লিপি
৫৮ প্ৰবন্ধ
-
চিৰিলিক লিপি
চিৰিলিক লিপি হৈছে পূব ইউৰোপ, উত্তৰ এছিয়া আৰু মধ্য এছিয়াত ভৌগোলিকভাৱে ব্যৱহৃত এক অধ্বনিগত বৰ্ণানুক্ৰমিক লিপি। বৰ্তমান চিৰিলিক লিপি ১২খন দেশৰ ৰাষ্ট্ৰীয় লিপি আৰু বিশ্বৰ ৫ম সৰ্বাধিক ব্যৱহৃত লিখন ব্যৱস্থা।
-
তেলুগু-কানাড়া বৰ্ণমালা
তেলুগু-কানাড়া বৰ্ণমালা (Telugu-Kannada alphabet) বা তেলুগু–কানাড়া লিপি (বা কানাড়া–তেলুগু লিপি) দক্ষিণ ভাৰতত ব্যৱহৃত এক লিখন প্ৰণালী আছিল। কিছু উল্লেখযোগ্য পাৰ্থক্য থকাৰ পিছতো তেলুগু আৰু কানাড়া ভাষাৰ বাবে ব্যৱহৃত লিপিসমূহ যথেষ্ট সাদৃশ্যপূৰ্ণ আৰু পৰস্পৰক বুজিব পৰাকৈ বিদ্যমান।
-
দেওধাই লিপি
দেওধাই লিপি বৰ্তমানে এক বিলুপ্ত লিপি, যিটো কিছু বিশেষজ্ঞৰ অনুসৰি কছাৰী জনগোষ্ঠীৰ মাজত প্ৰচলিত আছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ডিমাপুৰ অঞ্চলৰ পৰা অন্য কোনো লিপিৰ সৈতে মিল নথকা এক লিপিৰ কিছু নমুনা উদ্ধাৰ কৰিছিল আৰু ইয়াক দেওধাই লিপিৰ নামাকৰণ কৰিছিল।
-
নেৱা প্ৰচলিত লিপি
প্ৰচলিত হ'ল ব্ৰাহ্মী লিপিৰ পৰা উৎপত্তি হোৱা ব্ৰাহ্মিক লিপি পৰিয়ালৰ এটা অংশ তথা নেপালী লিপিৰ পৰা বিকশিত হোৱা এক প্ৰকাৰৰ আবুগিদা লিপি ৷ নেৱাৰী বা নেপাল ভাষা, সংস্কৃত আৰু পালি ভাষা লিখাৰ ক্ষেত্ৰত এই লিপি ব্যবহাৰ কৰা হয় ৷ ছিকিম চৰকাৰৰ বুলেটিন ছিকিম হেৰাল্ড (নেৱাৰী সংস্কৰণ)কে ধৰি বিভিন্ন প্ৰকাশন…
-
পৰম্পৰাগত চীনা আখৰ
পৰম্পৰাগত চীনা আখৰ চীনা ভাষা লিখিবলৈ ব্যৱহৃত দুটা মান্যীকৃত আখৰসমষ্টিৰ এটা। আনটো হৈছে সৰলীকৃত চীনা আখৰ। বিংশ শতিকাৰ মাজভাগলৈকে পৰম্পৰাগত আখৰ পূব এছিয়াৰ ঐতিহাসিক সাধাৰণ ভাষা লিখিত চীনা ভাষাত প্ৰধানভাৱে ব্যৱহৃত হৈছিল।
-
শাৰদা লিপি
অষ্টম শতিকাত আৱিষ্কাৰ কৰা শাৰদা লিপি (शारदा ) ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত আবুগিদা লিখন ব্যৱস্থা। এই লিপিৰ সহায়ত কাশ্মীৰ অঞ্চলত সংস্কৃত ভাষা আৰু কাশ্মীৰী ভাষা লিখা হৈছিল। গুৰমুখী লিপি শাৰদা লিপিৰ পৰা উদ্ভৱ হৈছে।
-
সৌৰাষ্ট্ৰ লিপি
সৌৰাষ্ট্ৰ লিপি হৈছে তামিলনাডুৰ সৌৰাষ্ট্ৰীয়সকলে সৌৰাষ্ট্ৰ ভাষা লিখিবলৈ ব্যৱহাৰ কৰা একপ্ৰকাৰৰ আবুগিদা লিপি ৷ এই লিপি ব্ৰাহ্মীয় মূলৰ যদিও ইয়াৰ সঠিক ব্যুৎপত্তিৰ বিষয়ে জনা নাযায়, যিটো পিছলৈ টিএমআৰম ৰায়ে সংস্কাৰ আৰু প্ৰামাণিককৰণ কৰে।
-
হানগুল লিপি
হানগুল বা হাংগুল (한글) হ'ল কোৰিয়ান ভাষাৰ লিপি। পঞ্চদশ শতিকাত কোৰিয়াৰ ৰজা চেজঙে সাধাৰণ মানুহক মনত ৰাখি হাংগুল নামৰ এক অতি সহজ বৰ্ণমালা উদ্ভাৱন কৰিছিল। এই বৰ্ণমালাক ২০ শতিকাত আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিল। অসংখ্য ভাষাবিদৰ মতে হাংগুল বৰ্ণমালা হৈছে বিশ্বৰ আটাইতকৈ নিখুঁত অথচ সহজ বৰ্ণমালা।
-
ৰঞ্জনা লিপি
ৰঞ্জনা লিপি (Lantsa) হৈছে একাদশ শতিকাত বিকশিত হোৱা এটা আবুগিদা লিখন ব্যৱস্থা। এই লিপি ২০ শতিকাৰ মাজভাগলৈকে নেপালৰ পৰা তিব্বতলৈকে এটা অঞ্চলত কাঠমাণ্ডুৰ ঐতিহাসিক বাসিন্দা নেৱাৰ লোকসকলে সংস্কৃত আৰু নেৱাৰ ভাষা লিখিবলৈ এই লিপি ব্যৱহাৰ কৰিছিল৷ আজিকালি চীন দেশৰ বৌদ্ধ মঠসমূহতো ইয়াক ব্যৱহাৰ কৰা হয়।
-
ৱিকিপিডিয়াৰ তালিকা
ৱিকিপিডিয়া হৈছে স্বেচ্ছাসেৱী সম্পাদকৰ এটা সম্প্ৰদায়ৰ দ্বাৰা সম্পাদিত আৰু পৰিচালিত এক বিনামূলীয়া বহুভাষিক মুক্ত উৎস ৱিকি ভিত্তিক অনলাইন বিশ্বকোষ, ২০০১ চনৰ ১৫ জানুৱাৰীত ইংৰাজী ভাষাৰ বিশ্বকোষ হিচাপে আৰম্ভ কৰা হৈছে।
-
অংগ লিপি
অংগ লিপি বা অংগিকা (:Anga Lipi) (𑂃𑂁𑂏) এটা ঐতিহাসিক লিখন প্ৰণালী আছিল। বৌদ্ধ গ্ৰন্থ "ললিতবিস্তাৰ"ত অংগ লিপিৰ উল্লেখ পোৱা যায়, য'ত কোৱা হৈছে যে অংগ লিপি ভগৱান বুদ্ধই জনা ৬৪টা লিপিৰ ভিতৰত এটা আছিল।
-
খৰোষ্ঠী লিপি
খাৰোষ্ঠী লিপি (গান্ধাৰী: 𐨑𐨪𐨆𐨮𐨿𐨛𐨁𐨌𐨫𐨁𐨤𐨁, ৰোমানীকৃত: kharoṣṭhī lipi) বা গান্ধাৰী লিপি (𐨒𐨌𐨣𐨿𐨢𐨌𐨪𐨁𐨌𐨫𐨁𐨤𐨁, gāndhārī lipi) ভাৰতীয় উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্তৰ পৰা আফগানিস্তান হৈ মধ্য এছিয়ালৈকে বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা এক প্ৰাচীন ভাৰতীয় লিপি আছিল।
-
টাই লে লিপি
টাই লে লিপি (ᥖᥭᥰ ᥘᥫᥴ, [tai˦.lə˧˥) বা দেহং দাই লিপি হৈছে চীনৰ দক্ষিণ-মধ্য ইউনানৰ টাই নুৱা লোক সকলে কোৱা টাই নুৱা ভাষা লিখিবলৈ ব্যৱহৃত এক পৰম্পৰাগত লিপি। এই ভাষাটোক নুৱা, দেহং দাই আৰু চীনা ছান বুলিও জনা যায়।
-
টাক্ৰী লিপি
টাক্ৰী লিপি: Takri script(টাক্ৰী (চাম্বা): 𑚔𑚭𑚊𑚤𑚯; টাকৰী (জম্মু/ডোগ্ৰা): 𑠔𑠬𑠊𑠤𑠮; কেতিয়াবা টংকৰী 𑚔𑚭𑚫𑚊𑚤𑚯 বুলিও কোৱা হয়) হৈছে ব্ৰাহ্মিক লিপি পৰিয়ালৰ এক আবুগিদা লিখন পদ্ধতি। ই পূৰ্বে কাশ্মীৰীৰ বাবে ব্যৱহৃত শাৰদা লিপিৰ পৰা উদ্ভৱ হৈছে। এই লিপি লণ্ডা লিপিৰ ভগ্নী লিপি।
-
নন্দিনাগৰী
নন্দিনাগৰী (Nandināgarī) হৈছে ৭ম শতিকাত প্ৰকাশ পোৱা নাগৰী লিপিৰ পৰা উদ্ভৱ হোৱা এটি ব্ৰাহ্মিক লিপি। এই লিপি আৰু ইয়াৰ ভিন্ন ৰূপসমূহ মধ্য দাক্ষিণাত্য অঞ্চল আৰু দক্ষিণ ভাৰতত ব্যৱহাৰ কৰা হৈছিল। নন্দিনাগৰী লিপিত প্ৰচুৰ পৰিমাণত সংস্কৃত হস্তলিপি দেখা যায় যদিও এতিয়াও ইয়াৰ লিপ্যন্তৰ হোৱা নাই।
-
নাগৰী লিপি
নাগৰী লিপি (Nāgarī script) হʼল দেৱনাগৰী, নন্দিনাগৰী আৰু অন্যান্য লিপিসমূহৰ পূৰ্বসূৰী আৰু ইয়াক প্ৰথমে প্ৰাকৃত আৰু সংস্কৃত লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল। নাগৰী শব্দটো কেতিয়াবা দেৱনাগৰী লিপিৰ সমাৰ্থক শব্দ হিচাপেও ব্যৱহাৰ কৰা হয়। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দৰ সময়ছোৱাত ইয়াৰ প্ৰচলন হৈছিল।
-
পল্লৱ লিপি
পল্লৱ লিপি পল্লৱ লিপি বা পল্লৱ গ্ৰন্থ হৈছে দক্ষিণ ভাৰতৰ পল্লৱ ৰাজবংশৰ (তামিলকাম) নামেৰে নামাকৰণ কৰা গ্ৰন্থ লিপিৰ এক শৈলী আৰু এই লিপি চতুৰ্থ শতিকাৰ আছে বুলি প্ৰমাণিত হয়। ভাৰতত পল্লৱ লিপি তামিল-ব্ৰাহ্মীৰ পৰা বিকশিত হৈছিল। গ্ৰন্থ লিপিৰ উৎপত্তি পল্লৱ লিপিৰ পৰা হৈছিল।
-
বালবোধ
বালবোধ (মাৰাঠীঃ बाळबोध, অনুবাদঃ শিশুৰ দ্বাৰা বুজি পোৱা) হৈছে মাৰাঠী ভাষা আৰু কোৰ্কু ভাষা লিখিবলৈ ব্যৱহাৰ কৰা দেৱনাগৰী লিপিৰ সামান্য পৰিৱৰ্তিত শৈলী। অন্যান্য ভাষাৰ বাবে ব্যৱহৃত দেৱনাগৰী লিপিৰ পৰা বালবোধক পৃথক কৰা কথাটো হ'ল ळ /ɭ/ (ৰেট্ৰ'ফ্লেক্স লেটাৰেল এপ্ৰোক্সিমেণ্ট) আৰু र् (যাক আইলেছ ৰেফ/ৰাফৰ)…
-
আনাইকোড্ডাই ছীল
আনাইকোড্ডাই ছীল হৈছে এটি সোপষ্টোন ধাতুৰে নিৰ্মিত, যিটো শ্ৰীলংকাৰ আনাইকোড্ডাইত এক মেগালিথিক সমাধিস্থলৰ খননকালত য়াপন বিশ্ববিদ্যালয়ৰ এক গৱেষণা দলৰ দ্বাৰা উদ্ঘাটিত হৈছিল। ছীলটো মূলত এক চিহ্ন-মুদ্ৰাৰ আঙুঠিৰ অংশ আছিল আৰু ইয়াত ব্ৰাহ্মী লিপি আৰু মেগালিথিক গ্ৰাফিটি চিহ্নৰ সংমিশ্ৰণ দেখা পোৱা যায়।
-
কাদাম্বা লিপি
কাদাম্বা লিপি হৈছে বিশেষভাৱে কানাড়া লিখাৰ বাবে প্ৰস্তুত কৰা প্ৰথম লিখন প্ৰণালী আৰু পিছত ইয়াক তেলেগু ভাষা লিখিবলৈ গ্ৰহণ কৰা হৈছিল। কাডাম্বা লিপিক প্ৰাক-পুৰণি-কানাড়া লিপি বুলিও জনা যায়। কাডাম্বা লিপি ব্ৰাহ্মী লিপিৰ দক্ষিণ গোটৰ ভিতৰত অন্যতম পুৰণি।
-
কোলেলুট্টু
কোলেজুথু লিপি ( Kōlezhuthu), এসময়ত কেৰেলা অঞ্চলত মালয়ালম ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা এক আক্ষৰিক বৰ্ণমালা আছিল। চেৰা পেৰুমালৰ পিছৰ যুগত (প্ৰায় দ্বাদশ শতিকাৰ পৰা) ভাটেলুট্টু লিপিৰ পৰা কোলেজুথুৰ বিকাশ ঘটিছিল।
-
গৌড়ী লিপি
গৌড়ী লিপি, যাক প্ৰটো-বাংলা লিপি বা প্ৰটো-ওড়িয়া লিপি বুলিও জনা যায়, ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত আবুগিদা। গৌড়ী লিপি ক্ৰমান্বয়ে বাংলা-অসমীয়া (পূব নগৰী), ওড়িয়া লিপি আৰু তিৰহুতা লিপি লিপিলৈ বিকশিত হৈছিল।
-
ডোগ্ৰী লিপি
ডোগ্ৰী লিপি লিপি হৈছে ভাৰতীয় উপমহাদেশৰ উত্তৰ অংশত জম্মু আৰু কাশ্মীৰত ডোগ্ৰী ভাষা লিখাৰ বাবে ব্যৱহৃত এক লিখন প্ৰণালী।
-
বট্টেলুত্তু
ভট্টলিপি বা বট্টেলুত্তু ( Vatteluttu or Vattezhuthu, তামিল: வட்டெழுத்து, Vatteluttu আৰু মালয়ালম: প্ৰবাদ, Vatteḻuttŭ, IPA: [ʋɐʈːeɻut̪ːɨ̆]) আছিল তামিল আৰু মালয়ালম ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা বৰ্ণমালাৰ লিখন ব্যৱস্থা। এই লিপি হৈছে এসময়ত দক্ষিণ-পূৰ্ব এছিয়াত বিকাশ লাভ কৰা পল্লৱ লিপিৰ এটি ভগ্নী লিপি।
-
ভাৰতী লিপি
ভাৰতী লিপি (Bharati Script; ISO: Bhārati) হৈছে ভি. শ্ৰীনিবাস চক্ৰৱৰ্তীৰ নেতৃত্বাধীন গৱেষক দল এটিয়ে আই আই টি মাদ্ৰাজত সৃষ্টি কৰা এটি নিৰ্মিত লিপি। ইয়াক ভাৰতীয় ভাষাৰ বাবে সাধাৰণ বা সংযোগী লিপি হিচাপে কাম কৰিব পৰাকৈ সাজি উলিওৱা হৈছে। এই Abugida লিপি বাওঁফালৰ পৰা সোঁফাললৈ পঢ়া হয়।
-
ভুজিমোল লিপি
ভুজিমোল লিপি বা ভুজিনমোল দেৱনাগৰী: भुजिमोल বা भुजिंमोल) হৈছে নেপাল লিপিৰ আটাইতকৈ প্ৰাচীন ৰূপ। ই নেপাল বৰ্ণমালাৰ আটাইতকৈ সচৰাচৰ প্ৰকাৰবোৰৰ এটা।
-
মুলতানী লিপি
মুলতানী লিপি মুলতানী হৈছে পঞ্জাৱৰ মুলতান অঞ্চল আৰু পাকিস্তানৰ উত্তৰ সিন্ধুঅঞ্চলত উদ্ভৱ হোৱা ব্ৰাহ্মী লিপি। ইয়াক চাৰাইকি লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল, যাক প্ৰায়ে লাহণ্ডা ভাষাৰ গোটৰ উপভাষা বুলি গণ্য কৰা হয়। মুলতানী লিপি নিয়মীয়া লিখন আৰু বাণিজ্যিক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
-
মোদী লিপি
মোদী লিপি (Modi script, মাৰাঠীঃ मोडी, IAST: Mōḍī) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ প্ৰাথমিক ভাষা মাৰাঠী লিখিবলৈ ব্যৱহৃত এটা লিপি। ইয়াৰ উৎপত্তি সম্পৰ্কে একাধিক তত্ত্ব আছে।