হীৰাবাঈ ইব্ৰাহিম লোবি (Hirbai Ibrahim Lobi) আফ্ৰিকীয় মূলৰ এগৰাকী ভাৰতীয় গুজৰাটী মহিলা।১ তেওঁ গুজৰাটৰ জুনাগড় অঞ্চলৰ সিদ্দি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। এই জনজাতীয় সম্প্ৰদায়টোৰ উন্নতি আৰু বিকাশৰ বাবে তেওঁ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২৩ বৰ্ষত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।২
সংক্ষিপ্ত জীৱনী
শৈশৱতে নিজৰ মাক-দেউতাকক হেৰুৱাই হীৰাবাঈ আইতাকৰ সৈতে ডাঙৰ-দীঘল হৈছিল।৩অশিক্ষিত হীৰাবাঈৰ সৰুৰেপৰা ৰেডিঅ’ শুনি শুনি যিকোনো কথা শিকাৰ অভ্যাস আছিল আৰু ৰেডিঅ’ৰ জৰিয়তে সিদ্দিত মহিলা বিকাশ আঁচনিৰ বিষয়ে তথ্য লাভ কৰিছিল। সিদ্দি মহিলাসকলে কাঠ কাটি জীৱিকা উপাৰ্জন কৰিছিল আৰু তেওঁলোক কাঠ কাটিবলৈ যোৱা জংঘলসমূহ সিংহৰ বিচৰণ ভূমি আছিল বাবে সততে ই তেওঁলোকলৈ মৃত্যুভয় কঢ়িয়াইছিল। সেয়ে ২০০৪ চনত হীৰাবাঈয়ে এটি মহিলা বিকাশ ফাউণ্ডেচন স্থাপন কৰি৩ মহিলাসকলক কাঠ কটাৰ পৰিবৰ্ত্তে গ্ৰোচাৰী দোকান আৰু টেইলাৰিঙৰ কাম কৰি জীৱিকা উপাৰ্জন কৰিবলৈ উদগনি যোগায়। তেওঁ প্ৰথমে আগাখান ফাউণ্ডেচনৰ সৈতে কাম কৰিছিল আৰু তাৰ পিছত কৃষক সংগঠন বিএআইএফৰ সৈতে জড়িত হৈ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ এটা অভিযান আৰম্ভ কৰিছিল। তেওঁ পশুপালন কৰিবলৈ আৰু খেতিত ব্যৱহৃত সাৰ বনাবলৈ মহিলাসকলক উৎসাহিত কৰিছিল আৰু নিজেও সাৰ তৈয়াৰ কৰি জীৱিকা উপাৰ্জন কৰিছিল।৩ এতিয়ালৈকে, তেওঁ সাতশৰো অধিক মহিলাক বেংক একাউণ্ট খুলিবলৈ আৰু ধন ৰাহি কৰিবলৈ শিকাইছে। হীৰাবাঈয়ে তেওঁৰ জীৱনৰ এটা ডাঙৰ অংশ সিদ্দি জনজাতীয় মহিলাসকলৰ উন্নতি আৰু শিশুৰ শিক্ষাৰ বাবে অতিবাহিত কৰিছে আৰু সহস্ৰাধিক মহিলা আৰু অসংখ্য শিশুৰ জীৱন সলনি কৰিছে। চিদ্দি সম্প্ৰদায়ৰ শিশুহঁতক মৌলিক শিক্ষা প্ৰদানৰ বাবে তেওঁ কেইবাখনো প্ৰাক-প্ৰাথমিক বিদ্যলয় স্থাপন কৰিছিল। জীৱনত প্ৰথবাৰৰ বাবে লাভ কৰা পাঁচশ ডলাৰৰ পুৰস্কাটিও হীৰাবাঈয়ে তেওঁৰ গাঁও জাম্বুৰৰ মহিলাসকলৰ উন্নয়নৰ বাবে খৰছ কৰিছিল।২
তেওঁ মহিলাসকলক আগুৱাই অনাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু তেওঁলোকক খেতি কৰিবলৈও শিকাইছে। তেওঁ ৰেডিঅ’ৰ জৰিয়তে সামাজিক সংগঠনৰ সহায়ত মহিলাসকলক নিযুক্তি প্ৰদান কৰাত আগভাগ লৈছিল। এএনআইৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত হীৰাবাঈয়ে কৈছে যে, “মই অৰণ্যত গছ খেতি কৰা নাই, কিন্তু মই অৰণ্য ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছো।”২
বঁটা আৰু সন্মান
সামাজিক কামৰ বাবে ২০২৩ বৰ্ষত পদ্মশ্ৰী লাভ কৰাৰ উপৰিও হীৰাবাঈ লোবিয়ে ৰিলায়েঞ্চৰ ৰিয়েল এৱাৰ্ড, জানকী দেৱী প্ৰসাদ বাজাজ বঁটা আৰু দ্য গ্ৰীণ এৱাৰ্ডেৰে সন্মানিত হৈছে।২মহিলাসকলৰ উন্নয়নৰ বাবে ‘সখী মণ্ডল’ নামে মহিলা গোট আৰম্ভ কৰা বাবে তেওঁলৈ ৰিলায়েঞ্চৰ ৰিয়েল এৱাৰ্ড আৰু ‘জানকী দেৱী প্ৰসাদ বাজাজ বঁটা’ আগবঢ়োৱা হৈছিল।৩
তথ্যসূত্ৰ
- ↑ (26 January 2023). सिद्दी जनजाति की हीरबाई इब्राहिम लोबी ने महिला सशक्तिकरण पर काम के लिए पद्म श्री जीता. jantaserishta.com
- ↑ (January 26, 2023). Gujarat Tribal Woman Hirbai Ibrahim Lobi Conferred With Padma Shri. www.ndtv.com
- ↑ (28 January 2023). दुख में रोना नहीं और सुख में रुकना नहीं.. पढ़ें पद्मश्री पाने वाले सीदी समुदाय की हीराबाई लोबी से बातचीत. navbharattimes.indiatimes.com/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীৰাবাঈ ইব্ৰাহিম লোবি” প্ৰবন্ধৰ সংশোধন ৩৯৬১৪৩ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।