অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেনৰী কেভেণ্ডিছ

হেনৰী কেভেণ্ডিছ( HENRAY CAVENDISH) হৈছে একাধাৰে বিজ্ঞানী, দাৰ্শনিক, ৰসায়নবিদ, আৰু পদাৰ্থবিজ্ঞানী।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২১ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হেনৰী কেভেণ্ডিছ( HENRAY CAVENDISH) হৈছে একাধাৰে বিজ্ঞানী, দাৰ্শনিক, ৰসায়নবিদ, আৰু পদাৰ্থবিজ্ঞানী।

জন্ম আৰু বংশ পৰিচয়

তেখেতৰ জন্ম হৈছিল ১৭৩১ চনৰ লণ্ডনৰ ওচৰৰ নাইচ নামৰ ঠাইত।১তেওঁৰ পিতৃৰ নাম আছিল লৰ্ড চাৰ্লছ কেভেণ্ডিছ আৰু মাকৰ নাম লেডী এন গ্ৰে।

শিক্ষা

তেওঁৰ শিক্ষা আৰম্ভ হৈছিল মেকনি নামৰ ঠাইত। ১৭৪৯ চনত তেওঁ কেম্ব্ৰিজৰ পিটাৰহাউচ কলেজত নাম লগাই আৰু স্নাতক ডিগ্ৰী লাভ কৰে।

চাকৰি জীৱন

  • তেওঁ বিজ্ঞানী, ৰসায়নবিদ,পদাৰ্থবিজ্ঞানী হিচাপে কেভেণ্ডিছে কৰ্মজীৱন আগবঢ়াই।
  • পৃথিৱীৰ ভৰ নিৰূপন কৰি বলবিজ্ঞানলৈ অৱদান আগবঢ়ায়।২
  • হাইড্ৰজেনৰ বিষয়ে তেওঁ প্ৰমাণ কৰি উলিয়াইছিল।৩
  • ইউডিয়ামিটাৰ নামে এটা যন্ত্ৰৰ সহায় লৈ হাইড্ৰজেন আৰু অক্সিজেন লগ লগাই পানীৰ সৃষ্টি হয় বুলি কেভেণ্ডিছে প্ৰমাণ কৰিছিল। আৰ্চেনিক নামৰ মৌলিক পদাৰ্থটোও তেখেতে প্ৰথম আৱিষ্কাৰ কৰা বুলি কোৱা হয়।

বঁটা আৰু সন্মান

১৭৬৬ চনত কোপলে মেডেল লাভ কৰিছিল। ৪

তথ্যসূত্ৰ

  1. ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ: জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৪
  2. ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ: জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৫
  3. ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ: জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৬
  4. ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ: জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৭

সম্পৰ্কিত শ্ৰেণী

দাৰ্শনিকবিজ্ঞানীপদাৰ্থ বিজ্ঞানীৰসায়নবিদৰয়েল ছ'ছাইটিৰ সদস্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেনৰী কেভেণ্ডিছ” প্ৰবন্ধৰ সংশোধন ২৯৮১৪৮ (১৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।