কোলেজুথু লিপি ( Kōlezhuthu), এসময়ত কেৰেলা অঞ্চলত মালয়ালম ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা এক আক্ষৰিক বৰ্ণমালা আছিল।
চেৰা পেৰুমালৰ পিছৰ যুগত (প্ৰায় দ্বাদশ শতিকাৰ পৰা) ভাটেলুট্টু লিপিৰ পৰা কোলেজুথুৰ বিকাশ ঘটিছিল। খ্ৰীষ্টীয় ১৮ শতিকালৈকে ইয়াক কেৰালাৰ কিছুমান সম্প্ৰদায়ে (যেনে মুছলমান আৰু খ্ৰীষ্টান) ব্যৱহাৰ কৰিছিল।
এই লিপি লেখাৰ বাবে ব্যৱহাৰ কৰা বিশেষ ধৰণৰ শৈলীৰ পৰাই ইয়াৰ নাম সম্ভৱতঃ কোলেজুথু হৈ পৰিছে। আধুনিক মালয়ালম ভাষাত কোল শব্দই বিশেষ শৈলী বা 'দীঘলীয়া লাঠিৰ দৰে বস্তু'ক বুজায় আৰু এঝুথুৰ অৰ্থ হৈছে 'লিখিত ৰূপ'।১
ইউনিক'ড
ইউনিকোডত এতিয়াও ইয়াক যোগ কৰা হোৱা নাই, এতিয়ালৈ কোনো প্ৰস্তাৱো দিয়া হোৱা নাই।
তথ্যসূত্ৰ
- ↑ (2015). Languages of Kerala and Lakshwadeep (PLSI Vol. 15). Orient BlackSwan. পৃ. 66. ISBN 978-81-250-5627-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোলেলুট্টু” প্ৰবন্ধৰ সংশোধন ৪৬৮৪৩৩ (২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।