অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

টাক্‌ৰী লিপি

টাক্‌ৰী লিপি: Takri script(টাক্‌ৰী (চাম্বা): 𑚔𑚭𑚊𑚤𑚯; টাকৰী (জম্মু/ডোগ্ৰা): 𑠔𑠬𑠊𑠤𑠮; কেতিয়াবা টংকৰী 𑚔𑚭𑚫𑚊𑚤𑚯 বুলিও কোৱা হয়) হৈছে ব্ৰাহ্মিক লিপি পৰিয়ালৰ এক আবুগিদা লিখন পদ্ধতি। ই পূৰ্বে কাশ্মীৰীৰ বাবে ব্যৱহৃত শাৰদা লিপিৰ পৰা উদ্ভৱ হৈছে। এই লিপি লণ্ডা লিপিৰ ভগ্নী লিপি।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৫০১ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

টাক্‌ৰী লিপি: Takri script(টাক্‌ৰী (চাম্বা): 𑚔𑚭𑚊𑚤𑚯; টাকৰী (জম্মু/ডোগ্ৰা): 𑠔𑠬𑠊𑠤𑠮; কেতিয়াবা টংকৰী 𑚔𑚭𑚫𑚊𑚤𑚯 বুলিও কোৱা হয়) হৈছে ব্ৰাহ্মিক লিপি পৰিয়ালৰ এক আবুগিদা লিখন পদ্ধতি। ই পূৰ্বে কাশ্মীৰীৰ বাবে ব্যৱহৃত শাৰদা লিপিৰ পৰা উদ্ভৱ হৈছে। এই লিপি লণ্ডা লিপিৰ ভগ্নী লিপি। ইয়াৰ আন এটা ভিন্ন লিপি ডোগ্ৰা টাকৰী জম্মু অঞ্চলত ব্যৱহৃত হৈছিল (যাক ডোগ্ৰা আখৰ বুলিও জনা যায়)।১ সমগ্ৰ হিমাচল প্ৰদেশতে বিভিন্ন প্ৰকাৰৰ টাকৰী লিপি পোৱা যায়।২ ১৯৪০ চনৰ শেষৰ ফালে এই লিপিৰ অভিযোজিত সংস্কৰণ (যাক ডগৰি, ডোগ্ৰা বা ডোগ্ৰা আখৰ বুলি কোৱা হয়) জম্মু-কাশ্মীৰৰ দেশীয় ৰাজ্যখনত ডগৰি লিখাৰ আনুষ্ঠানিক লিপি আছিল। ইতিহাসৰ বুকুত বৰ্তমান হিমাচল প্ৰদেশৰ বিভিন্ন ৰাজ্যই নিজৰ অভিলেখ ৰক্ষাৰ বাবে নিজস্ব বৈচিত্ৰ্য ব্যৱহাৰ কৰিছিল। হিমাচল প্ৰদেশৰ ছিৰমৌৰ আৰু উত্তৰাখণ্ডৰ কাষৰীয়া অঞ্চল জৌনছাৰ-বাৱাৰত ব্যৱহৃত টাকৰী লিপিৰ কিছু বৈশিষ্ট্যগত পাৰ্থক্য আছে।

ইতিহাস

১৪ শতিকাৰ পৰা ১৮ শতিকাৰ ভিতৰত শাৰদ লিপিৰ দেৱাশেষ পৰ্যায়ৰ মাজেৰে টাক্‌ৰী বৰ্ণমালাৰ বিকাশ ঘটিছিল৩ আৰু ইয়াক প্ৰধানকৈ চাম্বা৪ আৰু ইয়াৰ আশে-পাশে থকা পাহাৰীয়া ৰাজ্যসমূহত ব্যৱহিত হৈছিল। স্থানীয় টাকৰী লিপিৰ বিভিন্ন ৰূপ পঞ্জাৱৰ পাহাৰীয়া ৰাজ্যৰ কিছুমান ঠাইত চৰকাৰী লিপিৰ মৰ্যাদা লাভ কৰে আৰু ১৯ শতিকালৈকে প্ৰশাসনিক আৰু সাহিত্যিক দুয়োটা উদ্দেশ্যতে ব্যৱহাৰ কৰা হৈছিল।৩ ১৯৪৮ চনৰ পিছত যেতিয়া হিমাচল প্ৰদেশ স্বতন্ত্ৰ প্ৰশাসনিক ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হয়, তেতিয়াৰ পৰা বিভিন্ন স্থানীয় তাকৰী লিপিৰ ঠাইত দেৱনাগৰী লিপি ব্যৱহাৰ কৰা হয়।

টাকৰী লিপি ঐতিহাসিকভাৱে পশ্চিম হিমালয়ৰ কেইবাটাও পশ্চিমীয়া পাহাৰী ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হৈছে, যেনে গাদ্দী বা গাদ্কী (গাড্ডী জনগোষ্ঠীৰ ভাষা), কিষ্টৱাৰী (কাশ্মীৰীৰ এটা ভাষা বা সম্ভৱতঃ অতি স্বকীয় উপভাষা, যিটো ভাষাত জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ অঞ্চলত কোৱা হয়) আৰু চাম্বেলি (হিমাচল প্ৰদেশৰ চাম্বা অঞ্চলৰ ভাষা)। কাংগৰা আৰু বিলাসপুৰ অঞ্চলকে ধৰি হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ব্যৱসায়িক ৰেকৰ্ড আৰু যোগাযোগৰ বাবে টাকৰী আটাইতকৈ প্ৰচলিত লিপি আছিল।৫ ভাৰতৰ স্বাধীনতাৰ প্ৰাৰম্ভিক কাল (১৯৫০−৮০)ৰ সময় ছোৱাৰ পৰাই টাকৰী লিপিৰ পৰা দেৱনাগৰীলৈ স্থানান্তৰ হোৱা পৰিলক্ষিত হয়।

পুনৰুজ্জীৱন আন্দোলন

টাক্‌ৰী লিপি অব্যৱহৃত হৈ যোৱাৰ পিছৰে পৰা৬ হিমাচল প্ৰদেশত এই লিপি পুনৰুজ্জীৱিত কৰিবৰ বাবে নানান ধৰনৰ প্ৰচেষ্টা চলি আহিছে। শেহতীয়াকৈ হিমাচলীসকলক এই লিপি শিকোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে।৭

চলচ্চিত্ৰতো টাক্‌ৰী (টাংকৰী) লিপি ব্যৱহাৰ কৰা হৈছিল। ২০১৭ চনৰ এপ্ৰিল মাহত মুক্তি পোৱা অজয় কে শাক্লনীৰ পৰিচালনাত পশ্চিম পাহাৰীৰ হিমাচালী উপভাষাত সাঁঝ নামৰ প্ৰথমখন ছবিৰ শিৰোনাম আৰু আৰম্ভণিৰ ক্ৰেডিটত টাক্ৰী লিপি ব্যৱহাৰ কৰা হৈছিল। হিমাচল প্ৰদেশত, চাম্বা৮ আৰু কুল্লু, কংৰা আৰু চিমলাৰ দৰে জিলাত কম পৰিসৰত কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।৯ ধৰ্মশালাত অৱস্থিত সম্ভ (দেৱনাগৰী:सांभ) নামৰ এটা সংস্থাই এই লিপিৰ পুনৰুজ্জীৱিত কৰাৰ বাবে সিদ্ধান্ত লৈছে।১০

আমান কি আশাৰ উদ্যোগত চিমলাৰ পৰা মুৰীলৈ এটা পশ্চিম পাহাড়ী কৰিড'ৰ প্ৰস্তাৱ কৰা হৈছে, যাৰ উদ্দেশ্য হিমাচল প্ৰদেশ, জম্মু, আজাদ কাশ্মীৰ আৰু পটোহাৰ মালভূমিৰ পশ্চিম পাহাড়ী ভাষাভিত্তিক অঞ্চলসমূহক সংযোগ কৰি টাক্ৰী লিপিক পুনৰুজ্জীৱিত কৰা।১১১২

ৰাষ্ট্ৰীয় পাণ্ডুলিপি অভিযান যোজনাৰ অধীনত হিমাচল প্ৰদেশ চৰকাৰে পাণ্ডুলিপি সম্পদ কেন্দ্ৰ স্থাপন কৰিছে আৰু এতিয়ালৈকে টাক্‌ৰীত থকা পাণ্ডুলিপিকে ধৰি ১.২৬ লাখ (১,২৬,০০০) পাণ্ডুলিপিৰ তালিকাভুক্ত কৰা হৈছে আৰু ইয়াক ডিজিটেলাইজ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।১৩

আঞ্চলিক জাত

টাক্‌ৰী কেইবাটাও আঞ্চলিক জাত বা ৰূপ আছে, “প্ৰতিখন পাহাৰীয়া ৰাজ্য বা অঞ্চলৰ নিজস্ব শৈলী বিদ্যমান”। আঞ্চলিক লিপি আৰু ইহঁতে প্ৰতিনিধিত্ব কৰা ভাষাৰ বানানৰো যথেষ্ট তাৰতম্য বিদ্যমান। ভাষা সমুহৰ নামো সলনি হৈছে, যাৰ ফলত গ্ৰীয়াৰ্ছন আৰু অন্যান্য উৎসত ব্যৱহৃত নামসমূহ বৰ্তমানৰ প্ৰচলিত ৰূপৰ পৰা পৃথক। ভাষা আৰু ইয়াৰ লগত জড়িত টাক্ৰীৰ ৰূপ চিনাক্তকৰণত সহায় কৰিবলৈ তলৰ ভাষাৰ নামসমূহ ISO639-3 ক'ড ব্যৱহাৰ কৰি চিহ্নিত কৰা হৈছে। আঞ্চলিক ৰূপবিলাকৰ প্ৰতিনিধিত্ব কৰা টাক্ৰীৰ নমুনাও উল্লেখ কৰা হৈছে।

ভটিয়ালি [bht]: ভটিয়ালি, ভটিয়ালি

চাম্বেলি [cdh]: চাম্বিয়ালি, চামেআলি, চামিয়ালি

ডোগ্ৰা [dgo], [doi]: ডোগ্ৰী

গাদ্দী [gbk]: ভৰমৌৰী, গাদী

গহৰি [bfu]: বুনান

জৌনছাৰী [jns]

কাংৰি [xnr]: কাংৰি

কিন্নৌৰী [kjo]: কনৌৰী

কিষ্টৱাৰী [কাছ]: কাষ্টৱাৰী

কুল্ভি [kfx]: কুল্লু, কুলুই, কুল্বী

মহাসু [bfz]: কোচি, কিউন্থালী

মাণ্ডেআলি [mjl]: হিমাচালি, মাণ্ডী

ছিৰমৌৰী [srx]

ইউনিকোডৰ বাবে প্ৰামাণিক হিচাপে চাম্বেলি সংস্কৰণ নিৰ্বাচিত কৰা হৈছিল।

ছিৰমৌৰী আৰু জৌনছাৰীৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ টাক্ৰী ইউনিক'ডত সংকেতকৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।১৪

সংখ্যা

আৰবী সংখ্যা০১২৩৪৫৬৭৮৯
টাক্‌ৰী সংখ্যা𑛀𑛁𑛂𑛃𑛄𑛅𑛆𑛇𑛈𑛉

ইউনিক'ডত

২০১২ চনত ইউনিক'ড ষ্টেণ্ডাৰ্ডত টাক্‌ৰী লিপি যোগ কৰা হৈছিল (সংস্কৰণ ৬.১)।

তথ্যসূত্ৰ

  1. ↑ Grierson, George A. (1904). Journal of the Royal Asiatic Society of Great Britain & Ireland. Royal Asiatic Society of Great Britain and Ireland. পৃ. 67
  2. ↑ Pandey, Anshuman. (6 April 2009). Proposal to Encode the Takri Script in ISO/IEC 10646. Working Group Document, ISO/IEC JTC1/SC2/WG2
  3. ↑ Pandey, Anshuman. (2009-03-25). N3545: Proposal to Encode the Sharada Script in ISO/IEC 10646. Working Group Document, ISO/IEC JTC1/SC2/WG2
  4. ↑ Magotra, Shika; Kaushik, Baijnath; Kaul, Ajay. (2020). A Comparative analysis for identification and classification of text segmentation challenges in Takri Script. Sādhanā
  5. ↑ Brara, Sarita. (26 July 2019). Breathing new life into forgotten scripts. The Hindu Business Line
  6. ↑ (27 January 2006). Tankri once the language of royals, is now dying in Himachal Pradesh. Hindustan Times
  7. ↑ (16 February 2006). Ancient scripts of Indian Mountains fights for survival. Zee News
  8. ↑ (8 February 2020). Reviving 'Takri' script of the yore. The Tribune (India)
  9. ↑ Workshop at Shimla
  10. ↑ Thakur, Naresh K. (9 March 2015). Ancient delight: Heritage enthusiasts develop fonts for fading 'Takri' script. Hindustan Times
  11. ↑ (14 July 2019). Dreaming of peace dividends: Revival of Shimla-Murree linkages. Aman Ki Asha
  12. ↑ Sharma, Vishal. (7 June 2019). Dreaming of peace dividends: Revival of Shimla-Murree linkages. The Wire
  13. ↑ Bodh, Anand. (21 August 2016). Himachal makes efforts to save its cultural heritage. Times of India
  14. ↑ Pandey, Anshuman. (28 March 2018). Preliminary proposal to encode Sirmauri in Unicode

সম্পৰ্কিত শ্ৰেণী

লিপিএছীয় লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাক্‌ৰী লিপি” প্ৰবন্ধৰ সংশোধন ৬০২২৫৭ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।