অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুঞ্জী বাৱেণ্ডি

মুঞ্জী বাৱেণ্ডি (Moungi Bawendi, منجي الباوندي; জন্ম: ১৫ মাৰ্চ ১৯৬১) এগৰাকী আমেৰিকান–টিউনিছিয়ান–ফৰাচী ৰসায়নবিদ। বৰ্তমান তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ লেষ্টাৰ উল্ফ আসনৰ অধ্যাপক। তেওঁ ঘাইকৈ উচ্চমানৰ কোৱাণ্টাম ডটৰ ৰাসায়নিক উৎপাদনৰ অগ্ৰগতিৰ বাবে জনাজাত।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৮০০ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মুঞ্জী বাৱেণ্ডি (Moungi Bawendi, منجي الباوندي; জন্ম: ১৫ মাৰ্চ ১৯৬১) এগৰাকী আমেৰিকান–টিউনিছিয়ান–ফৰাচী ৰসায়নবিদ।১২ বৰ্তমান তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ লেষ্টাৰ উল্ফ আসনৰ অধ্যাপক।৩৪ তেওঁ ঘাইকৈ উচ্চমানৰ কোৱাণ্টাম ডটৰ ৰাসায়নিক উৎপাদনৰ অগ্ৰগতিৰ বাবে জনাজাত।৫৬ ২০২৩ চনত তেওঁ এই গৱেষণাৰ বাবে এলেক্সি একিম'ভ আৰু লুই ই. ব্ৰুচৰ সৈতে যুটীয়াভাৱে ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৭

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬১ চনৰ ১৫ মাৰ্চ তাৰিখে ফ্ৰান্সৰ পেৰিছ চহৰত মুঞ্জী বাৱেণ্ডিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ টিউনিছিয়ান গণিতজ্ঞ মহম্মদ চালাহ বাৱেণ্ডি। ফ্ৰান্স আৰু টিউনিছিয়াত কিছুদিন বাস কৰাৰ পিছত মহম্মদ চালাহ বাৱেণ্ডি আৰু তেওঁৰ পৰিয়ালে সৰুতে আমেৰিকালৈ প্ৰব্ৰজন কৰে।৮ চালাহে পাৰ্ডু বিশ্ববিদ্যালয়ৰ গণিত বিভাগত কাম কৰাৰ বাবে তেওঁলোক ইণ্ডিয়ানাৰ পশ্চিম লাফায়েটত বাস কৰিছিল। ১৯৭৮ চনত ৱেষ্ট লাফায়েট জুনিয়ৰ-চিনিয়ৰ হাইস্কুলৰ পৰা মুঞ্জী বাৱেণ্ডিয়ে প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল।৯১০

তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ১৯৮২ চনত বি এ আৰু ১৯৮৩ চনত এম এ ডিগ্ৰী লাভ কৰে।১১১২ ১৯৮৮ চনত তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ পৰা কাৰ্ল ফ্ৰীড আৰু টাকেশ্বি অকাৰ তত্ত্বাৱধানত ৰসায়ন বিজ্ঞানত পি.এইচ.ডি ডিগ্ৰী লাভ কৰে।৭১৩

গৱেষণা

কাৰ্ল ফ্ৰীডৰ সৈতে বাৱেণ্ডিয়ে তাত্ত্বিক পলিমাৰ পদাৰ্থবিজ্ঞানৰ বিষয়ে গৱেষণা কৰিছিল। তেওঁ টাকেশ্বি অকাৰ সৈতে ট্ৰাইহাইড্ৰ'জেন কেটায়নৰ (H3+) হট-বেণ্ডৰ ওপৰত পৰীক্ষাৰ কাম কৰিছিল। এয়া ১৯৮৯ চনত পৰ্যবেক্ষণ কৰা বৃহস্পতিৰ নিৰ্গমন বৰ্ণালীৰ পাঠোদ্ধাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।১৪১৫

স্নাতক অধ্যয়নৰ সময়ত অকাই বাৱেণ্ডিক বেল লেবছৰ গ্ৰীষ্মকালীন কাৰ্যসূচীলৈ যোগদান কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াত তেওঁক লুই ই. ব্ৰুচে কোৱাণ্টাম ডটৰ ওপৰত গৱেষণাৰ সৈতে পৰিচয় কৰাই দিছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বাৱেণ্ডিয়ে ব্ৰুচৰ সৈতে বেল লেবছত পোষ্ট ডক্টৰেট গৱেষক হিচাপে কাম কৰিবলৈ যায়।

১৯৯০ চনত বাৱেণ্ডিয়ে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি)ত যোগদান কৰে আৰু ১৯৯৬ চনত তেওঁ ইয়াৰ অধ্যাপক পদ লাভ কৰে।১৬

মুঞ্জী বাৱেণ্ডি ২০০০ চনৰ পৰা ২০১০ চনলৈকে সেই দশকৰ অন্যতম আটাইতকৈ বেছি উদ্ধৃত ৰসায়নবিদ আছিল।১৭ কোৱাণ্টাম ডটৰ গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত তেওঁ এজন আগশাৰীৰ বিজ্ঞানী। কোৱাণ্টাম ডট হৈছে ক্ষুদ্ৰ অৰ্ধপৰিবাহী স্ফটিক যাৰ নেন'স্কেল আকাৰে ইহঁতক অনন্য আলোকীয় আৰু ইলেক্ট্ৰনিক ধৰ্ম প্ৰদান কৰে।১৮

সুস্থিৰ আৰু একেধৰণৰ উচ্চমানৰ কোৱাণ্টাম ডট সৃষ্টিৰ উপায় বিচাৰি উলিওৱা কোৱাণ্টাম ডট গৱেষণাৰ এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। কোৱাণ্টাম ডট সংশ্লেষণৰ বাবে প্ৰামাণিক পদ্ধতি বিকশিত কৰাৰ গৱেষণাৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছে। ১৯৯৩ চনত তেওঁ আৰু তেওঁৰ পি এইচ ডি ছাত্ৰ ডেভিদ জে ন'ৰিছ আৰু ক্ৰিষ্টোফাৰ বি মুৰে সুনিৰ্দিষ্ট আকাৰৰ আৰু উচ্চ আলোকীয় মানৰ পুনৰুত্পাদনযোগ্য কোৱাণ্টাম ডট উৎপাদনৰ বাবে উষ্ণ-ইনজেকচন সংশ্লেষণ পদ্ধতিৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰে।১৯ ৰাসায়নিক উৎপাদন পদ্ধতিৰ এই অগ্ৰগতিৰ ফলত কোৱাণ্টাম বিন্দুবোৰক আকাৰ অনুসৰি “টিউন” কৰা সম্ভৱ হয় আৰু ইয়াৰ ফলত ভৱিষ্যদ্বাণীযোগ্য ধৰ্ম লাভ কৰা সম্ভৱপৰ হয়। ইয়াৰ ফলত বিজ্ঞানীসকলে এই পদাৰ্থৰ ওপৰত বহু বেছি নিয়ন্ত্ৰণ লাভ কৰে আৰু নিখুঁত আৰু পুনৰুত্পাদনযোগ্য ফলাফল লাভ কৰা সম্ভৱ কৰি তোলে।২০২১

এই পদ্ধতিয়ে কোৱাণ্টাম ডটৰ বৃহৎ পৰিসৰৰ প্ৰযুক্তিগত প্ৰয়োগৰ বিকাশৰ দুৱাৰ মুকলি কৰি দিলে। কোৱাণ্টাম ডট প্ৰযুক্তি বৰ্তমান পোহৰ নিৰ্গত কৰা ডাইঅ'ড (এলইডি), ফটোভল্টিক (সৌৰকোষ), ফটোডিটেক্টৰ, ফটোকণ্ডাক্টৰ, লেজাৰ, জৈৱ-চিকিৎসা ইমেজিং, বায়'চেন্সিং আৰু অন্যান্য প্ৰয়োগত ব্যৱহাৰ কৰা হয়।২২২৩

বঁটা আৰু সন্মান

১৯৯৪ চনত মুঞ্জী বাৱেণ্ডিক স্ল'ন ৰিচাৰ্চ ফেল'শ্বিপ প্ৰদান কৰা হয়।২৪ ১৯৯৭ চনত তেওঁ আমেৰিকান কেমিকেল ছ'চাইটিৰ ৰসায়ন বিজ্ঞানৰ স্নাতক শিক্ষাৰ বাবে নোবেল স্বাক্ষৰ বঁটা লাভ কৰে। ২৫ ২০০১ চনত তেওঁ উন্নত সামগ্ৰীৰ ভৌতিক ৰসায়ন বিজ্ঞানৰ চেকলাৰ বঁটা লাভ কৰে।২৬ ২০০৬ চনত তেওঁক আৰ্নেষ্ট অৰলেণ্ডো লৰেন্স বঁটাৰে সন্মানিত কৰা হয়।২৭

তেওঁ ২০০৩ চনত আমেৰিকান এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সৰ২৮, ২০০৪ চনত আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছৰ২৯, আৰু ২০০৭ চনত নেচনেল একাডেমী অৱ চাইন্সেছৰ সদস্য নিৰ্বাচিত হয়।৩০

২০১০ চনৰ ২৩ মাৰ্চত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সভাৰ সময়ত বাৱেণ্ডিয়ে কলয়ড আৰু পৃষ্ঠ ৰসায়ন বিজ্ঞানত এচিএছ বঁটা লাভ কৰে।৩১ কোৱাণ্টাম ডট গৱেষণাৰ বাবে তেওঁ ২০১১ চনত উত্তৰ আমেৰিকাৰ বাবে ছেমি বঁটাও লাভ কৰে।৩২

তেওঁক ২০২০ চনত ক্ৰিষ্টোফাৰ বি মুৰে আৰু হিয়ন টায়েগৱানৰ সৈতে যৌথভাৱে, "ভৌতিক, জৈৱিক আৰু চিকিৎসা ব্যৱস্থাত বহুতো প্ৰয়োগৰ বাবে নিখুঁত বৈশিষ্ট্যৰ সৈতে নেন'স্ফটিক সংশ্লেষণৰ বাবে।" ৰসায়ন বিজ্ঞানৰ ক্লাৰিভেট চাইটেচন বঁটা বিজয়ী হিচাপে নিৰ্বাচিত কৰা হয়।৩৩

তেওঁ এলেক্সি একিম'ভ আৰু লুই ই. ব্ৰুচৰ সৈতে "কোৱাণ্টাম ডট আৱিষ্কাৰ আৰু সংশ্লেষণৰ বাবে" ২০২৩ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।

টিউনিছ বিশ্ববিদ্যালয়ৰ মেডেল অৱ অনাৰেও তেওঁক সন্মানিত কৰা হয়।৩৪

অসামৰিক সন্মান

Order of the Republic (Tunisia) - ribbon bar.gif
ছবি: McOleo · CC0

গ্ৰেণ্ড অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক (টিউনিছিয়া, ২০২৪)৩৫৩৬

ব্যক্তিগত জীৱন

এম আই টিৰ এগৰাকী অধ্যাপক ছেথ জে টেলাৰৰ বিধৱা সাংবাদিক পত্নী ৰেচেল জিমাৰমেনৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়।৩৭

নিৰ্বাচিত প্ৰকাশন

তথ্যসূত্ৰ

  1. ↑ Tiss, Mohsen. (October 4, 2023). Le Tunisien Moungi G. Bawendi parmi les lauréats du prix Nobel de chimie. Tunisie
  2. ↑ (October 4, 2023). Le Tunisien Moungi Bawendi parmi le trois Prix Nobel de chimie 2023
  3. ↑ Devlin, Hannah; correspondent, Hannah Devlin Science. (2023-10-04). Scientists share Nobel prize in chemistry for quantum dots discovery. The Guardian
  4. ↑ An overview of the main Tunisian scientists in Chemistry and Materials Science
  5. ↑ Moungi Bawendi. mit.edu
  6. ↑ Moungi Bawendi. mit.edu
  7. ↑ The Nobel Prize in Chemistry 2023. NobelPrize.org
  8. ↑ Baklouti, Ali; El Kacimi, Aziz; Kallel, Sadok. (2015). Analysis and Geometry: MIMS-GGTM, Tunis, Tunisia, 2014. In Honour of Mohammed Salah Baouendi. Springer. ISBN 9783319174426
  9. ↑ Distinguished West Lafayette Alumni to Return for Wall of Pride Celebration. West Lafayette Schools Education Foundation
  10. ↑ Bangert, Dave. (4 October 2023). West Lafayette grad awarded Nobel Prize in Chemistry. www.basedinlafayette.com
  11. ↑ (4 October 2023). University of Chicago alum shares Nobel Prize in Chemistry - CBS Chicago. CBS News
  12. ↑ Gregersen, Erik. (October 6, 2023). Moungi Bawendi · Biography, Nobel Prize, Quantum Dots, & Facts · Britannica. www.britannica.com
  13. ↑ Bawendi, Moungi Gabriel. (1988). From the Biggest to the Smallest Polyatomic Molecules: Statistical Mechanics and Quantum Mechanics in Action. University of Chicago
  14. ↑ (2023-10-04). UChicago alum Moungi Bawendi shares Nobel Prize in Chemistry for discovery of quantum dots · University of Chicago News. news.uchicago.edu
  15. ↑ Oka, Takeshi. (2013-10-03). My 45 Years of Astrochemistry: Memoirs of Takeshi Oka. The Journal of Physical Chemistry A. পৃ. 9308–9313
  16. ↑ (2023-10-04). Names of purported Nobel chemistry prize winners inadvertently released. Reuters
  17. ↑ Most cited chemists. Thomson Reuters
  18. ↑ Singh, Suchita; Dhawan, Aksha; Karhana, Sonali. (29 November 2020). Quantum Dots: An Emerging Tool for Point-of-Care Testing. Micromachines. পৃ. 1058
  19. ↑ Robinson2023-10-11T17:50:00+01:00, Julia. The quantum dot story. Chemistry World
  20. ↑ Palma, Jasmine; Wang, Austin H. (October 6, 2023). One Small Quantum Dot, One Giant Leap for Nanoscience: Moungi Bawendi '82 Wins Nobel Prize in Chemistry · News · The Harvard Crimson. The Harvard Crimson
  21. ↑ Linke, Heiner. (3 October 2023). Quantum dots — seeds of nanoscience. The Royal Swedish Academy of Sciences
  22. ↑ Lerner, Eric J. (1 December 2000). Introduction to photodetectors and applications. Laser Focus World
  23. ↑ Cotta, Mônica A. (26 June 2020). Quantum Dots and Their Applications: What Lies Ahead?. ACS Applied Nano Materials. পৃ. 4920–4924
  24. ↑ Fellows Database. Alfred P Sloan Foundation
  25. ↑ American Chemical Society's president comments on award of 2023 Nobel Prize in Chemistry. American Chemical Society
  26. ↑ (2012-09-05). Past Laureates of the Raymond and Beverly Sackler International Prize in the Physical Sciences. Tel Aviv University
  27. ↑ (2022-06-16). LAWRENCE Award Laureates · U.S. DOE Office of Science (SC). science.osti.gov
  28. ↑ (March 31, 2003). AAAS Elects Fellows in Chemistry. Chemical and Engineering News
  29. ↑ Member Directory · American Academy of Arts and Sciences. www.amacad.org
  30. ↑ Moungi G. Bawendi. National Academy of Sciences
  31. ↑ (2010). Dresselhaus and Bawendi Honored by ACS. MIT the Spectrograph
  32. ↑ (January 18, 2012). QD Vision receives the SEMI Award for quantum dot research
  33. ↑ Plc, Clarivate. Clarivate Reveals 2020 Citation Laureates - Annual List of Researchers of Nobel Class. www.prnewswire.com
  34. ↑ (2011-01-22). Bawendi à l'ENIT… sur les traces de son père, le Prix Nobel Chimie en consécration
  35. ↑ (2011-01-17). Kaïs Saïed décore Moungi Bawendi de l'insigne de première classe de l'Ordre national
  36. ↑ (2024-05-21). Moungi Bawendi, Prix Nobel Chimie, à Tunis: Une grande journée, chargée d'émotions
  37. ↑ Zimmerman, Rachel. (October 14, 2023). Our lives had been shattered. Now something extraordinary was happening.. Washington Post

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিৰসায়নবিদৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুঞ্জী বাৱেণ্ডি” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৮০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।