়ৰ
ৱিকিজুনিয়ৰ হৈছে ৱিকিবুকৰ এটা উপপ্ৰকল্প যিয়ে শিশুৰ বাবে কিতাপৰ বিশেষজ্ঞ। এই প্ৰকল্পটো এখন আলোচনী আৰু এটা ৱেবছাইট দুয়োটাৰে গঠিত, আৰু বৰ্তমান ইংৰাজী, ডেনিছ, ফিনিছ, ফৰাচী, জাৰ্মান, ইটালীয়, জাপানী, স্পেনিছ আৰু আৰবী ভাষাত প্ৰস্তুত কৰা হৈছে। ইয়াৰ বাবে বেক ফাউণ্ডেশ্যনৰ অনুদানৰ দ্বাৰা ধন আগবঢ়োৱা হয়।
কিতাপৰ বিষয়বস্তু
কিছুমান কিতাপ মৌলিক হ’লেও আন কিছুমানৰ আৰম্ভণি হৈছিল ইণ্টাৰনেটত পোৱা বিনামূলীয়া বিষয়বস্তুৰ পাঠ্যপুথিৰ অন্যান্য উৎসৰ পৰা কপি কৰা পাঠ্য হিচাপে। চাইটৰ সকলো বিষয়বস্তু Creative Commons Attribution-Share Alike অনুজ্ঞাপত্ৰ (বা এটা সুসংগত অনুজ্ঞাপত্ৰ)ৰ অধীনত মুকলি কৰা হয়। অৰ্থাৎ ইয়াৰ ভগ্নী প্ৰকল্প ৱিকিপিডিয়াৰ দৰেই ৱিকিবুকৰ অৱদানসমূহো ইয়াৰ সৃষ্টিকৰ্তাৰ কপিৰাইটযুক্ত হৈ থাকে, আনহাতে অনুজ্ঞাপত্ৰই ইয়াক কিছুমান চৰ্তৰ অধীনত মুক্তভাৱে বিতৰণ আৰু পুনৰ ব্যৱহাৰ কৰিব পৰাৰো সুবিধা দিয়ে।
ই ৱিকিউৎস (ৱিকিচ'ৰ্ছ)ৰ পৰা পৃথক, কাৰণ ৱিকিউৎসই বৰ্তমানৰ বিনামূলীয়া বিষয়বস্তুৰ গ্ৰন্থসমূহৰ সঠিক কপি আৰু মূল অনুবাদ সংগ্ৰহ কৰে, যেনে Shakespearean playsৰ মূল পাঠ্য; আনহাতে ৱিকিবুকসমূহ লেখকৰ মূল ৰচনা বা যথেষ্ট পৰিৱৰ্তিত বৰ্তমানৰ ৰচনাসমূহৰ সংস্কৰণসমূহ।
প্ৰকল্পটোৱে অসংখ্য বিষয়ৰ পাঠ্যপুথি সম্পূৰ্ণ কৰাৰ দিশত কাম কৰি আছে, যাৰ পিছত প্ৰতিষ্ঠাপকসকলে আশা কৰিছে যে মূলসুঁতিৰ গ্ৰহণ আৰু তাত বিকশিত আৰু ৰখা পাঠ্যপুথিসমূহ ব্যৱহাৰ কৰা হ’ব।
বাহ্যিক সংযোগ
- অসমীয়া ৱিকিগ্ৰন্থ
- Wikibooks' multilingual portal
- Wikibooks Language Editions: list of Wikibooks for various languages ordered by size.
- Wikibooks page on Meta-Wiki
- Wikibooks takes on textbook industry
তথ্যসূত্ৰ
- ↑ "Site Profile for wikibooks.org", compete, retrieved June 15, 2010
- ↑ "wikibooks.org", Quantcast, retrieved June 15, 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিবুক্ছ” প্ৰবন্ধৰ সংশোধন ৬১৩২২৫ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।