কাৰ্শলা সাপ (Bronzeback, বৈজ্ঞানিক নাম: Dendrelaphis tristis) দক্ষিণ এছিয়াত দেখা পোৱা এবিধ গছ সাপ (tree-snake)-ৰ প্ৰজাতি।
বিৱৰণ

কাৰ্শলা সাপ এবিধ দীঘল সাপ, ইয়াৰ মূৰটো জোঙা আৰু ব্ৰঞ্জৰ বৰণৰ এডাল আঁচ ইয়াৰ পিঠিয়েদি তললৈ গৈছে।
বিতৰণ
এই সাপবিধ দক্ষিণ এছিয়াৰ হিমালয় পৰ্বতৰ পাদদেশ আৰু দক্ষিণ ভাৰতত দেখিবলৈ পোৱা যায়।
বাসস্থান
কাৰ্শলা সাপে ঘাইকৈ গছৰ ডালে পাতে বাস কৰে। ইয়াৰ গাৰ মুগা বৰণৰ বাবে এই সাপবিধ গছৰ সৈতে মিলি থাকে।
আচৰণ
এই সাপবিধ প্ৰায় সকলো সময়তে অস্থিৰ হৈ থাকে। মাটি তথা গছ সকলোতে ই খুবেই খৰকৈ চালচলন কৰিব পাৰে।
খাদ্য
কাৰ্শলা সাপে সাধাৰণতে চৰাই, ভেকুলী, জেঠী আদি খাই জীয়াই থাকে।
প্ৰজনন
এই সাপবিধে কণী পাৰি পোৱালি জন্ম দিয়ে। এবাৰত ই ৬-৭ টাকৈ কণী পাৰে। ৪-৬ সপ্তাহৰ উমনিৰ অন্তত কণী ফুটি পোৱালি জগে।
তথ্য সংগ্ৰহ
- Boulenger, George A. 1890 The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Taylor & Francis, London, xviii, 541 pp.
- Daudin, F. M. 1803 Histoire Naturelle Generale et Particuliere des Reptiles. Vol. 6. F. Dufart, Paris.
বাহ্যিক সংযোগ
- itgmv1.fzk.de/www/itg/uetz/herp/photos/DENDRELAP
- itgmv1.fzk.de/www/itg/uetz/herp/photos/DENDRELAP link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- itgmv1.fzk.de/www/itg/uetz/herp/photos/DENDRELAP link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্শলা সাপ” প্ৰবন্ধৰ সংশোধন ৩৮৪৯০৪ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।