অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছেলিনা বানু

ছেলিনা বানু (ইংৰাজী: Selina Banu; জন্ম: ১২ অক্টোবৰ ১৯২৬ – মৃত্যু: ২৬ জানুৱাৰী ১৯৮৩) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ, সমাজকৰ্মী আৰু নাৰীবাদী আছিল।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ছেলিনা বানু (ইংৰাজী ভাষা: Selina Banu; জন্ম: ১২ অক্টোবৰ ১৯২৬ – মৃত্যু: ২৬ জানুৱাৰী ১৯৮৩) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ, সমাজকৰ্মী আৰু নাৰীবাদী আছিল।১২

প্ৰাৰম্ভিক জীৱন

ব্ৰিটিছ ৰাজৰ পূৰ্ব বংগৰ পাবনা জিলাৰ পাবনাত বানুৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৱাশ্বিম উদ্দিন আহমেদ বংগ বিধান পৰিষদৰ এজন সদস্য আছিল। তেওঁ কমিউনিষ্ট ষ্টাডী গ্ৰুপত যোগদান কৰিছিল। তেওঁ ১৯৪৩ চনত পাবনা গাৰ্লছ স্কুলৰপৰা আৰু ১৯৪৫ চনত পাবনা এডৱাৰ্ড কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৩ তেওঁ ১৯৪৯ চনত পাবনা এডৱাৰ্ড কলেজৰপৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।৩ ১৯৬১ চনত তেওঁ ঢাকা টিচাৰ্ছ ট্ৰেইনিং কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৩ চনৰ বংগৰ দুৰ্ভিক্ষৰ সময়ত তেওঁ মহিলা আত্মৰক্ষা সমিতিৰদ্বাৰা পৰিচালিত খাদ্য আৰু আশ্ৰয় গৃহত কাম কৰিছিল।৪

কৰ্মজীৱন

বানুৱে পাবনা চৰকাৰী বালিকা বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। তেওঁ ১৯৫৩ চনত আৱামী লীগত যোগদান কৰে আৰু প্ৰাদেশিক সমিতিৰ মহিলা সম্পাদিকা হিচাপে নিৰ্বাচিত হয়। পিছৰ বছৰত তেওঁ যুক্ত ফ্ৰণ্টৰপৰা পূৰ্ব পাকিস্তান বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁক আৱামী লীগে হুইপ হিচাপে মনোনীত কৰিছিল। তেওঁ ইলা মিত্ৰৰ ওপৰত আৰক্ষীৰ আচৰণৰ সমালোচনা কৰিছিল আৰু তেওঁৰ আটকৰ অন্ত পেলাবলৈ দাবী জনাইছিল। তেওঁ নেচনেল আৱামী পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য নিৰ্বাচিত হৈছিল। পিছলৈ তেওঁ ৰংপুৰ চৰকাৰী বালিকা বিদ্যালয়ত আৰু ১৯৫৯ চনৰপৰা ১৯৬৪ চনলৈ নাৰী শিক্ষা মন্দিৰত শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল। তেওঁ পাবনা কেন্দ্ৰীয় বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছিল।৪

বানুৱে ১৯৬৪ চনত ফৰিদা বিদ্যায়তন স্কুলত প্ৰধান শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। তেওঁ ১৯৬৭ চনত নেচনেল আৱামী পাৰ্টিৰ মস্কো পন্থী শাখাত যোগদান কৰে। ৰাজশাহী বিশ্ববিদ্যালয়ত ড° মহম্মদ ছামছুজ্জোহাক হত্যা কৰাৰ পাছত ১৯৬৯ চনত তেওঁ কুমিল্লাত এক প্ৰতিবাদী কাৰ্যসূচীত সভাপতিত্ব কৰিছিল। বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত তেওঁ বিধান নগৰৰ ছল্ট লেক চিটি আৰু আগৰতলাৰ শৰণাৰ্থী শিবিৰত কাম কৰিছিল।৪ তেওঁৰ কন্যা শিৰীন বানুৱে পুৰুষৰ ছদ্মবেশত বাংলাদেশৰ মুক্তিযুদ্ধত যুঁজিছিল।৫

মৃত্যু

৫৬ বছৰ বয়সত বানুৰ মৃত্যু হয়।৪

তথ্যসূত্ৰ

  1. ↑ (26 March 2015). "When the war was over, our struggle ended but the struggle of the Biranganas had just begun.". The Daily Star
  2. ↑ (6 May 2009). War hero Selina fought for repression-free society. The Daily Star
  3. ↑ Topu, Ahmed Humayun Kabir. Language Movement in Pabna: Two heroes still not recognised. The Daily Star (Bangladesh)
  4. ↑ Siddiqui, Mamun. Banu, Selina. Banglapedia
  5. ↑ (22 July 2016). Freedom fighter Shirin Banu passes away. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ নাৰীবাদীৰাজনীতিবিদসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেলিনা বানু” প্ৰবন্ধৰ সংশোধন ৫৯৩৯০৭ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।