অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিচিয়ো চুজিমুৰা

মিচিয়ো চুজিমুৰা (Michiyo Tsujimura, 辻村みちよ, ১৭ ছেপ্টেম্বৰ ১৮৮৮ – ১ জুন ১৯৬৯) এগৰাকী জাপানী কৃষি বিজ্ঞানী আৰু জৈৱ ৰসায়নবিদ আছিল। তেওঁৰ গৱেষণাই সেউজীয়া চাহৰ উপাদানসমূহৰ ওপৰত গুৰুত্ব দিছিল। কৃষিক্ষেত্ৰত ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁ জাপানৰ প্ৰথম গৰাকী মহিলা আছিল।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৪ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মিচিয়ো চুজিমুৰা (Michiyo Tsujimura, 辻村みちよ, ১৭ ছেপ্টেম্বৰ ১৮৮৮ – ১ জুন ১৯৬৯) এগৰাকী জাপানী কৃষি বিজ্ঞানী আৰু জৈৱ ৰসায়নবিদ আছিল। তেওঁৰ গৱেষণাই সেউজীয়া চাহৰ উপাদানসমূহৰ ওপৰত গুৰুত্ব দিছিল। কৃষিক্ষেত্ৰত ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁ জাপানৰ প্ৰথম গৰাকী মহিলা আছিল।

ইতিহাস

চুজিমুৰাৰ জন্ম হয় ১৮৮৮ চনত চাইটামা প্ৰিফেকচাৰৰ ওকেগাৱাত। তেওঁ টকিঅ' প্ৰিফেকচাৰ মহিলা নৰ্মাল স্কুলত অধ্যয়ন কৰি ১৯০৯ চনত সেই অনুষ্ঠানৰ শিক্ষা সাং কৰি ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত চুজিমুৰাক টকিঅ' ৱুমেনছ হায়াৰ নৰ্মাল স্কুলৰ বিজ্ঞান বিভাগত জীৱবিজ্ঞানী কোন য়াচুই শিক্ষাদান কৰে আৰু চুজিমুৰাৰ মনত বৈজ্ঞানিক গৱেষণাৰ প্ৰতি আগ্ৰহ জন্মায়। তেওঁ ১৯১৩ চনত স্নাতক উপাধি লাভ কৰে আৰু কানাগাৱা প্ৰিফেকচাৰৰ য়োকোহামা হাই স্কুল ফৰ ৱুমেনত শিক্ষক হিচাপে নিযুক্ত হয়। ১৯১৭ চনত, তেওঁ চাইটামা ৱুমেন নৰ্মাল স্কুলত শিক্ষকতা কৰিবলৈ চাইটামা প্ৰিফেকচাৰলৈ উভতি আহে।১

১৯২০ চনত হোক্কাইডো ইম্পেৰিয়েল বিশ্ববিদ্যালয়ত গৱেষণাগাৰৰ সহায়ক হিচাপে যোগদান কৰা কালৰে পৰা চুজিমুৰাৰ গৱেষণাৰ কেৰিয়াৰ আৰম্ভ হৈছিল। সেই সময়ত বিশ্ববিদ্যালয়খনে মহিলা ছাত্ৰীসকলক দৰি লোৱা নাছিল। সেয়েহে চুজিমুৰাই বিশ্ববিদ্যালয়ৰ কৃষি ৰসায়ন বিভাগৰ খাদ্য পুষ্টি গৱেষণাগাৰত অবৈতনিক পদত কাম কৰিছিল। ১৯২২ চনত টকিঅ' ইম্পেৰিয়েল বিশ্ববিদ্যালয়ৰ অধীনস্থ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা ৰসায়ন গৱেষণাগাৰলৈ বদলি হোৱাৰ আগতে তেওঁ ৰেচমপলুৰ পুষ্টিৰ ওপৰত গৱেষণা কৰিছিল। ১৯২৩ চনৰ কেণ্ট' ভূমিকম্পত এই গৱেষণাগাৰটো ধ্বংস হৈছিল। সেয়েহে ১৯২৩ চনৰ অক্টোবৰত তেওঁ গৱেষক ছাত্ৰী হিচাপে ৰিকেনলৈ বদলি হৈছিল। তেওঁ কৃষি বিভাগৰ চিকিৎসক উমেটাৰো চুজুকিৰ পৰীক্ষাগাৰত কাম কৰিছিল আৰু পুষ্টিগত ৰসায়ন বিজ্ঞানৰ ওপৰত গৱেষণা কৰিছিল। চুজিমুৰা আৰু তেওঁৰ সহকৰ্মী চেইটাৰো মিউৰাই ১৯২৪ চনত গ্ৰীণ টিত ভিটামিন চি আৱিষ্কাৰ কৰিছিল। এই বিষয়ে জৈৱ বিজ্ঞান, জৈৱ প্ৰযুক্তি আৰু জৈৱ ৰসায়ন বিষয়ক আলোচনীত "অন ভিটামিন চিৰ ইন গ্ৰীণ টি" শীৰ্ষক এটা প্ৰবন্ধও প্ৰকাশ হৈছিল।১ এই অনুসন্ধানে উত্তৰ আমেৰিকালৈ সেউজ চাহ বা গ্ৰীণ টিৰ ৰপ্তানি বৃদ্ধিত অৰিহণা যোগাইছিল।১

১৯২৯ চনত চুজিমুৰাই ফ্লেভোনইড কেটেচিনক সেউজ চাহৰ পৰা পৃথক কৰে। তেওঁ ১৯৩০ চনত সেউজীয়া চাহৰ পৰা স্ফটিক ৰূপত টেনিন আহৰণ কৰে। "অন দ্য কেমিকেল কম্প'নেণ্টছ অফ গ্ৰীন টি" শীৰ্ষক সেউজীয়া চাহৰ উপাদানসমূহৰ ওপৰত তেওঁৰ গৱেষণা পত্ৰৰ বাবে তেওঁ ১৯৩২ চনত টকিঅ' ইম্পেৰিয়েল বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিষয়ত ডক্টৰেট উপাধি অৰ্জন কৰে। তেওঁ আছিল এনে ডিগ্ৰী লাভ কৰা জাপানৰ প্ৰথম গৰাকী মহিলা।১২ তেওঁ ১৯৩৪ চনত সেউজ চাহৰ পৰা গ্লেণ্টচিনক পৃথক কৰিবলৈ লৈছিল আৰু ১৯৩৫ চনত উদ্ভিদৰ পৰা ভিটামিন চি স্ফটিক আহৰণ কৰাৰ পদ্ধতিৰ ওপৰত এটা পেটেণ্ট পঞ্জীয়ন কৰিছিল। ১৯৪৯ চনত প্ৰতিষ্ঠা হোৱা ওচানোমিজু বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্ত হোৱাৰ আগতে ১৯৪২ চনত তেওঁক ৰিকেনত কনিষ্ঠ গৱেষক আৰু পৰৱৰ্তী সময়ত গৱেষকলৈ পদোন্নতি দিয়া হৈছিল। তেওঁ ১৯৫০ চনৰ পৰা টকিঅ' ৱুমেনছ হায়াৰ নৰ্মাল স্কুলত অধ্যাপনা কৰিছিল আৰু বিদ্যালয়খনৰ ফেকাল্টী অফ হোম ইক'নমিকছৰ প্ৰথম ডিন আছিল।১

চুজিমুৰাই ১৯৫৫ চনত ওচানোমিজু বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে যদিও ১৯৬১ চনলৈকে অংশকালীনভাৱে বক্তৃতা দিয়া কাৰ্য অব্যাহত ৰাখে। তেওঁ ১৯৫৫ চনৰ পৰা ১৯৬৩ চনলৈ টকিঅ'ৰ জিছেন মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেউজ চাহৰ ওপৰত কৰা গৱেষণাৰ বাবে তেওঁক ১৯৫৬ চনত কৃষি বিজ্ঞানৰ জাপান বঁটা প্ৰদান কৰা হৈছিল। ১৯৬৮ চনত অৰ্ডাৰ অফ দ্য প্ৰেচিয়াছ ক্ৰাউন অফ দ্য ফোৰ্থ ক্লাছ সন্মান প্ৰদান কৰা হৈছিল। ১৯৬৯ চনৰ ১ জুনত ৮০ বছৰ বয়সত টয়োহাচীত তেওঁৰ দেহাৱসান ঘটে॥১

১৩৩ তম জন্মদিনত চুজিমুৰাক গুগল ডুডলেৰে সন্মানিত কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ Michiyo Tsujimura (1888–1969). Ochanomizu University
  2. ↑ Kodate, Naonori; Kodate, Kashiko. (2015). Japanese Women in Science and Engineering: History and Policy Change. Routledge. পৃ. 29. ISBN 978-1-317-59505-2
  3. ↑ (17 September 2021). Michiyo Tsujimura's 133rd Birthday. Google

সম্পৰ্কিত শ্ৰেণী

জাপানৰ ব্যক্তিৰসায়নবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচিয়ো চুজিমুৰা” প্ৰবন্ধৰ সংশোধন ৪১৯৭৬০ (২৬ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।