অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভাৰতী লিপি

ভাৰতী লিপি (Bharati Script; ISO: Bhārati) হৈছে ভি. শ্ৰীনিবাস চক্ৰৱৰ্তীৰ নেতৃত্বাধীন গৱেষক দল এটিয়ে আই আই টি মাদ্ৰাজত সৃষ্টি কৰা এটি নিৰ্মিত লিপি। ইয়াক ভাৰতীয় ভাষাৰ বাবে সাধাৰণ বা সংযোগী লিপি হিচাপে কাম কৰিব পৰাকৈ সাজি উলিওৱা হৈছে। এই Abugida লিপি বাওঁফালৰ পৰা সোঁফাললৈ পঢ়া হয়।

হালনাগাদ: ২৯ জুলাই ২০২৬ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

ভাৰতী লিপি (Bharati Script; ISO: Bhārati) হৈছে ভি. শ্ৰীনিবাস চক্ৰৱৰ্তীৰ নেতৃত্বাধীন গৱেষক দল এটিয়ে আই আই টি মাদ্ৰাজত সৃষ্টি কৰা এটি নিৰ্মিত লিপি। ইয়াক ভাৰতীয় ভাষাৰ বাবে সাধাৰণ বা সংযোগী লিপি হিচাপে কাম কৰিব পৰাকৈ সাজি উলিওৱা হৈছে।১২৩৪৫৬ এই Abugida লিপি বাওঁফালৰ পৰা সোঁফাললৈ পঢ়া হয়। ইয়াৰ স্বৰবৰ্ণৰ চিহ্নসমূহ প্ৰাৰম্ভিক আখৰৰ তলত, ওপৰত বা সোঁফালে ৰাখিব পাৰি।৪

এই লিপি লেটিন লিপি, দেৱনাগৰী লিপি, তামিল লিপি, তেলুগু লিপি, কানাড়া লিপি, মালয়ালম লিপি আৰু অসমীয়া–বঙালী লিপি লিপিকে ধৰি কেইবাটিও লিপিৰ আখৰ আৰু ধাৰণাৰ সমন্বয়ত নিৰ্মাণ কৰা হৈছে।২৭ গুজৰাটী লিপিৰ দৰে ইয়াত বৰ্ণৰ ওপৰত চলন্ত আনুভূমিক ৰেখা বা মাত্ৰা দেখা নাযায়, যিটো দেৱনাগৰী লিপি আৰু অসমীয়া–বঙালী লিপিৰ এটা বৈশিষ্ট্য।

বিকাশ

যিদৰে লেটিন লিপিয়ে বহু ইউৰোপীয় ভাষাৰ বাবে সাধাৰণ লিপি হিচাপে কাম কৰে, তেনেদৰে ভাৰতী লিপিক ভাৰতীয় ভাষাৰ সাধাৰণ লিপি বা সংযোগকাৰী লিপি ৰূপে প্ৰস্তাৱ কৰা হৈছে, য’ত ভাৰত-আৰ্য ভাষা পৰিয়াল আৰু দ্ৰাবিড় ভাষা পৰিয়াল দুয়োটাকে অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ উপৰিও নিজস্ব লিখন পদ্ধতিৰ ব্যৱস্থা নথকা জনজাতীয় ভাষাসমূহৰ বাবেও ই লেখাৰ এক মাধ্যম ৰূপে কাম কৰিব।

ভি শ্ৰীনিবাস চক্ৰবৰ্তীয়ে আই আই টি মাদ্ৰাজত এই প্ৰকল্পটো আৰম্ভ কৰে আৰু তেওঁৰ অধীনত এটি গৱেষক দলে এই লিপি বিকাশ কৰে।১৮২৩৪৫৬

ইনপুট আৰু ফণ্ট

নৱভাৰতী আৰু সুন্দৰভাৰতী নামে ভাৰতী দলে বিকশিত কৰা দুটা ফণ্টৰ জৰিয়তে এই লিপি সকলো অপাৰেটিং চিষ্টেমতে লিখিব পাৰি। এই ফণ্ট দুটাই সমৰ্থিত লিপিসমূহৰ আখৰসমূহক ভাৰতী লিপিৰ সমতুল্য আখৰলৈ পৰিৱৰ্তিত কৰে।৮

নৱভাৰতী হ’ল এটি ট্ৰুটাইপ চানচ্‌-চেৰিফ ফণ্ট যি দেৱনাগৰী লিপি, তামিল ভাষা, তেলুগু ভাষা আৰু মালয়ালম লিপিৰ প্ৰতিবৰ্ণীকৰণ সমৰ্থন কৰে। আনহাতে সুন্দৰ্ভাৰতী হ’ল এটি অ’পেন টাইপ চেৰিফ ফণ্ট যি অসমীয়া–বঙালী লিপিৰ উপৰিও নৱভাৰতী সমৰ্থিত সমস্ত লিপিৰ প্ৰতিবৰ্ণীকৰণ সমৰ্থন কৰে।

তিনিটা এণ্ড্ৰইড এপও আগবঢ়োৱা হৈছে, যিয়ে ভাৰতী ভিত্তিক কী-বৰ্ড আৰু হস্তলিপি ব্যৱহাৰ কৰি নিৰ্বাচিত লিপিত লেখা উৎপাদন কৰিব পাৰে আৰু অন্যান্য লিপিসমূহ ভাৰতীলৈ অনুবাদ কৰিব পাৰে।৮

এই লিপিৰ বাবে এটা অ’চিআৰ ব্যৱস্থাও প্ৰস্তুত কৰা হৈছে।৯৩ মাত্ৰ ইয়াক ইউনিকোডত সংযোগ কৰিবলৈ বাকী আছে।

মুদ্ৰা ভাৰতী

সাংকেতিক ভাষা ৰূপে ব্যৱহাৰ কৰিবলৈ ভাৰতী লিপিৰ সৈতে এটি ইংগিতময় আঙুলিৰ বানান ব্যৱস্থা (ফিংগাৰ স্পেলিং)ৰ প্ৰস্তাৱ কৰা হৈছে। এই সাংকেতিক ভাষাৰ মান দিয়া হৈছে মুদ্ৰা ভাৰতী।৮

আমেৰিকান সাংকেতিক ভাষা প্ৰথাৰ বিপৰীতে মুদ্ৰা ভাৰতীত দুয়োখন হাতৰ ব্যৱহাৰ হয়।

স্ব-সংগঠিত মানচিত্ৰ আৰু কনভল্যুচনেল নিউৰেল নেটৱৰ্ক ব্যৱহাৰ কৰি এটা প্ৰ’ট’টাইপ প্ৰস্তুত কৰা হৈছে, যি মুদ্ৰা ভাৰতীৰপৰা স্বীকৃতি পোৱাৰ পিছত দেৱনাগৰী আৰু তামিল লিপিৰ আখৰ উৎপাদন কৰিব পাৰে।১০

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Malli, Karthik. (2019-05-30). Why It Isn't Easy to Devise an Intermediary Script for Indian Languages. The Wire
  2. ↑ Rajwi, Tiki. (2017-10-03). One nation, one script: Bharati is the common script for all Indian languages. The New Indian Express
  3. ↑ Desikan, Shubashree. (2019-04-27). IIT Madras team develops easy OCR system for nine Indian languages. The Hindu
  4. ↑ Naik, Manali; Chakravarthy, V. Srinivasa. (2017). 2017 International Joint Conference on Neural Networks (IJCNN). পৃ. 3050–3057. ISBN 978-1-5090-6182-2
  5. ↑ (2017-10-04). Script which helps read 22 Indian languages on cards. Deccan Chronicle
  6. ↑ Ramya, M. (July 17, 2013). IIT prof writes one script to unify 22 languages. The Times of India
  7. ↑ Dr. V. Srinivasa Chakravarthy: Bharati is a script not a language. www.india.com
  8. ↑ Unified script of India - Bharati. bharatiscript.com
  9. ↑ Vorugunti, Chandra Sekhar; Chakravarthy, Srinivasa; Pulabaigari, Viswanath. (2018). An efficient Multi Lingual Optical Character Recognition system for Indian languages through use of Bharati Script. Bharati Script
  10. ↑ Amal Jude Ashwin, F.; Chakravarthy, V. Srinivasa; Kopparapu, Sunil Kumar. (2021). Text, Speech, and Dialogue. Lecture Notes in Computer Science. Springer International Publishing. পৃ. 425–434. ISBN 978-3-030-83527-9

সম্পৰ্কিত শ্ৰেণী

লিপিএছীয় লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতী লিপি” প্ৰবন্ধৰ সংশোধন ৬২১১৪১ (২৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।