মহিলা খেলুৱৈ
৮৪ প্ৰবন্ধ
-
অশ্বিনী পোনাপ্পা
অশ্বিনী পোনাপ্পা মাছিমাণ্ডা (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। তেওঁ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চাৰ্কিটত মহিলা ডাবলছ আৰু মিক্স ডাবলছ উভয় শাখাতে দেশক প্ৰতিনিধিত্ব কৰে।
-
অহিল্যা হৰজানী
অহিল্যা হৰজানী (ইংৰাজী: Ahillya Harjani; জন্ম: ৬ মাৰ্চ ১৯৯৭, মুম্বাই, মহাৰাষ্ট্ৰ) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ।
-
আৰিফা ছৈয়দ জাহিৰ
আৰিফা ছৈয়দ জাহিৰ (ইংৰাজী: Arifa Sayed Zaheer; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৯৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ৷ তেওঁ ইণ্ডিয়ান মহিলা লীগত ক্লাব ওড়িশাৰ ডিফেণ্ডাৰ হিচাপে খেলে। ২০২২ চনত তেওঁক ভাৰত মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ শিবিৰলৈ মাতি অনা হয়।
-
ঈশা সিং
ঈশা সিং (জন্ম: ১ জানুৱাৰী ২০০৫) এগৰাকী ভাৰতীয় ক্ৰীড়া শ্বুটাৰ। ২০১৮ চনত মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ কনিষ্ঠতম ৰাষ্ট্ৰীয় চেম্পিয়ন হিচাপে পৰিগণিত হয়। তেওঁ ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
উলাই ট্ৰুডি অটোবেড
উলাই ট্ৰুডি অটোবেড ( Ulai Trudy Otobed) জন্ম: ৩১ ডিচেম্বৰ ১৯৪১ চন এজন পালাউৰ চিকিৎসক। ১৯৬৫ চনত তেওঁ চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মাইক্ৰ’নেছিয়ান মহিলা হিচাপে পৰিগণিত হয়।
-
এছ অপূৰ্বা
ছাইকুমাৰ অপূৰ্বা (জন্ম ১৯৮১), যি চমুকৈ এছ অপূৰ্বা নামেৰেও অধিক পৰিচিত, এগৰাকী ভাৰতীয় কেৰম খেলুৱৈ আৰু মহিলাৰ একক শাখাৰ বৰ্তমানৰ কেৰম বিশ্ব চেম্পিয়ন। তেওঁ বৰ্তমান ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত।
-
এম. দি. বালছাম্মা
মানাতুৰ দেৱাশিয়া বালছাম্মা (ইংৰাজী: Manathoor Devasia Valsamma; জন্ম: ২১ অক্টোবৰ ১৯৬০) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় খেলুৱৈ। তেওঁ এছিয়ান গেমছত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা আৰু ভাৰতীয় ভূমিত এই পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।
-
এলনাজ ৰেকাবি
এলনাজ ৰেকাবি ( Elnaz Rekabi) এগৰাকী ইৰাণী মহিলা প্ৰফেছনেল শৈলাৰোহণকাৰী বা পৰ্বতাৰোহী খেলুৱৈ। ২০২১ চনৰ আই এফ এছ চি ক্লাইম্বিং বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি মহিলাৰ সংযুক্ত ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
এলিছ পেৰী
এলিছ আলেক্সান্দ্ৰা পেৰী (জন্ম ৩ নৱেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আৰু প্ৰাক্তন ফুটবল খেলুৱৈ। ১৬ বছৰ বয়সত তেওঁ অষ্ট্ৰেলিয়াৰ জাতীয় ক্ৰিকেট দল আৰু জাতীয় ফুটবল দল দুয়োটাৰ হৈ অভিষেক কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা সৰ্বকনিষ্ঠ অষ্ট্ৰেলীয় খেলুৱৈ হিচাপে পৰিচিত হয় আৰু একে…
-
এলিছা ডি আলমেইডা
এলিছা ফ্ল'ৰে ডি আলমেইডা (ইংৰাজী: Elisa Flore de Almeida; জন্ম: ১১ জানুৱাৰী ১৯৯৮) এগৰাকী ফৰাচী পেছাদাৰী ফুটবলাৰ যিয়ে প্ৰিমিয়াৰ লিগ ক্লাব পেৰিছ চেণ্ট জাৰ্মেইন আৰু ফ্ৰান্সৰ জাতীয় দলৰ বাবে চেণ্টাৰ বেক বা ৰাইট বেক হিচাপে খেলে।
-
কবিতা ৰাউত
কবিতা ৰাউত ( Kavita Raut; জন্ম ৫ মে' ১৯৮৫) মহাৰাষ্ট্ৰৰ নাছিকৰ এগৰাকী ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰবিদ। তেখেতে ৩৪:৩২ সময়েৰে ১০ কিলোমিটাৰ পথ দৌৰাৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় অভিলেখ ৰ লগতে হাফ মাৰাথনত ১:১২:৫০ সময়েৰে বৰ্তমানৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি তুলিছে।
-
কল্পনা চৌধুৰী
কল্পনা চৌধুৰী (ইংৰাজী: Kalpana Choudhury) এগৰাকী প্ৰাক্তন ভাৰতীয় ফ্লাইৱেইট আৰু লাইট ফ্লাইৱেইট শ্ৰেণীৰ বক্সাৰ তথা বৰ্তমান প্ৰশিক্ষক। তেওঁ অসমৰ তিনিচুকীয়া জিলাৰ লিডুৰ পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰৰ চিপেগাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃ স্বৰ্গীয় ৰামদয়াল চৌধুৰী আৰু মাতৃ স্বৰ্গীয়া মীৰা চৌধুৰী।
-
চেক্ৰোভোলু স্বুৰো
চেক্ৰোভোলু স্বুৰো (ইংৰাজী: Chekrovolü Swüro; জন্ম: ২১ নৱেম্বৰ ১৯৮২) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় ধনুৰ্ধৰ। তেওঁ ক্ৰমে দক্ষিণ কোৰিয়াৰ বুছান আৰু কাটাৰৰ দোহাত অনুষ্ঠিত ২০০২ চনৰ এছিয়ান গেমছ আৰু ২০০৬ চনৰ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
চৈত্ৰা বি
চৈত্ৰা বি (ইংৰাজী: Chaithra B.; জন্ম: ৮ জানুৱাৰী ২০০২) কৰ্ণাটকৰ এগৰাকী ভাৰতীয় খো খো খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় খো খো দলৰ এগৰাকী ৰক্ষক (defender) হিচাপে খেলে। ২০২৫ চনৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰথমখন খো খো বিশ্বকাপ জয় কৰা ভাৰতীয় মহিলা দলৰ তেওঁ অন্যতম সদস্য আছিল।
-
ছন্দা গায়েন
ছন্দা গায়েন (৯ জুলাই ১৯৭৯ – ২০ মে' ২০১৪) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী আৰু সমৰ কলা শিল্পী আছিল। ২০১৩ চনৰ ১৮ মে'ত একেলগে দুটাকৈ ৮০০০ মিটাৰৰ অধিক উচ্চতাৰ শৃংগ, মাউণ্ট এভাৰেষ্ট আৰু লোটচে আৰোহণ কৰা তেওঁ প্ৰথমগৰাকী আৰু দ্ৰুততম ভাৰতীয় হিচাপে পৰিচিত।
-
ছাকিনা কাৰচাউই
ছাকিনা কাৰচাউই (ইংৰাজী: Sakina Karchaoui; জন্ম: ২৬ জানুৱাৰী ১৯৯৬) এগৰাকী ফৰাচী পেছাদাৰী ফুটবলাৰ যিয়ে প্ৰিমিয়াৰ লিগ ক্লাব পেৰিছ চেণ্ট জাৰ্মেইন আৰু ফ্ৰান্সৰ জাতীয় দলৰ বাওঁ বেক বা মিডফিল্ডাৰ হিচাপে খেলে।
-
জবামণি টুডু
জবামণি টুডু ( Jabamani Tudu), জন্ম: ১০ এপ্ৰিল, ২০০০চন; এগৰাকী ভাৰতীয় মহিলা ফুটবলাৰ, যিয়ে কিকষ্টাৰ্ট আৰু ভাৰতীয় মহিলা জাতীয় ফুটবল দলৰ ডিফেণ্ডাৰ হিচাপে খেলে।
-
জাহ্নু হান্সদা
জাহ্নু হান্সদা (ইংৰাজী: Jhano Hansdah; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) এগৰাকী ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰ (ধনুৰ্বিদ)। তেওঁ ভাৰতৰ জাতীয় দলৰ হৈ খেলে। ২০১৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰিছিল।
-
জাৰ্লিন অনিকা
জাৰ্লিন অনিকা জয়ৰত্নগন (ইংৰাজী: Jerlin Anika Jayaratchagan; জন্ম: ২০০৪), চমুকৈ জে. জাৰ্লিন অনিকা বা জাৰ্লিন অনিকা এগৰাকী ভাৰতীয় বধিৰ বেডমিণ্টন খেলুৱৈ।
-
জ্যোতি য়াৰাজী
জ্যোতি য়াৰাজী (Jyothi Yarraji; জন্ম: ২৮ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। তেওঁ এইক্ষেত্ৰত ১০০ মিটাৰ হাৰ্ডলছক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০২২ চনৰ ১০ মে'ত অনুৰাধা বিশ্বলে ১৩.২৩ ছেকেণ্ড দৌৰি ৰচনা কৰা দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰি ১০০ মিটাৰ হাৰ্ডলছৰ ভাৰতীয় খেলুৱৈৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।
-
তানিয়া চৌধুৰী
তানিয়া চৌধুৰী (Tania Choudhury; জন্ম: ১৯৯৫) এগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ল'ন বলাৰ। তেওঁ গুৱাহাটীৰ বাসিন্দা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক স্নাতক আৰু অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে।
-
তাৰা দেওধৰ
তাৰা দেওধৰ(Tara Deodhar জন্ম ১৯২৪) এগৰাকী ভাৰতীয় মহিলা বেডমিণ্টন আৰু টেনিছ খেলুৱৈ। তেওঁ ভাৰতৰ ক্ৰিকেট কিংবদন্তী ডি.বি দেওধৰৰ কন্যা।
-
ধনলক্ষ্মী পূজাৰী
ধনলক্ষ্মী পূজাৰী (জন্ম: ২০০৪) এগৰাকী ভাৰতীয় কাবাডী খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় কাবাডী দলৰ হৈ আৰু ঘৰুৱা প্ৰতিযোগিতাত কৰ্ণাটকৰ হৈ খেলে। তেওঁ এগৰাকী অলৰাউণ্ডাৰ। কাবাডীত তেওঁ ৰেইড আৰু ডিফেন্স দুয়োটা ক্ষেত্ৰতে দক্ষতা দেখুৱাইছে আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিছে।
-
নেহা আহুজা
নেহা আহুজা (ইংৰাজী: Neha Ahuja; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় প্ৰাক্তন আলপাইন স্কী খেলুৱৈ। তেওঁ ইটালীৰ টুৰিনত অনুষ্ঠিত ২০০৬ চনৰ শীতকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। আহুজা অলিম্পিকৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানৰ পতাকা বাহকো আছিল।
-
পূজা ঘাটকাৰ
পূজা ঘাটকাৰ (ইংৰাজী: Pooja Ghatkar; জন্ম: ১৯৮৯) এগৰাকী ভাৰতীয় পেছাদাৰী শ্বুটাৰ। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত অংশগ্ৰহণ কৰে।
-
পূৰ্ণিমা হেমব্ৰাম
পূৰ্ণিমা হেমব্ৰাম ( Purnima Hembram ) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। ২০১৫ আৰু ২০১৭ এছিয়ান চেম্পিয়নশ্বিপত হেপ্টাথলনত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ২০১৮ এছিয়ান গেমছত চতুৰ্থ স্থান লাভ কৰে।
-
পৌলমী ঘটক
পৌলমী ঘটক (ইংৰাজী: Poulomi Ghatak; জন্ম: ৩ জানুৱাৰী ১৯৮৩) ভাৰতৰ পশ্চিম বংগৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। তেওঁ তিনিবাৰ জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ (১৯৯৬, ১৯৯৮ আৰু ১৯৯৯) জয় কৰাৰ লগতে ১৯৯৮ চনৰপৰা ২০১৬ চনৰ ভিতৰত সাতবাৰকৈ চিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত বিজয়ী হৈছিল।
-
প্ৰিয়ংকা ইংলে
প্ৰিয়ংকা হনুমন্ত ইংলে (ইংৰাজী: Priyanka Hanumant Ingle; জন্ম: ৩ অক্টোবৰ ২০০০) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় খো খো খেলুৱৈ। তেওঁ ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় খো খো দলৰ এগৰাকী অলৰাউণ্ডাৰ হিচাপে খেলে।
-
প্ৰিয়ংকা শ্বাহ
প্ৰিয়ংকা শ্বাহ (ইংৰাজী: Priyanka Shah) এগৰাকী ভাৰতীয় প্ৰাক্তন নেটবল খেলুৱৈ, অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ২০০৭ চনৰ মিছ টুৰিজিম ইণ্ডিয়াৰ বিজয়ী আৰু ২০০৭ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগী। তেওঁ ২০০৫ চনৰ গেট গৰ্জিয়াছৰো বিজয়ী।
-
ববী এলয়চিয়াছ
ববী এলয়চিয়াছ (জন্ম: ২২ জুন ১৯৭৪) কেৰালাৰ এগৰাকী ভাৰতীয় এথলীট, যিয়ে ওখ জাঁপ (high jump) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বৰ্তমান তেওঁ কেৰালাৰ তিৰুৱনন্তপুৰমত বাস কৰে। ১৯৯৫ চনৰ পৰা ২০১২ চনলৈকে তেওঁ ১.৯১ মিটাৰ উচ্চ জম্পৰ সৈতে ভাৰতীয় আৰু দক্ষিণ এছিয়াৰ অভিলেখ গঢ়িছিল।