হুছনে আৰা কমল (Husne Ara Comal; ২০ ডিচেম্বৰ ১৯৩৪ – ১৬ এপ্ৰিল ২০০৯) এগৰাকী বাংলাদেশী শিক্ষাবিদ, দানশীল সমাজকৰ্মী আছিল। তেওঁ সমগ্ৰ কৰ্মজীৱনত বাংলাদেশৰ সমাজ কল্যাণ আৰু মহিলা সবলীকৰণত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। প্ৰবক্তা হিচাপে কাম কৰি পিছলৈ তেওঁ বাংলাদেশৰ ঢাকাৰ ইনষ্টিটিউট অৱ ছ’চিয়েল ৱেলফেয়াৰ এণ্ড ৰিচাৰ্চৰ পৰিচালক আৰু অধ্যাপিকা হয়। কমল এজন নিপুণ লেখকো আছিল। তেওঁ নাৰী আৰু লিংগ-বিষয়ক কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে শিশুৰ বাবেও কিতাপ প্ৰকাশ কৰিছিল।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
হুছনে আৰা কমলে ১৯৩৪ চনৰ ২০ ডিচেম্বৰত ৰাজশ্বাহী জিলাত মুছলমান হাফিজুৰ ৰহমান আৰু আনোৱাৰা বেগমৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।২৩১৯৭৯ চনত ঢাকা বিশ্ববিদ্যালয়, বেডফোৰ্ড কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সমাজ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪৫
কৰ্মজীৱন
১৯৬০ চনত কমলে ঢাকা বিশ্ববিদ্যালয়ৰ সমাজ কল্যাণ আৰু গৱেষণা প্ৰতিষ্ঠানত (পূৰ্বতে সমাজ কল্যাণ মহাবিদ্যালয় বুলি জনাজাত) প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ৬ ১৯৬৬ চনলৈকে কমলে শিশু সাহিত্যৰ দিশত আগবঢ়োৱা লেখা-মেলাৰ বাবে সুনাম অৰ্জন কৰিছিল।৭
বাংলাদেশৰ স্বাধীনতাৰ পিছত নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই বিষয়ত দুৰ্দশাগ্ৰস্ত মহিলা আৰু ঘৰুৱা দায়িত্বত থকা মহিলাকে ধৰি কেইবাখনো গ্ৰন্থ তেওঁ প্ৰকাশ কৰে। অতিমাত্ৰা জনসংখ্যাই দেশত কি প্ৰভাৱ পেলাব সেই বিষয়ত কমল ক্ৰমান্বয়ে চিন্তিত হৈ পৰিছিল। তেওঁ পৰিয়াল পৰিকল্পনাকে ধৰি পৰিয়ালক প্ৰসাৰিত কৰাৰ এটা কাৰক হিচাপে পৰিয়াল জীৱন শিক্ষা লিখিছিল য'ত তেওঁ মহিলাসকলক শিক্ষা দিয়াৰ পদক্ষেপ আৰু এই বিষয়ৰ সমাজবিজ্ঞানসন্মত দিশসমূহৰ সৈতে মোকাবিলা কৰাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰিছিল।৮
১৯৯১ চনত প্ৰতিষ্ঠানটোৰ পৰিচালক হিচাপে নিযুক্তি লাভ কৰি ১৯৯৪ চনত অধ্যাপিকা পদবীলৈ উন্নীত হয়। ২০০১ চনত পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।৪
লোকহিতৈষী হিচাপে
কমল দান-বৰঙণিৰ লগত জড়িত আছিল। তেওঁ প্ৰায়ে বেনামীভাৱে দান দিছিল। নাৰী অধিকাৰৰ পোষকতা কৰি জীৱনৰ বহুখিনি সময় তেওঁ বাংলাদেশৰ মহিলা আৰু শিশুৰ মৰ্যাদা উন্নত কৰাৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁ মহিলাসকলৰ বাবে শিক্ষা আৰু চাকৰিৰ প্ৰশিক্ষণ প্ৰদান কৰা, মহিলাসকলক হিংসা আৰু বৈষম্যৰ পৰা ৰক্ষা কৰা আইন প্ৰণয়নৰ পোষকতা কৰা আৰু আৰ্তজনৰ মহিলা আৰু শিশুসকলক সামাজিক সেৱা প্ৰদান কৰা সংস্থাসমূহক সমৰ্থন কৰা আদি কাৰ্যসূচী স্থাপনৰ কাম কৰিছিল। তেওঁ বিভিন্ন সমাজ সেৱা সংস্থা আৰু বেচৰকাৰী সংস্থা যেনে-বাংলাদেশৰ পল্লী শিশু ফাউণ্ডেশ্যন (পি এছ এফ), বি এম এন, চেণ্টাৰ ফৰ দ্য ৰিহেবিলিটেচন অৱ দ্য পেৰালাইজড (চি আৰ পি), উইমেন ফৰ উইমেন, উইমেনছ ভলাণ্টেৰী এছ'চিয়েচন (ডব্লিউ ভি এ), মেণ্টেল হেল্থ এছ'চিয়েচন, আৰু দ্য হাংগাৰ প্ৰজেক্ট আদিক সহায় কৰিছিল।৯৪১
মৃত্যু
২০০৯ চনৰ ১৬ এপ্ৰিলত কমলৰ হৃদৰোগৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে কিছুদিন ধৰি তেওঁ হৃদৰোগৰ সৈতে যুঁজি আছিল। মৃত্যুৰ সময়ত তেওঁৰ স্বামী, তিনিগৰাকী কন্যা আৰু সাতজন নাতি-নাতিনীক এৰি থৈ যায়।১০
তথ্যসূত্ৰ
- ↑ (20 May 2009). Tributes paid to Hosne Ara Kamal. The Daily Star
- ↑ বেগম জাহান আৰা. (1987). বানালা সাহিত্যে লেখিকাদেৰ আবদান. Muktadhārā. পৃ. 96
- ↑ Huq, Anisul. (December 20, 2015). bn:বেকাৰ মিথুনেৰ কৰ্মসংস্থান, আবেগ সামলে ৰাখুন ধনু. NTV
- ↑ ড. সুফিয়া আহমেদ. (April 14, 2014). আৰ্কাইভ কপি. Bangladesh Pratidin
- ↑ Bhuiyan, Robina Rashid. (14 May 2017). Like mother, like daughter. The Daily Star
- ↑ (1968). Papers and Proceedings of the Symposia, East Pakistan Education Week, 1966-67. Symposium Committee, East Pakistan Education Week
- ↑ (1966). Writers' Seminar on Preparation and Production of Adult Literature, May 2-7, 1966. East Pakistan Education Directorate, Adult Education Section
- ↑ (1971). Annual Report - Family Planning Association of Pakistan. Family Planning Association of Pakistan. পৃ. 66
- ↑ (April 16, 2013). Death anniversary. The Daily Star
- ↑ (16 April 2009). Wife of justice Mostafa Kamal dies. bdnews24
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হুছনে আৰা কমল” প্ৰবন্ধৰ সংশোধন ৬১৭৪৪২ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।