অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিন-পিয়েৰী চাওভেজ

জিন-পিয়েৰী চাওভেজ (Jean-Pierre Sauvage) (জন্ম: ২১ অক্টোবৰ, ১৯৪৪) এজন ফ্ৰেন্স ক'অৰ্ডিনেচন ৰসায়ন বিজ্ঞানী। তেওঁ ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। তেওঁ এজন অতিআণৱিক ৰসায়ন বিশেষজ্ঞ।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২৪০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ
চাওভেজ আৰু তেওঁৰ সহকৰ্মী সকলে ৰিপোৰ্ট কৰা কেটেনৰ স্ফটিক ৰচনা,১৯৮৫, ২৪৪-২৪৭
চাওভেজ আৰু তেওঁৰ সহকৰ্মী সকলে ৰিপোৰ্ট কৰা কেটেনৰ স্ফটিক ৰচনা,১৯৮৫, ২৪৪-২৪৭ছবি: M stone at English Wikipedia · CC BY-SA 3.0
চাওভেজ আৰু তেওঁৰ সহকৰ্মী সকলে ৰিপোৰ্ট কৰা দুটা কপাৰ(I) অণুৰ সৈতে আণৱিক ত্ৰীফইল গাঁঠি
চাওভেজ আৰু তেওঁৰ সহকৰ্মী সকলে ৰিপোৰ্ট কৰা দুটা কপাৰ(I) অণুৰ সৈতে আণৱিক ত্ৰীফইল গাঁঠিছবি: M stone at English Wikipedia · CC BY-SA 3.0

জিন-পিয়েৰী চাওভেজ (Jean-Pierre Sauvage) (জন্ম: ২১ অক্টোবৰ, ১৯৪৪) এজন ফ্ৰেন্স ক'অৰ্ডিনেচন ৰসায়ন বিজ্ঞানী। তেওঁ ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। তেওঁ এজন অতিআণৱিক ৰসায়ন বিশেষজ্ঞ। তেওঁ ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট আৰু বেৰনাৰ্ড লুকাছ ফেৰীনগাৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।১২

জীৱনী

চাওভেজে ১৯৪৪ চনৰ ২১ অক্টোবৰত ফ্ৰান্সৰ পেৰিচত জন্ম গ্ৰহণ কৰে। পিছলৈ তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী জিন মেৰী লেহ্নৰ তত্ত্ববধনাত পিএইছডি ডিগ্ৰী লাভ কৰে। পিএইছডিৰ গৱেষণাৰ সময়ত তেওঁ প্ৰথমে ক্ৰিপটেণ্ড লিগাণ্ডৰ সংশ্লেষণৰ দিশত অৱদান আগবঢ়ায়।৩ এম.এল.এইছ. গ্ৰীণৰ লগত পোষ্টডক্টৰেল গৱেষণাৰ পিছত তেওঁ ষ্ট্ৰাছবাৰ্গলৈ ঘূৰি আহে। বৰ্তমান তেওঁ ইয়াত এমিৰিটাছ অধ্যাপকৰ পদবীত অধিষ্ঠিত হৈ আছে।

এজন বিখ্যাত বিজ্ঞানী ৰূপে তেওঁ বহুতো দিশত গৱেষণা কৰে, যেনে CO2ৰ ইলেক্ট্ৰৰসায়ন বিজাৰণ মডেল আৰু সলোক সংশ্লেষণিক বিক্ৰিয়া কেন্দ্ৰ অধ্যয়ন।৪ তেওঁৰ গৱেষণাৰ মুখ্য বিষয় আছিল আণৱিক টপ'লজি আৰু বিশেষকৈ যান্ত্ৰীকভাৱে সংযোজিত আণৱিক সংৰচনা। তেওঁ কেটেনৰ সংশ্লেষণ আৰু আণৱিক গাঁঠিৰ বিষয়ে বিশদ অধ্যয়ন কৰি ব্যাখ্যা কৰিছে।৫

১৯৯৭ চনৰ ২৬ মাৰ্চ তাৰিখে তেওঁ ফ্ৰেন্স একাডেমী অফ চাইন্সৰ সদস্য হিচাপে নিৰ্বাচিত হয়। তেওঁ বৰ্তমান ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ৰ এমিৰিটাছ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে। তেওঁ ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট আৰু বেৰনাৰ্ড লুকাছ ফেৰীনগাৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।১২

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Staff. (5 October 2016). The Nobel Prize in Chemistry 2016. Nobel Foundation
  2. ↑ Chang, Kenneth; Chan, Sewell. (5 October 2016). 3 Makers of ‘World’s Smallest Machines’ Awarded Nobel Prize in Chemistry. New York Times
  3. ↑ Dietrich, B.; Lehn, J. M.; Sauvage, J. P. (1969). Les Cryptates. Tetrahedron Letters. পৃ. 2889–2892
  4. ↑ Collin, J. P.; Sauvage, J.-P. (1989). Electrochemical reduction of carbon dioxide mediated by molecular catalysts. Coord. Chem. Rev.. পৃ. 245–268
  5. ↑ Dietrich-Buchecker, C.; Jimenez-Molero, M. C.; Sartor, V. (2003). Rotaxanes and catenanes as prototypes of molecular machines and motors. Pure and Applied Chemistry. পৃ. 1383–1393

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিৰসায়নবিদৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিন-পিয়েৰী চাওভেজ” প্ৰবন্ধৰ সংশোধন ৬২৪৯৪২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।