ৰঞ্জনা লিপি (Lantsa১) হৈছে একাদশ শতিকাত বিকশিত হোৱা এটা আবুগিদা লিখন ব্যৱস্থা।২ এই লিপি ২০ শতিকাৰ মাজভাগলৈকে নেপালৰ পৰা তিব্বতলৈকে এটা অঞ্চলত কাঠমাণ্ডুৰ ঐতিহাসিক বাসিন্দা নেৱাৰ লোকসকলে সংস্কৃত আৰু নেৱাৰ ভাষা লিখিবলৈ এই লিপি ব্যৱহাৰ কৰিছিল৷ আজিকালি চীন দেশৰ বৌদ্ধ মঠসমূহতো ইয়াক ব্যৱহাৰ কৰা হয়। বিশেষকৈ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ভিতৰৰ তিব্বতী বৌদ্ধ অঞ্চল, ছিচুয়ান, ইউনান, কিংহাই আৰু গানছুতৰ লগতে মংগোলিয়া আৰু জাপানৰ বৌদ্ধ মঠ সমূহত ব্যৱহাৰ কৰা হয়। সাধাৰণতে বাওঁফালৰ পৰা সোঁফালে লিখা হয় যদিও কুটাক্ষৰ ৰূপটো ওপৰৰ পৰা তললৈ লিখা হয়।২ ইয়াক মানক নেপালী ভাষাৰ কেলিগ্ৰাফিক লিপি বুলিও গণ্য কৰা হয়।
ইতিহাস
ৰঞ্জনা হ'ল ব্ৰাহ্মিক লিপি, যি প্ৰায় ১১০০ খ্ৰীষ্টাব্দত বিকশিত হৈছিল। নেপালত ইয়াক ব্যৱহাৰ কৰা হৈছিল আৰু এতিয়াও নেপালত নেৱাৰ লোকসকলে নেৱাৰ ভাষা লিখিবলৈ ব্যৱহাৰ কৰে৷১ মহাযান আৰু বজ্ৰায়ণ মঠৰ অধিকাংশতো এই লিপি ব্যৱহাৰ কৰা হয়।৩ প্ৰচলিত নেপাল বৰ্ণমালাৰ লগতে ইয়াক নেপালৰ অন্যতম লিপি বুলি গণ্য কৰা হয়।৪
বৰ্ণমালা
| ক | খ | গ | ঘ | ঙ |
| চ | ছ | জ | ঝ | ঞ |
| ট | ঠ | ড | ঢ | ণ |
| ত | থ | দ | ধ | ন |
| প | ফ | ব | ভ | ম |
| য | ৰ | ল | ৱ | |
| শ | ষ | স | হ | |
| ক্ষ | ত্ৰ | জ্ঞ |
সংখ্যা
| ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
মনোগ্ৰাম (কুটাক্ষৰ)
কুটাক্ষৰ হৈছে ৰঞ্জনা লিপিৰ এক মনোগ্ৰাম। মনোগ্ৰামত লিখিব পৰা নেপালী লিপিৰ ভিতৰত ই মাথোঁ এটা।
ইউনিক'ড
এই লিপিৰ বাবে এটা ইউনিক'ড ব্লক Evertype দ্বাৰা প্ৰস্তাৱ কৰা হৈছে।৫
বাহ্যিক সংযোগ
- Download Ranjana Newari Regular Font
- Everson, Michael. (2009). Preliminary proposal for encoding the Rañjana script in the SMP of the UCS
- Everson, Michael. (2009). Roadmapping the scripts of Nepal
- Fynn, Christopher John. Ranjana (Lantsa) script
- Pandey, Anshuman. (2016). Towards an encoding for the Ranjana and Lantsa scripts
- Ranjana script on Omniglot
- Ranjana script
- Saerji. (2009). Rañjanā script: Akṣara List of the Manuscript of Aṣṭasāhasrikāprajñāpāramitā (ca. the 11–12th Centuries). Research Institute of Sanskrit Manuscripts & Buddhist Literature, Peking University.
তথ্যসূত্ৰ
- ↑ Omniglot
- ↑ Jwajalapa
- ↑ Folk tales from the Himalayan kingdom of Nepal: Black rice and other stories, p.47, Kesar Lall, Ratna Pustak Bhandar
- ↑ Nepalese Inscriptions in the Rubin Collection
- ↑ Preliminary proposal for encoding the Rañjana script in the SMP of the UCS . Proposal to Encode Ranjana Script in ISO/IEC 10646, Dev Dass Manandhar, Samir Karmacharya and Bishnu Chitrakar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জনা লিপি” প্ৰবন্ধৰ সংশোধন ৬০৬১৩৩ (১৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।