ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ (৮ ফেব্ৰুৱাৰী ১৭৯৪ - ২৫ মাৰ্চ ১৮৬৭) এগৰাকী জাৰ্মান বিশ্লেষণ ৰসায়ন বিজ্ঞানী। তেওঁ চকুৰ পিউপিলৰ বিস্তাৰণ চিনাক্ত কৰিছিল। ইয়াৰ লগতে তেওঁ বেলাডনা গছৰ ৰসৰ কাৰ্য, চাহ আৰু কফিত থকা কেফাইনৰ চিনাক্ত আৰু প্ৰবালৰ পৰা প্ৰথম এনিলিন ব্লু নামৰ নীলা ৰঞ্জক পদাৰ্থ নিষ্কাশন কৰিছিল।
প্ৰাৰম্ভিক জীৱন
ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগৰ ১৭৯৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে জাৰ্মানীৰ হেমবাৰ্গ চহৰত জন্ম হৈছিল। সৰুৰে পৰা তেওঁ ৰসায়নৰ বিভিন্ন অন্বেষণৰ প্ৰতি আকৰ্ষিত হৈছিল। এই সময়তে তেওঁ চকুৰ পিউপিলৰ বিস্তাৰণ চিনাক্ত কৰিছিল বেলাডনা গছৰ ৰসৰ কাৰ্য আৱিষ্কাৰ কৰিছিল।
কৰ্মজীৱন
১৮১৯ চনত তেওঁ নিজৰ আৱিষ্কাৰখিনি গথেক দেখুৱাইছিল। তেওঁ ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগক কফিৰ বিশ্লেষণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তাৰ কিছু মাহৰ পিছত তেওঁ কেফাইন চিনাক্ত কৰিছিল।১
ৰংগে জেনা আৰু বাৰ্লিনত ৰসায়ন বিজ্ঞান অধ্যয়ন কৰিছিল। তাত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তিনিবছৰ ইউৰোপৰ বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ পিছত তেওঁ ১৮৩১ চনলৈ ব্ৰেচলাও বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞানৰ অধ্যাপনা কৰিছিল। তাৰ পিছত তেওঁ ১৮৫২ চনলৈ এখন ৰসায়ন কোম্পানীত কৰ্মৰত আছিল। তাৰ পোন্ধৰ বছৰ পিছত তেওঁ অৰেইনবাৰ্গ চহৰত মৃত্যু বৰণ কৰে।
আবিষ্কাৰ সমূহ
তেওঁ বিশ্লেষণ ৰসায়নৰ এজন অগ্ৰণী বিজ্ঞানী আছিল। তেওঁ কেফাইন চিনাক্ত কৰিছিল। তদুপৰি তেওঁ প্ৰথমবাৰৰ বাবে আলকেতেৰাৰ পৰা এলিনীন ব্লু নামৰ নীলা ৰঙৰ ৰঞ্জক নিষ্কাশন কৰিছিল।২ ইয়াৰ লগতে তেওঁ আলকেতেৰাৰ পৰা বহুতো বস্তু, পেপাৰ ক্ৰমেট'গ্ৰাফী,৩ পাইৰল, চিন'লাইন, ফিনল, থাইমল আৰু এট্ৰপাইন আৱিষ্কাৰ কৰিছিল।
১৮৫৫ চনত তেওঁ পোনপ্ৰথমে লিছেগেং ৰিংছ আৱিষ্কাৰ কৰিছিল।৪৫
তথ্যসূত্ৰ
- ↑ Runge, Friedlieb Ferdinand. (1820). Neueste phytochemische Entdeckungen zur Begründung einer wissenschaftlichen Phytochemie. G. Reimer. পৃ. 144–159
- ↑ Runge called aniline blue "Kyanol" (blue-oil). See: * F. F. Runge (1834) "Ueber einige Produkte der Steinkohlendestillation" (On some products of coal distillation), Annalen der Physik und Chemie, 31: 65–78. * F. F. Runge (1834) "Ueber einige Produkte der Steinkohlendestillation," Annalen der Physik und Chemie, 31: 308–328. * F. F. Runge (1834) "Ueber einige Producte der Steinkohlen-destillation," Annalen der Physik und Chemie, 31: 513–524
- ↑ Runge placed drops of reactant solutions on blotting paper and then added a drop of a second reactant solution on top of the first drop. The solutions would react as they spread through the blotting paper, often producing colored patterns. His results were published in two books: * F. F. Runge, Farbenchemie. Musterbilder für Freunde des Schönen und zum Gebrauch für Zeichner, Maler, Verzierer und Zeugdrucker, dargestellt durch chemische Wechselwirkung [Color chemistry. Sample images for friends of beauty and for use by sketchers, painters, decorators, and printers, prepared by chemical interaction] (Berlin, (Germany): (Self-published), 1850). * F. F. Runge, Der Bildungstrieb der Stoffe, veranschaulicht in selbstständig gewachsenen Bilder [The formative tendency of substances illustrated by autonomously developed images] (Oranienburg, (Germany): (Self-published), 1855)
- ↑ Henisch, Heinz K. (1988). Crystals in Gels and Liesegang Rings. Cambridge University Press. পৃ. 2
- ↑ Friedlieb Ferdinand, Runge. (1855). Der Bildungstrieb der Stoffe: veranschaulicht in selbstständig gewachsenen Bildern (Fortsetzung der Musterbilder). Oranienburg: Selvstverlag: Zu haben in Mittler's Sortiments-Buchhandlung, in Berlin, Stechbahn No. 3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ” প্ৰবন্ধৰ সংশোধন ৩৮১৯৩০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।