অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নাগৰী লিপি

নাগৰী লিপি (Nāgarī script) হʼল দেৱনাগৰী, নন্দিনাগৰী আৰু অন্যান্য লিপিসমূহৰ পূৰ্বসূৰী আৰু ইয়াক প্ৰথমে প্ৰাকৃত আৰু সংস্কৃত লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল। নাগৰী শব্দটো কেতিয়াবা দেৱনাগৰী লিপিৰ সমাৰ্থক শব্দ হিচাপেও ব্যৱহাৰ কৰা হয়। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দৰ সময়ছোৱাত ইয়াৰ প্ৰচলন হৈছিল।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৫ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

নাগৰী লিপি (Nāgarī script) হʼল দেৱনাগৰী, নন্দিনাগৰী আৰু অন্যান্য লিপিসমূহৰ পূৰ্বসূৰী আৰু ইয়াক প্ৰথমে প্ৰাকৃত আৰু সংস্কৃত লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল। নাগৰী শব্দটো কেতিয়াবা দেৱনাগৰী লিপিৰ সমাৰ্থক শব্দ হিচাপেও ব্যৱহাৰ কৰা হয়।১২৩ খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দৰ সময়ছোৱাত ইয়াৰ প্ৰচলন হৈছিল।৪

নাগৰী লিপিৰ শিপাসমূহ প্ৰাচীন ব্ৰাহ্মী লিপি পৰিয়ালত আছে।৩ খ্ৰীষ্টীয় সপ্তম শতিকাৰ মাজভাগত নাগৰী লিপি নিয়মীয়াকৈ ব্যৱহাৰ হৈছিল, আৰু সাধাৰণ যুগৰ প্ৰথম সহস্ৰাব্দৰ প্ৰায় শেষৰ ফালে ই সম্পূৰ্ণৰূপে দেৱনাগৰী আৰু নন্দিনাগৰী লিপিলৈ বিকশিত হৈছিল।২৫৬

ব্যুৎপত্তি

নাগৰী শব্দটো নগৰ শব্দটোৰ পৰা উৎপত্তি হৈছে।৭

উৎপত্তি

প্ৰাচীন ভাৰতত, গুপ্ত লিপিৰ মধ্য-পূবৰ এক ৰূপ হিচাপে নাগৰী লিপিৰ আবিৰ্ভাৱ হৈছিল (যʼত শাৰদা আছিল পশ্চিমীয়া জাত আৰু সিদ্ধম আছিল সুদূৰ পূৰ্বৰ জাত)। পৰৱৰ্তীকালত ই দেৱনাগৰী আৰু নন্দিনাগৰী লিপিৰ দৰে কেইবাটাও লিপিত বিভক্ত হৈ পৰিছিল।

ভাৰতৰ বাহিৰত ব্যৱহাৰ

অধিক তথ্য: সংস্কৃত এপিগ্ৰাফী

সপ্তম শতিকাৰ তিব্বতীয় ৰজা ছংচেন গাম্পোৱে সকলো বিদেশী গ্ৰন্থ তিব্বতীয় ভাষালৈ লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু তেওঁৰ ৰাষ্ট্ৰদূত টনমী চাম্বোটাক বৰ্ণানুক্ৰমিক আৰু লিখাৰ পদ্ধতি আহৰণৰ বাবে ভাৰতলৈ পঠিয়াই দিয়ে, যিজনে কাশ্মীৰৰ পৰা চৌবিশটা তিব্বতীয় শব্দৰ লগত সম্পৰ্কিত এটি সংস্কৃত নাগৰী লিপি লৈ উভতি আহিছিল আৰু ছয়টা স্থানীয় শব্দৰ বাবে নতুন প্ৰতীক উদ্ভাৱন কৰিছিল।৮

১৯৭২ চনত, ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ম্ৰাউক-উ (মৰোহাউং)ৰ সংগ্ৰহালয়ত নাগৰী লিপিৰ দুটা উদাহৰণ আছিল। প্ৰত্নতত্ত্ববিদ অং থাৱে এই শিলালিপিসমূহৰ বৰ্ণনা কৰিছে, ই চন্দ্ৰ বংশৰ সৈতে জড়িত যি প্ৰথমে ভাৰতৰ প্ৰাচীন চহৰ বৈশালীৰ পৰা উদ্ভৱ হৈছিল:৯

... [ৰাণী] নীতি চন্দ্ৰ আৰু [ৰজা] বীৰ চন্দ্ৰৰ দ্বাৰা উৎসৰ্গিত ষষ্ঠ শতিকাৰ উত্তৰ-পূৰ্ব নাগৰী লিপিত মিশ্ৰিত সংস্কৃত আৰু পালিৰ এপিগ্ৰাফ
— অং থাও

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Tripathi, Kunjabihari. (1962). The Evolution of Oriya Language and Script. Utkal University. পৃ. 28
  2. ↑ Kathleen Kuiper (2010), The Culture of India, New York: The Rosen Publishing Group,, page 83
  3. ↑ George Cardona and Danesh Jain (2003), The Indo-Aryan Languages, Routledge,, pages 68-69
  4. ↑ (1967). India Central Hindi Directorate (Instituut voor Toegepaste Sociologie te Nijmegen)
  5. ↑ Richard Salomon (2014), Indian Epigraphy, Oxford University Press,, pages 33-47
  6. ↑ Pandey, Anshuman. (2017). Final proposal to encode Nandinagari in Unicode.
  7. ↑ Monier Williams Online Dictionary, nagara, Cologne Sanskrit Digital Lexicon, Germany
  8. ↑ William Woodville Rockhill,, United States National Museum, page 671
  9. ↑ Aung Thaw. (1972). Historical sites in Burma. Ministry of Union Culture, Government of the Union of Burma

সম্পৰ্কিত শ্ৰেণী

লিপিএছীয় লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগৰী লিপি” প্ৰবন্ধৰ সংশোধন ৪৬৭০৭২ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।