অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাছিনা জালাল

হাছিনা জালাল ( Hasina Jalal) আফগানিস্তানত মহিলাৰ মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ পোষকতা কৰা এগৰাকী ব্যক্তি। ২০১৪ চনত ইউএনডিপি এছিয়া পেচিফিক আঞ্চলিক কাৰ্যালয়ৰ পৰা "এন-পিচ এৱাৰ্ড" আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ শান্তিৰ বাবে বিশ্ববিদ্যালয়ৰ বিশেষ উপদেষ্টা হিচাপে জনসাধাৰণৰ ভোটত জালাল নিৰ্বাচিত হৈছিল।

হালনাগাদ: ১ জুন ২০২৬ ৫৫০ শব্দ · ৩ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

হাছিনা জালাল ( Hasina Jalal) আফগানিস্তানত মহিলাৰ মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ পোষকতা কৰা এগৰাকী ব্যক্তি। ২০১৪ চনত ইউএনডিপি এছিয়া পেচিফিক আঞ্চলিক কাৰ্যালয়ৰ পৰা "এন-পিচ এৱাৰ্ড" আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ শান্তিৰ বাবে বিশ্ববিদ্যালয়ৰ বিশেষ উপদেষ্টা হিচাপে জনসাধাৰণৰ ভোটত জালাল নিৰ্বাচিত হৈছিল। নেচনেল এছ’চিয়েশ্যন অৱ আফগানিস্তান চিভিল ছ’চাইটি আৰু শ্ৰীলংকাত মহিলাৰ অৰ্থনৈতিক, সামাজিক, আৰু সাংস্কৃতিক অধিকাৰৰ ওপৰত দক্ষিণ এছিয়াৰ মহিলাসকলৰ প্ৰথম মিত্ৰতাৰ তেওঁ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা। জালালে আফগানিস্তান চৰকাৰত ৰাষ্ট্ৰপতি ভৱনত গৱেষণা দলৰ নেতৃত্ব আৰু নীতি বিশেষজ্ঞ হিচাপে আৰু আফগানিস্তান চৰকাৰৰ খনি আৰু পেট্ৰলিয়াম মন্ত্ৰালয়ৰ মন্ত্ৰীৰ নীতি উপদেষ্টা আৰু কাৰ্যসূচী ডিজাইন আৰু তথ্য সমন্বয় সঞ্চালকালয়ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।১২৩

ব্যক্তিগত জীৱন

হাছিনা জালাল আফগানিস্তানৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা প্ৰাক্তন মহিলা পৰিক্ৰমা মন্ত্ৰী ড° মাছুদা জালাল আৰু আইন আৰু ৰাজনীতি বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক তথা কাবুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ফৈজুল্লা জালালৰ কন্যা।

পাৰ্চী, পাষ্টো, ইংৰাজী, তুৰ্কী, আজাৰবাইজানী, হিন্দী আৰু উৰ্দু ভাষা তেওঁ সাৱলীলভাবে ক’ব আৰু লিখিব পঢ়িব পৰাৰ লগতে পাঞ্জাবী, আৰবী আৰু উজবেক ভাষাতো কিছু দখল আছে।৪

কেৰিয়াৰ

হাছিনা জালালে আইচিচিআৰৰ গৱেষক পণ্ডিত হিচাপে জামিয়া মিলিয়া ইছলামিয়া (জেএমআই), ভাৰতৰ এক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান সাধাৰণ বিষয়ৰ সৈতে মূল বিষয় অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছে।৫ জে এম আই বিশ্ববিদ্যালয়ত যোগদান কৰাৰ আগতে তেওঁ কাবুল বিশ্ববিদ্যালয়ত এটা শিক্ষাবৰ্ষৰ বাবে অৰ্থনীতি অধ্যয়ন কৰিছিল। আফগানিস্তানৰ আমেৰিকান বিশ্ববিদ্যালয়ৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেশ্যনত স্নাতকোত্তৰ আৰু ফুলব্ৰাইটৰ পণ্ডিত হিচাপে নৰ্দাৰ্ণ আইঅ'ৱা বিশ্ববিদ্যালয়ৰ পৰা মহিলা আৰু লিংগ অধ্যয়নত এম এ ডিগ্ৰী লাভ কৰিছে।৬ জালাল জৰ্জটাউন বিশ্ববিদ্যালয়ৰ স্কুল অৱ ফৰেইন এফেয়াৰ্ছৰ ফেলো আৰু স্নাতক ছাত্ৰ।School of Foreign Affairs, Georgetown University পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট স্কুল অৱ পাব্লিক এণ্ড ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছত পাব্লিক এণ্ড ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছত তেওঁ পি এইচ ডিৰ কাম কৰি আছে।৭৮৯

শিক্ষা

হাছিনাই আফগানিস্তান আৰু দক্ষিণ এছিয়াৰ আঞ্চলিক পৰ্যায়ত কেইবাটাও নাগৰিক সমাজৰ সংস্থা স্থাপন আৰু পৰিচালনা কৰিছে। ২০১২ চনৰ পৰা তেওঁ নেচনেল এছ'চিয়েচন অৱ আফগানিস্তান চিভিল ছ'চাইটি আৰু শ্ৰীলংকাত হোৱা মহিলাৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ ওপৰত দক্ষিণ এছিয়াৰ মহিলাসকলৰ প্ৰথম এলায়েন্সৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা ১০ হাচিনাই আমেৰিকাৰ শীৰ্ষ বিশ্ববিদ্যালয়, যেনে; প্ৰিন্সটন বিশ্ববিদ্যালয়, কলম্বিয়া বিশ্ববিদ্যালয়, চিকাগো বিশ্ববিদ্যালয়, জৰ্জটাউন বিশ্ববিদ্যালয় আদি আমেৰিকান বিশ্ববিদ্যালয়ত বক্তৃতা প্ৰদান কৰিছে আৰু পেনেল আলোচনাত অংশগ্ৰহণ কৰিছে আৰু তেনে কৰি তেওঁ আফগান ছোৱালী আৰু মহিলাসকলৰ কণ্ঠ উত্তাল কৰিছে। তেওঁ আফগানিস্তানত মানৱ অধিকাৰ আৰু গণতন্ত্ৰক প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰিছিল আৰু আফগানিস্তানত লিংগভিত্তিক বৈষম্যকে ধৰি প্ৰতিষ্ঠানিক আৰু স্বাভাৱিক বৈষম্য আৰু অন্যায়ক প্ৰত্যাহ্বান জনাইছিল।১১১২

জালালে আফগানিস্তানৰ ৰাষ্ট্ৰপতি ভৱন/ৰাষ্ট্ৰপতিৰ প্ৰশাসনিক কাৰ্যালয়ত গৱেষণা দলৰ নেতৃত্ব আৰু নীতি বিশেষজ্ঞ হিচাপে আফগানিস্তান চৰকাৰত কাৰ্যনিৰ্বাহ কৰি আহিছে য’ত তেওঁ গৱেষকৰ এটা দলৰ নেতৃত্ব দিছিল, নীতিমুখী গৱেষণা কৰিছিল আৰু আফগানিস্তানৰ ৰাষ্ট্ৰপতি ওচৰত তথ্য আৰু পৰামৰ্শ দাখিল কৰিছিল। আফগানিস্তান চৰকাৰৰ খনি আৰু পেট্ৰলিয়াম মন্ত্ৰালয়ত মন্ত্ৰীৰ নীতি উপদেষ্টা আৰু কাৰ্যসূচী ডিজাইন আৰু তথ্য সমন্বয় সঞ্চালকালয়ৰ সঞ্চালক হিচাপেও কাম কৰিছিল। এই ভূমিকাত তেওঁ অন্যান্য কামৰ লগতে আফগানিস্তানৰ তেল, গেছ আৰু খনন খণ্ডলৈ বিদেশী সাহায্যৰ দ্বাৰা পুঁজিৰে চলি থকা সকলো কাৰ্যসূচী আৰু পদক্ষেপ পৰিচালনা আৰু ৰূপায়ণৰ তদাৰক কৰিছিল আৰু খনি আৰু পেট্ৰলিয়াম মন্ত্ৰীক নীতিগত পৰামৰ্শ প্ৰদান কৰিছিল।৪ ইয়াৰ উপৰিও হাচিনাই কাবুলস্থিত কেইবাখনো বিশ্ববিদ্যালয়ত বিজনেচ এডমিনিষ্ট্ৰেছনৰ স্নাতক শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অৰ্থনীতি বিজ্ঞানৰ অধ্যাপনা কৰিছে।১৩

লিংগ সমতা, মানৱ অধিকাৰ, মহিলা সৱলীকৰণ আৰু গণতন্ত্ৰৰ বাবে হাছিনাৰ প্ৰচেষ্টা আৰু সক্ৰিয়তাৰ বাবে কেইবাটাও আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ স্বীকৃতি লাভ কৰিছে:১৪ ২০১২ চনত এছিয়াৰ গ্ৰাম্য মহিলা মিত্ৰজোঁটে(ARWC) "১০০ এছিয়ান ৱমেন এৱাৰ্ড’’ বঁটাৰে তেওঁৰ প্ৰচেষ্টাক স্বীকৃতি দিয়ে।১৫ ২০১৪ চনত তেওঁ ইউএনডিপি এছিয়া পেচিফিক আঞ্চলিক কাৰ্যালয়ৰ পৰা "N-Peace Award" আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ বিশ্ব শান্তিৰ বাবে বিশেষ উপদেষ্টা পদ লাভ কৰিবলৈ ৰাজহুৱা ভোটৰ দ্বাৰা নিৰ্বাচিত হয়।১২৩ ২০১৬ চনত তেওঁ বিশ্ব-চি এছ আৰৰ দ্বাৰা "গ্ল'বেল উইমেন লিডাৰশ্বিপ এৱাৰ্ড" লাভ কৰে আৰু ২০১৭ চনত বিশ্ব মানৱ অধিকাৰ কংগ্ৰেছে "ৱৰ্ল্ড ছুপাৰ এচিভাৰ এৱাৰ্ড" লাভ কৰে।১৩১৬১৭ ২০২০ চনত ৱমেনচ্ ইক’ন’মিক ফ’ৰামএ হাছিনাক "আইকনিক উইমেন ক্ৰিয়েটিং এ বেটাৰ ৱৰ্ল্ড ফৰ অল বঁটা"ও প্ৰদান কৰে,১৮ আৰু আফগান জনসাধাৰণে তেওঁক "৪৫ গৰাকী আটাইতকৈ প্ৰভাৱশালী আফগান মহিলা" হিচাপে নিৰ্বাচিত কৰিবলৈ ভোট দিয়ে।১৯৬২০

তথ্যসূত্ৰ

  1. ↑ UNDP celebrates Asian women leaders and their male allies for building peace. UNDP in Asia and the Pacific
  2. ↑ (6 November 2014). Hasina Jalal Wins 2014 N-Peace Award. South Asia Democratic Forum
  3. ↑ (2014-06-02). Young Afghan activist wins UNDP peace award. UNAMA
  4. ↑ Hasina Jalal. GHD
  5. ↑ (16 December 2019). Hasina Jalal
  6. ↑ Hasina Jalal. Rumi Awards
  7. ↑ Hasina Jalal. GHD
  8. ↑ Homepage · University of Pittsburgh. www.gspia.pitt.edu
  9. ↑ Home · Kabul University. ku.edu.af
  10. ↑ (2014-06-02). Young Afghan activist wins UNDP peace award. UNAMA
  11. ↑ Women in Afghanistan and the Region. Princeton School of Public and International Affairs
  12. ↑ Jalal)天生巴达赫尚国籍阿富汗职业活动家闻名N-和平奖获得者, 哈西娜·贾拉勒(Hasina. 哈西娜·贾拉(Hasina Jalal)-维基百科. 百科全书
  13. ↑ Hasina Jalal. N-PEACE
  14. ↑ Women in Afghanistan and the Region. Princeton University
  15. ↑ UNI Fulbright scholar empowering Afghan women. insideuni.uni.edu
  16. ↑ Hasina Jalal wins Global Women Leadership award Archives. The Khaama Press News Agency
  17. ↑ AFGHANISTAN: Young Afghan activist Hasina Jalal wins Global Women Leadership award. Community Supported Film
  18. ↑ Afghan student at UNI Fulbright empowering women's rights. Big News Network.com
  19. ↑ 45 Most Influential Afghan Women 2021
  20. ↑ SADF. (2020-10-07). Afghan Women Heroes - Rumi awards. SADF

সম্পৰ্কিত শ্ৰেণী

আফগানিস্তানৰ ব্যক্তিসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাছিনা জালাল” প্ৰবন্ধৰ সংশোধন ৬১০৭৩১ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।