অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

নুপিডিয়া

নুপিডিয়া (Nupedia) ইংৰাজী ভাষাত আধাৰিত ৱেব-ভিত্তিক অনলাইন বিশ্বকোষ আছিল। ইয়াৰ প্ৰবন্ধসমূহ স্বেচ্ছাসেৱক অৱদানকাৰীসকলে উপযুক্ত বিষয় দক্ষতাসহ লিখা হৈছিল আৰু প্ৰকাশৰ আগতে বিশেষজ্ঞ সম্পাদকসকলে সমীক্ষা কৰিছিল। নুপিডিয়াৰ সমলসমূহ বিনামূলীয়া সমল হিচাপে অনুজ্ঞাপ্ৰাপ্ত আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬৫৮ শব্দ · ৪ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নুপিডিয়া (Nupedia) ইংৰাজী ভাষাত আধাৰিত ৱেব-ভিত্তিক অনলাইন বিশ্বকোষ আছিল। ইয়াৰ প্ৰবন্ধসমূহ স্বেচ্ছাসেৱক অৱদানকাৰীসকলে উপযুক্ত বিষয় দক্ষতাসহ লিখা হৈছিল আৰু প্ৰকাশৰ আগতে বিশেষজ্ঞ সম্পাদকসকলে সমীক্ষা কৰিছিল। নুপিডিয়াৰ সমলসমূহ বিনামূলীয়া সমল হিচাপে অনুজ্ঞাপ্ৰাপ্ত আছিল। ইয়াক জিম্মী ৱেলছে প্ৰতিষ্ঠা কৰিছিল, বমিছে অবলিখন কৰিছিল আৰু লেৰী ছেংগাৰ মুখ্য সম্পাদক আছিল। নুপিডিয়া ১৯৯৯ চনৰ অক্টোবৰ মাহৰ পৰা ২০০৩ চনৰ ছেপ্টেম্বৰ মাহলৈকে সক্ৰিয় আছিল।১২ বৰ্তমান ইয়াক ৱিকিপিডিয়াৰ পূৰ্বসূৰী বুলি জনা যায়। কিন্তু ৱিকি-আধাৰিত আপডেট বাস্তৱ সময়ত কৰাৰ সলনি ইয়াত প্ৰকাশ কৰাৰ আগতে প্ৰবন্ধৰ সমল নিয়ন্ত্ৰণ কৰিবলৈ সাতটা ঢাপৰ অনুমোদন প্ৰক্ৰিয়া আছিল। নুপিডিয়াক বিশেষজ্ঞসকলে নিয়মবোৰ পূৰ্বনিৰ্ধাৰণ কৰিবলৈ সমিতিয়ে প্ৰস্তুত কৰিছিল। প্ৰথম মাহত ২০০টা প্ৰবন্ধ আৰু প্ৰথম বছৰত ১৮,০০০ লেখা পোষ্ট কৰাৰ তুলনাত ইয়াৰ প্ৰথম বছৰত কেৱল ২১টা প্ৰবন্ধ অনুমোদন কৰা হৈছিল।৩ ৱিকিপিডিয়াৰ বিপৰীতে নুপিডিয়া এটা ৱিকি নহয়। ইয়াৰ পৰিৱৰ্তে ইয়াক এক বিস্তৃত পৰ্যালোচনা আৰু সমীক্ষা প্ৰক্ৰিয়াৰে ৰখা হৈছিল যাতে ইয়াৰ প্ৰবন্ধবোৰ পেছাদাৰী বিশ্বকোষৰ সৈতে তুলনা কৰিব পাৰি। নুপিডিয়ে সমলৰ বাবে বিদ্বান (বিশেষকৈ পিএইচডি ডিগ্ৰীধাৰী) স্বেচ্ছাসেৱক বিচাৰিছিল।৪ ইয়াৰ পৰিচালনা বন্ধ হোৱাৰ আগলৈকে নুপিডিয়াত ২৫টা অনুমোদিত প্ৰবন্ধ আছিল৫ আৰু আন ১৫০টা প্ৰবন্ধৰ কাম চলি আছিল।৬ প্ৰতিষ্ঠাপকদ্বয়ৰ ৱেলছে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সহজ প্ৰকাশ পছন্দ কৰিছিল আনহাতে ছেংগাৰে নুপিডিয়ায়ে ব্যৱহাৰ কৰা বিস্তৃত পৰ্যালোচনা আৰু সমীক্ষা কৰা দৃষ্টিভংগী পছন্দ কৰিছিল।৩ পিছলৈ তেওঁ ২০০৬ চনত ৱিকিপিডিয়াৰ বিকল্প হিচাপে বিশেষজ্ঞ-পৰ্যায়ৰ পৰ্যালোচনা আৰু সমীক্ষাৰে তৈয়াৰী 'চিটিজিনেডিয়াম'ৰ প্ৰতিষ্ঠা কৰে।৭

২০০৮ চনৰ জুনত যুক্তৰাজ্যৰ চিনেট প্ৰতিষ্ঠানে যুৱ ইণ্টাৰনেটৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বন্ধ হৈ থকা ৱেব ছাইট হিচাপে নুপিডিয়াক তালিকাভুক্ত কৰিছিল। কঠোৰ নিয়ন্ত্ৰণে প্ৰবন্ধৰ প্ৰকাশ নুপিডিয়াত সীমিত কৰিছিল।৮

নুপিডিয়াৰ দ্বাৰা ব্যৱহৃত তিনিটা ল'গ'। প্ৰথম ল'গ'টো ২০০০ চনৰ মাৰ্চ মাহৰ পৰা আগষ্ট মাহলৈ, দ্বিতীয়টো ২০০০ চনৰ আগষ্ট মাহৰৰ পৰা ২০০১ চনৰ ফেব্ৰুৱাৰী মাহলৈ আৰু তৃতীয়টো ২০০১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০০৩ চনৰ ছেপ্টেম্বৰ মাহলৈ ব্যৱহাৰ কৰা হৈছিল।
নুপিডিয়াৰ দ্বাৰা ব্যৱহৃত তিনিটা ল'গ'। প্ৰথম ল'গ'টো ২০০০ চনৰ মাৰ্চ মাহৰ পৰা আগষ্ট মাহলৈ, দ্বিতীয়টো ২০০০ চনৰ আগষ্ট মাহৰৰ পৰা ২০০১ চনৰ ফেব্ৰুৱাৰী মাহলৈ আৰু তৃতীয়টো ২০০১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০০৩ চনৰ ছেপ্টেম্বৰ মাহলৈ ব্যৱহাৰ কৰা হৈছিল।ছবি: Nupedia · Public domain

ইতিহাস

১৯৯৯ চনৰ অক্টোবৰ মাহত জিম্মী ৱেলছে স্বেচ্ছাসেৱকসকলে নিৰ্মাণ কৰা অনলাইন বিশ্বকোষৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰে আৰু ২০০০ চনৰ জানুৱাৰী মাহত ইয়াৰ বিকাশৰ তদাৰক কৰিবলৈ লেৰী ছেংগাৰক নিযুক্তি দিয়ে।২ ২০০০ চনৰ ৯ মাৰ্চত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে অনলাইনলৈ আহে।৯ কিন্তু ২০০০ চনৰ নৱেম্বৰ মাহলৈকে মাত্ৰ দুটা পূৰ্ণদৈৰ্ঘ্যৰ প্ৰবন্ধহে প্ৰকাশ পাইছিল।১০

আৰম্ভণিৰে পৰাই নুপিডিয়া আছিল এটা বিনামূলীয়া বিষয়বস্তুৰ বিশ্বকোষ,৯ বমিছে নুপিডিয়া ডট কমত অনলাইন বিজ্ঞাপনৰ পৰা ৰাজহ আহৰণ কৰাৰ উদ্দেশ্য লৈছিল।১০ প্ৰথম অৱস্থাত প্ৰকল্পটোৱে ঘৰতে উৎপাদিত অনুজ্ঞাপত্ৰ ব্যৱহাৰ কৰিছিল, নুপিডিয়া মুক্ত বিষয়বস্তু অনুজ্ঞাপত্ৰ। ২০০১ চনৰ জানুৱাৰী মাহত ৰিচাৰ্ড ষ্টলমেন আৰু ফ্ৰী চফ্টৱেৰ ফাউণ্ডেশ্যনৰ আহ্বানত ই জিএনইউ ফ্ৰী ডকুমেণ্টেচন লাইচেন্সলৈ সলনি হয়।১১ ২০০১ চনৰ জানুৱাৰী মাহত নুপিডিয়াই পিয়েৰ ৰিভিউ প্ৰক্ৰিয়াত প্ৰৱেশ কৰাৰ আগতে প্ৰবন্ধসমূহৰ ওপৰত সহযোগিতা কৰাৰ অনুমতি দিবলৈ ৱিকিপিডিয়াক পাৰ্শ্ব-প্ৰকল্প হিচাপে আৰম্ভ কৰে।১২ ইয়াৰ ফলত দুয়োপক্ষৰ আগ্ৰহ বৃদ্ধি হৈছিল, কিয়নো ই জিএনই বিশ্বকোষৰ সমৰ্থকসকলে অনুকূল কম আমোলাতন্ত্ৰিক গাঁথনি প্ৰদান কৰিছিল। ফলত জিএনইৰ প্ৰকৃততে কেতিয়াও বিকাশ নহ’ল, আৰু প্ৰকল্পসমূহৰ মাজত প্ৰতিযোগিতাৰ ভাবুকি ৰোধ হ’ল। ৱিকিপিডিয়া বৃদ্ধি আৰু অৱদানকাৰীক আকৰ্ষণ কৰাৰ লগে লগে ই দ্ৰুতগতিত নিজস্ব জীৱন গঢ়ি তুলিছিল আৰু নুপিডিয়াৰ পৰা বহুলাংশে স্বাধীনভাৱে কাম কৰিবলৈ আৰম্ভ কৰিছিল যদিও প্ৰথম অৱস্থাত ছেংগাৰে নুপিডিয়াৰ মুখ্য সম্পাদক হিচাপে নিজৰ পদৱীৰ বাবে ৱিকিপিডিয়াত কাৰ্যকলাপৰ নেতৃত্ব দিছিল।

জিএনই প্ৰকল্প বন্ধ কৰাৰ উপৰিও ৱিকিপিডিয়াই ক্ৰমান্বয়ে নুপিডিয়াৰ অৱসান ঘটায়। সেই সময়ত ইণ্টাৰনেট অৰ্থনীতিৰ পতনৰ বাবে জিম্মী ৱেলছে ২০০১ চনৰ ডিচেম্বৰ মাহত এজন দৰমহাপ্ৰাপ্ত মুখ্য সম্পাদকৰ বাবে ধন বন্ধ কৰাৰ সিদ্ধান্ত লয়,২ আৰু তাৰ কিছু সময়ৰ পিছতে ছেংগাৰে দুয়োটা প্ৰকল্পৰ পৰা পদত্যাগ কৰে।১৩ ছেংগাৰৰ বিদায়ৰ পিছত নুপিডিয়া ক্ৰমান্বয়ে ৱিকিপিডিয়াৰ বাবে এটা আফটাৰথ্থ হৈ পৰিছিল; পৰ্যালোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নুপিডিয়াৰ প্ৰবন্ধসমূহৰ ভিতৰত ২০০১ চনৰ পিছত মাত্ৰ দুটাহে তেনে কৰিছিল। নুপিডিয়া নিষ্ক্ৰিয়তালৈ যোৱাৰ লগে লগে ইয়াক অনুমোদিত ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সুস্থিৰ সংস্কৰণলৈ ৰূপান্তৰিত কৰাৰ ধাৰণাটো মাজে মাজে উত্থাপন কৰা হৈছিল, কিন্তু কেতিয়াও কাৰ্যকৰী কৰা হোৱা নাছিল। ২০০৩ চনৰ ছেপ্টেম্বৰ মাহত নুপিডিয়াৰ চাৰ্ভাৰ বিকল হৈ পৰে।১৪ নুপিডিয়াৰ বিশ্বকোষীয় বিষয়বস্তু ৱিকিপিডিয়াত আত্মসাৎ কৰা হৈছিল।১৫

সম্পাদনা প্ৰক্ৰিয়া

ৰ বিষয়ে‍ নুপিডিয়াৰ এটা প্ৰবন্ধ]]

নুপিডিয়াৰ সাত তৰপীয়া সম্পাদনা প্ৰক্ৰিয়া আছিল, য'ত আছিল:

  1. আবণ্টন কৰা কাৰ্য
  2. এজন মুখ্য পৰ্যালোচক বিচাৰি উলিওৱা
  3. পৰ্যালোচনাৰ নেতৃত্ব দিয়া
  4. মুকলি পৰ্যালোচনা
  5. কপি সম্পাদনাৰ নেতৃত্ব দিয়া
  6. কপি সম্পাদনা মুকলি কৰা
  7. চূড়ান্ত অনুমোদন আৰু মাৰ্কআপ কৰা।

লেখকসকলৰ বিশেষজ্ঞ জ্ঞান থাকিব বুলি আশা কৰা হৈছিল (যদিও বিশেষজ্ঞৰ সংজ্ঞাই কিছু পৰিমাণে নমনীয়তাৰ অনুমতি দিছিল, আৰু স্বীকাৰ কৰা হৈছিল যে কিছুমান প্ৰবন্ধ বিশেষজ্ঞৰ পৰিৱৰ্তে এজন ভাল লেখকে লিখিব পাৰে) ১৬ আৰু প্ৰবন্ধ প্ৰকাশৰ বাবে অনুমোদন দিয়া সম্পাদকসকলে "নিজৰ ক্ষেত্ৰৰ প্ৰকৃত বিশেষজ্ঞ হ'ব আৰু (কিছু ব্যতিক্ৰম বাদ দি) পি এইচ ডিৰ অধিকাৰী হ'ব পাৰে" বুলি আশা কৰা হৈছিল।১৭

ৰুথ ইফচাৰ আছিল এনে এগৰাকী ব্যক্তি যিয়ে‍ নুপেডিয়াৰ প্ৰাৰম্ভিক নীতি আৰু পদ্ধতিৰ সৈতে‍ ঘনিষ্ঠভাৱে জডি়ত আছিল আৰু তেওঁৰ ওপৰত ছেংগাৰে নিৰ্ভৰ কৰিছিল। কেইবাটাও উচ্চ ডিগ্ৰীধাৰী ইফচাৰ এজন কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু প্ৰাক্তন কপি সম্পাদক আছিল আৰু স্বেচ্ছাসেৱী মুখ্য কপি সম্পাদক হ'বলৈ সন্মত হৈছিল।১৮

চফ্টৱেৰৰ বিকাশ

নুপিডিয়া নুপক’ড সহযোগী চফ্টৱেৰৰ দ্বাৰা চালিত আছিল। নুপক’ড হৈছে মুক্ত/মুক্ত উৎস চফ্টৱেৰ (GNU সাধাৰণ ৰাজহুৱা অনুজ্ঞাৰ অধীনত মুকলি কৰা) যি বৃহৎ পিয়েৰ ৰিভিউ প্ৰকল্পৰ বাবে ডিজাইন কৰা হৈছে। নুপিডিয়াৰ চিভিএছ ভঁৰালৰ জৰিয়তে এই ক’ডটো উপলব্ধ আছিল।

প্ৰকল্পটোৰ অংশ হিচাপে মূল চফ্টৱেৰৰ এটা নতুন সংস্কৰণ (যাক "NuNupedia" বুলি কোৱা হয়) প্ৰস্তুত কৰা হৈছিল। নুনুপেডিয়াক ছ'ৰ্চফৰ্জত পৰীক্ষাৰ বাবে প্ৰণয়ন কৰা হৈছিল, কিন্তু মূল চফ্টৱেৰৰ ঠাইত কেতিয়াও পৰ্যাপ্ত বিকাশৰ পৰ্যায়ত উপনীত হোৱা নাছিল।১৯

তথ্যসূত্ৰ

  1. ↑ (2016). Nupedia.com WHOIS, DNS, & DomainTools. WHOIS
  2. ↑ Poe, Marshall. (September 2006). The Hive. The Atlantic
  3. ↑ Sanger, Larry. (April 18, 2005). The Early History of Nupedia and Wikipedia: A Memoir. Slashdot
  4. ↑ Lih, Andrew. (2009). ((The Wikipedia Revolution|The Wikipedia Revolution: How a Bunch of Nobodies Created the World's Greatest Encyclopedia)). Aurum. পৃ. 38. ISBN 9781845134730
  5. ↑ Shun-Ling, Chen. (May 5, 2010). Self-governing online communities in Web 2.0: privacy, anonymity and accountability in Wikipedia. Albany Law Journal
  6. ↑ (2017-06-13). When Wikipedia was young: the early years. VatorNews
  7. ↑ Wikipedia founder forks Wikipedia
  8. ↑ Lanxon, Nate. (June 5, 2008). The greatest defunct Web sites and dotcom disasters. CNET UK. পৃ. 5
  9. ↑ Gouthro, Liane. (10 March 2000). Building the world's biggest encyclopedia. PC World
  10. ↑ Frauenfelder, Mark. (21 November 2000). The Next Generation of Online Encyclopedias. The Industry Standard/CNN
  11. ↑ Wales, Jimmy. (17 January 2001). Re:GNUPedia = Nupedia. GNUPedia Project Starting. Slashdot
  12. ↑ Sanger, Larry. (10 January 2001). Let's make a wiki. Nupedia-l mailing list. Internet Archive
  13. ↑ Sanger, Larry. (March 2002). My Resignation. Wikipedia-L. Bomis
  14. ↑ 1 Nazis and Norms. Reagle.org. পৃ. 9
  15. ↑ Waters 2010, pp. 179–180
  16. ↑ (16 November 2000). Nupedia.com Editorial Policy Guidelines (Version 3.31). Nupedia
  17. ↑ How to be an editor or peer reviewer for Nupedia. Nupedia
  18. ↑ Lih, Andrew. (2009). The Wikipedia Revolution. Hyperion. পৃ. 37. ISBN 9781401303716
  19. ↑ (22 March 2013). NuNupedia. SourceForge

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুপিডিয়া” প্ৰবন্ধৰ সংশোধন ৬৩০৯০৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।