মহিলা খেলুৱৈ
৮৪ প্ৰবন্ধ
-
বাণী যাদৱ
ড° বাণী যাদৱ (Dr. Bani Yadav; জন্ম: ৭ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় ৰেলী চালক, মটৰস্পৰ্টছ প্ৰমোটাৰ আৰু সামাজিক অধিকাৰ সমৰ্থক। ৰাষ্ট্ৰীয় মহিলা শাখাত সৰ্বাধিক বৃহৎ ক্ৰছ কাণ্ট্ৰী ৰেলী খিতাপ দখল কৰা ভাৰতৰ একমাত্ৰ মহিলা হিচাপে যাদৱ পৰিগণিত হৈছিল।
-
বৰ্ষা বৰ্মন
বৰ্ষা বৰ্মন (ইংৰাজী: Varsha Varman; জন্ম: ১ জুন ১৯৯৪) এগৰাকী পেছাদাৰী ভাৰতীয় ক্ৰীড়া শ্বুটাৰ। তেওঁ মধ্য প্ৰদেশৰ ভূপালত জন্মগ্ৰহণ কৰে। তেওঁ মূলতঃ শ্বটগান ট্ৰেপ আৰু ডাবল ট্ৰেপ শাখাত প্ৰতিযোগিতা কৰে।
-
ভাৱনা শৰ্মা
ভাৱনা শৰ্মা (ইংৰাজী: Bhawana Sharma; জন্ম: ২০০৩) হিমাচল প্ৰদেশৰ এগৰাকী হেণ্ডবল খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় হেণ্ডবল দলৰ হৈ চেণ্টাৰ বেক হিচাপে খেলে।
-
ভেল্লুভা কোৰোথ বিষ্ময়া
ভেল্লুভা কোৰোথ বিষ্ময়া (ইংৰাজী: Velluva Koroth Vismaya; জন্ম: ১৪ মে' ১৯৯৭) কেৰালাৰ এগৰাকী ভাৰতীয় খেলুৱৈ৷ তেওঁ ৪০০ মিটাৰ দৌৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ বিজয়ী ভাৰতীয় দলৰ খেলুৱৈ আছিল।
-
মঞ্জুছা কোঁৱৰ
মঞ্জুছা কোঁৱৰ (ইংৰাজী: Manjusha Kanwar, জন্ম: ২০ মাৰ্চ ১৯৭১) এগৰাকী ভাৰতীয় প্ৰাক্তন বেডমিণ্টন খেলুৱৈ। ভাৰতৰ মহাৰাষ্ট্ৰৰ পুনেত তেওঁ জন্মগ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ ভাৰতীয় তেল নিগমৰ ক্ৰীড়া বিভাগৰ নতুন দিল্লীত উপ-সাধাৰণ প্ৰবন্ধক হিচাপে কাম কৰে।
-
মমতা পূজাৰী
মমতা পূজাৰী (ইংৰাজী: Mamatha Poojary; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় পেছাদাৰী আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা কাবাডী দলৰ প্ৰাক্তন অধিনায়ক আৰু কৰ্ণাটক চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ সন্মান ৰাজ্যউৎসৱ প্ৰশস্তিৰে সন্মানিত।
-
মাইৰা ডায়াছ গোমছ
মাইৰা ডায়াছ গোমছ (জন্ম: ১৫ ডিচেম্বৰ ১৯৮৭) এগৰাকী ব্ৰাজিলিয়ান লেখিকা, প্ৰতিবেদক, সংবাদ ব্যক্তিত্ব, মডেল আৰু পেচাদাৰী মল্লযুঁজ ব্যক্তিত্ব। তেওঁ ‘এনডব্লিউএ পাৱাৰ’ত মাই ভেলেণ্টাইন নামৰ মঞ্চ নামেৰে অভিনয় কৰে।
-
মিনাক্ষী হুদা
মিনাক্ষী হুদা (ইংৰাজী: Minakshi Hooda; জন্ম: ২ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ ২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক আৰু ২০২২ চনৰ এছিয়ান এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰিছিল।
-
মেহুলী ঘোষ
মেহুলী ঘোষ (ইংৰাজী: Mehuli Ghosh; জন্ম: ২০ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ক্ৰীড়া শ্বুটাৰ। তেওঁ বিশ্বজুৰি অনুষ্ঠিত হোৱা আন্তৰ্জাতিক জুনিয়ৰ শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
মৌচুমী মুৰ্মু
মৌচুমী মুৰ্মু (ইংৰাজী: Mousumi Murmu; জন্ম: ২৬ ডিচেম্বৰ ২০০৪) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় পেছাদাৰী মহিলা ফুটবলাৰ। তেওঁ বৰ্তমান ইণ্ডিয়ান উইমেনছ লীগৰ ক্লাব শ্ৰীভূমি এফ চি আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ খেলি আহিছে।
-
লিণ্ডচে বাৰ্জেছ
লিণ্ডচে বাৰ্জেছ ( Lindsey Burgess) জন্ম: ২১ জুলাই, ১৯৯৯ চন, ব্ৰিটিছ কলম্বিয়াৰ উইলিয়ামছ লেক, আলবাৰ্টাৰ এডমণ্টনৰ এজন কানাডাৰ কাৰ্লাৰ। বৰ্তমান তেওঁ টিম চেৰেনা গ্ৰে-উইথাৰ্ছত দ্বিতীয় স্থানত আছে।
-
শিৱানী দেৱী নংমেইকাপাম
শিৱানী দেৱী নংমেইকাপাম (ইংৰাজী: Sibani Devi Nongmeikapam; জন্ম: ১৩ জানুৱাৰী ২০০৭) মণিপুৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ। তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি এফ চি আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে।
-
শ্বীনা ভাৰ্কী
শ্বীনা নেলিকেল ভাৰ্কী (ইংৰাজী: Sheena Nellickal Varkey; জন্ম: ২২ নৱেম্বৰ ১৯৯২), কেৰালাৰ এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ ট্ৰিপল জাম্প ইভেণ্টত অংশগ্ৰহণ কৰে। ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ মহিলাৰ ট্ৰিপল জাম্প ইভেণ্টত ভাৰতীয় এথলেটিকছ দলৰ হৈ নাম অংশগ্ৰহণ কৰিছিল।
-
শ্বেৰমি উলাহান্নান
শ্বেৰমি উলাহান্নান (ইংৰাজী: Shermi Ulahannan) কাবাডী খেলত ভাৰতৰ প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈ। ২০১০ চনত গুৱাংঝোত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দলটোৰ সদস্য আছিল শ্বেৰমি উলাহান্নান।
-
শ্ৰেয়া হুদা
শ্ৰেয়া হুদা (ইংৰাজী: Shreya Hooda; জন্ম: ২৫ মে' ১৯৯৯) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ। তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব গোকুলম কেৰালা আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ গ’লৰক্ষক হিচাপে খেলে। তেওঁ ২০২২ চনৰ এছিয়ান গেমছত ভাৰতীয় দলৰ অংশ আছিল।
-
সাক্ষী শৰ্মা
সাক্ষী শৰ্মা (জন্ম: ২০০৪) এগৰাকী ভাৰতীয় কাবাডী খেলুৱৈ। তেওঁ হিমাচল প্ৰদেশৰ বাসিন্দা আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় কাবাডী দলৰ হৈ খেলে। ঘৰুৱা প্ৰতিযোগিতাত তেওঁ হিমাচল প্ৰদেশক প্ৰতিনিধিত্ব কৰে। তেওঁ এগৰাকী ডিফেণ্ডাৰ হিচাপে খেলে।
-
সুনীতা ৰাণী
সুনীতা ৰাণী (ইংৰাজী: Sunita Rani; জন্ম: ৪ ডিচেম্বৰ ১৯৭৯) পঞ্জাবৰ এগৰাকী ভাৰতীয় এথলীট। তেওঁ ২০০২ চনৰ এছিয়ান গেমছত ১৫০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ৫০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰিছিল। ১৫০০ মিটাৰ দৌৰত তেওঁৰ ৪:০৬.০৩ ছেকেণ্ডৰ সময় এতিয়াও ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখ হৈ আছে।
-
সুমিত্ৰা নায়ক
সুমিত্ৰা নায়ক (জন্ম: ৮ মাৰ্চ ২০০০) ওড়িশাৰ যাজপুৰৰ এগৰাকী মহিলা ৰাগবী খেলুৱৈ। তেওঁ ভাৰতৰ হৈ কেইবাটাও পদক জয় কৰিছে আৰু ২০১৯ চনৰ এছিয়ান উইমেন চেম্পিয়নশ্বিপত ছিংগাপুৰৰ বিৰুদ্ধে এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত পেনাল্টি কিক মাৰি দেশক ব্ৰঞ্জৰ পদক বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
সোনম মালিক
সোনম মালিক (জন্ম: ১৫ এপ্ৰিল ২০০২) হাৰিয়ানাৰ সোণিপতৰ এগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু। তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়াত এটা সোণৰ পদক আৰু বিশ্ব কেডেট কুস্তি চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক জয় কৰিছে। তেওঁ ২০২২ চনৰ এছিয়ান গেমছত ৬২ কেজি শাখাৰ ফ্ৰীষ্টাইল কুস্তিত ব্ৰঞ্জৰ পদক জয় কৰিছিল।
-
হিনা বানো
হিনা বানো (ইংৰাজী: Hina Bano; জন্ম: ১০ মাৰ্চ ২০০৪) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় জুনিয়ৰ ফিল্ড হকী খেলুৱৈ। ২০২৩ চনত তেওঁ জুনিয়ৰ ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হৈছিল।
-
হীনা সিদ্ধু
হীনা সিদ্ধু (জন্ম: ২৯ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় শ্বুটাৰ। ২০১৪ চনৰ ৭ এপ্ৰিলত সিদ্ধু আন্তৰ্জাতিক শ্বুটিং স্পৰ্ট ফেডাৰেচনৰ (ISSF) বিশ্ব ৰেংকিঙত প্ৰথম স্থান দখল কৰা প্ৰথমগৰাকী ভাৰতীয় পিষ্টল শ্বুটাৰ হিচাপে পৰিগণিত হয়। ২০১৩ চনত সিদ্ধুৱে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক জয় কৰি আই.এছ.এছ.এফ.
-
হৰ্ষদা গৰুড়
হৰ্ষদা গৰুড় (ইংৰাজী: Harshada Garud) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ভাৰোত্তোলক। ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেচনৰ বিশ্ব জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।
-
ৰাহী স্বৰন’বত
ৰাহী স্বৰন’বত (Rahi Sarnobat) এগৰাকী ভাৰতীয় মহিলা খেলুৱৈ। ২৫ মিটাৰ পিষ্টল শ্বুটিং ইভেণ্টত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈগৰাকীৰ প্ৰকৃত নাম ৰাহী জীৱন স্বৰন’বত। ২০০৮ চনত ভাৰতৰ পুনেত অনুষ্ঠিত হোৱা কমনৱেলথ যুৱ গেমছত তেওঁ প্ৰথম স্বৰ্ণ পদক লাভ কৰে।
-
ৰূপালী ৰেপালে
ৰূপালী ৰামদাস ৰেপালে (ইংৰাজী: Rupali Ramdas Repale; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী ভাৰতীয় মুকলি পানীৰ দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ আৰু ট্ৰাই এথলীট। ১৯৯৪ চনৰ ১৫ আগষ্টত একক সাঁতোৰ শাখাত ১৬ ঘণ্টা ৭ মিনিটৰ ভিতৰত তেওঁ ইংলিছ চেনেল সাঁতুৰিছিল আৰু ১৯৯৪ চনত ইংলিছ চেনেল পাৰ হোৱা আটাইতকৈ কম বয়সীয়া সফল…