অংগ লিপি বা অংগিকা (:Anga Lipi) (𑂃𑂁𑂏) এটা ঐতিহাসিক লিখন প্ৰণালী আছিল।১ বৌদ্ধ গ্ৰন্থ "ললিতবিস্তাৰ"ত অংগ লিপিৰ উল্লেখ পোৱা যায়, য'ত কোৱা হৈছে যে অংগ লিপি ভগৱান বুদ্ধই জনা ৬৪টা লিপিৰ ভিতৰত এটা আছিল।২
ব্যুৎপত্তি আৰু ইতিহাস
প্ৰাচীন সংস্কৃত ভাষাৰ বৌদ্ধ গ্ৰন্থ ললিতবিস্তাৰত অংগ লিপিৰ বিষয়ে উল্লেখ আছে, য'ত এই লিপিটোক ভগৱান বুদ্ধদেৱৰ জ্ঞাত ৬৪টা লিপিৰ তালিকাৰ ভিতৰত অন্যতম লিপি বুলি আগভাগত স্থান দিয়া হৈছে। আৰ্থাৰ ক'ক বাৰ্নেলে ললিতবিস্তাৰত উল্লেখ কৰা চৌষষ্ঠিটা লিপিৰ ভিতৰত কিছুমান লিপিক হে পৌৰাণিক বুলি গণ্য কৰিছিল। ইয়াৰ ভিতৰত তেওঁ দ্ৰাবিড়, অংগ আৰু বংগকে ধৰি কিছুমান লিপিক বাস্তৱ বুলি গণ্য কৰিছিল যদিও এই লিপিবোৰ খ্ৰীষ্টীয় নৱম বা দশম শতিকালৈকে সুকীয়া বৰ্ণমালা হিচাপে প্ৰচলিত হোৱা নাছিল। ৩ (বাৰ্নেলে এই অংশটোক পলমকৈ হোৱা ইণ্টাৰপলেচন বা পিছত অন্তৰ্ভুক্ত কৰা বুলি মত প্ৰকাশ কৰিছিল। )
বৈশিষ্ট্য আৰু তুলনা
অংগ লিপি আৰু বাংলা লিপি সম্ভৱত ব্ৰাহ্মী লিপিৰ পৰাই উদ্ভৱ হৈছিল, য'ত কিছুমান আঞ্চলিক বৈশিষ্ট্য নিহিত হৈ আছিল।৪ ইয়াৰ দ্বাৰা এই কথাটোকে সমৰ্থন কৰে যে বৰ্ণমালাত স্থানীয় বৈশিষ্ট্যসমূহৰ বিকাশ প্ৰাচীন কালৰ পৰাই চলি আছিল।৫
ই ভাৰতীয় বৰ্ণমালাৰ স্থানীয় ভিন্নতাৰ প্ৰাৰম্ভিক বিকাশ প্ৰতিফলিত কৰে।৬
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Olivelle, Patrick. (2006). Between the empires: society in India 300 BCE to 400 CE. Oxford University Press. ISBN 0-19-530532-9
- ↑ Aligarh, A. M. U. An Inquiry into Negation(s) in Scripts: A Comparative Study.
- ↑ Coke Burnell, Arthur. (1878). Elements of South-Indian Palaeography. Trübner & Co. পৃ. 52
- ↑ Sircar, D.C. (1986). Journal of ancient Indian history. কলিকতা বিশ্ববিদ্যালয়, Dept. of Ancient Indian History and Culture
- ↑ K.L.M., Firma. (2002). The people and culture of Bengal, a study in origins
- ↑ K.L.M., Firma. (2002). The people and culture of Bengal, a study in origins
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অংগ লিপি” প্ৰবন্ধৰ সংশোধন ৪৬৬৮৭৮ (২৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।