অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তাৰা দেওধৰ

তাৰা দেওধৰ(Tara Deodhar জন্ম ১৯২৪) এগৰাকী ভাৰতীয় মহিলা বেডমিণ্টন আৰু টেনিছ খেলুৱৈ। তেওঁ ভাৰতৰ ক্ৰিকেট কিংবদন্তী ডি.বি দেওধৰৰ কন্যা।

হালনাগাদ: ৩ মে’ ২০২৬ ৩০৩ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

তাৰা দেওধৰ(Tara Deodhar জন্ম ১৯২৪) এগৰাকী ভাৰতীয় মহিলা বেডমিণ্টন আৰু টেনিছ খেলুৱৈ। তেওঁ ভাৰতৰ ক্ৰিকেট কিংবদন্তী ডি.বি দেওধৰৰ কন্যা।

শিক্ষা আৰু পেচা

১৯৪৬ চনত দেওধৰে উইচকনচিন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। তাৰা দেওধৰে ১৯৪২ চনত তেওঁৰ ভগ্নী সুন্দৰ দেওধৰৰ সৈতে মহিলাৰ দ্বৈত বেডমিণ্টনত তেওঁৰ প্ৰথম ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিছিল। ১৯৪২ চনৰ পৰা ১৯৫৪ চনৰ ভিতৰত দেওধৰ ভগ্নী, সুমন, সুন্দৰ আৰু তাৰাই ভাৰতীয় ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়ন প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰিছিল। ১ ২ তেওঁ এগৰাকী শক্তিশালী টেনিছ খেলুৱৈ আছিল। উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে,৩ আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনিছ চেম্পিয়নশ্বিপত বিদেশী টেনিছ খেলুৱৈসকলৰ ভিতৰত তেওঁ পঞ্চম স্থান লাভ কৰিছিল।৪

সাফল্য

তিনি ভগ্নী তাৰা, সুন্দৰ আৰু সুমনে একক, দ্বৈত্য আৰু মিশ্ৰিত তিনিওটা বিভাগত ৰাষ্ট্ৰীয় বেডমিণ্টন জগতত আধিপত্য বিস্তাৰ কৰিছিল। ব্যক্তিগতভাৱে আৰু ইজনে সিজনৰ সৈতে ২৪টা ৰাষ্ট্ৰীয় ট্ৰফী অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰাই ১৯৪২ চনৰ পৰা '৪৪ লৈ একক বিজয়ৰ হেট্ৰিক লাভ কৰিছিল।

তাৰাই বেডমিণ্টনৰ ওপৰত লিখা কিছুমান কিতাপ পঢ়াৰ সিদ্ধান্ত লৈছিল, আৰু তেওঁৰ সৰু ভগ্নী দুগৰাকীক বেডমিণ্টন সম্পৰ্কীয় নিৰ্দেশনা প্ৰদান কৰিছিল। দহ বছৰ বয়সত খেলিবলৈ আৰম্ভ কৰা সুমনে অতি কম সময়ৰ ভিতৰতে ভাল উন্নতি কৰিছিল আৰু তেওঁ ১২ বছৰ বয়সলৈ পশ্চিম ভাৰতৰ অনুৰ্ধ-১৬ চেম্পিয়ন আছিল। তাৰাই ৱেষ্টাৰ্ণ ইণ্ডিয়া টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাৰ সময়ত সুন্দৰৰ বয়স ১৫ বছৰ হৈছিল। একেৰাহে তিনিবছৰ ধৰি – ১৯৪২, '৪৩ আৰু '৪৪ তাৰাই তিনিওবাৰ মহিলাৰ একক খিতাপ জিকিছিল। আৰম্ভণিতে, তাৰা আৰু সুন্দৰে যথেষ্ট সফলতাৰে যুটি বান্ধিছিল। তেওঁলোকে তাৰাই নেচনেলত খেলা তিনিও বছৰতে মহিলাৰ দ্বৈত্য ফাইনেলত উপনীত হৈছিল, আৰু ১৯৪৪ চনত ফ্ৰেনি তালায়াৰখান আৰু মুমতাজ চিনয়ৰ দ্বাৰা পৰাজিত হোৱাৰ পূৰ্বে প্ৰথম দুবাৰত বিজয়ী হৈছিল।৫

১৯৪৫ চনত তাৰাই জৈৱ ৰসায়ন অধ্যয়ন কৰিবলৈ আমেৰিকা লৈ যায়, আৰু অৱশেষত এই বিষয়ত পিএইচডি লাভ কৰে। তাৰাৰ স্বামী ৰাথালেভ জৈৱ ৰসায়ন বিভাগৰ সহকৰ্মী আছিল। বিয়াৰ পিছত তেওঁলোকে ডেনমাৰ্কত বসতি স্থাপন কৰিছিল। তাৰাই খেলৰ জগতখনৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁৰ দুই ভগ্নী সুন্দৰ আৰু সুমনে যুটি বান্ধিছিল। তেওঁলোকে ১৯৪৫ আৰু '৫৪ ৰ ভিতৰত ১০ বছৰ কাল একেলগে খেলিছিল। সেই সময়ছোৱাত, তেওঁলোকে অংশগ্ৰহণ কৰা বেছিভাগ নেচনেল খেলত মহিলাৰ ডাবলছৰ ফাইনেলত উপনীত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Badminton Association of India. List of Indian National Championship Winners
  2. ↑ Sports Team. (13 March 2011). The Other Trailblazers. দ্য হিন্দু
  3. ↑ Schoenfeld, Clay. (March 1946). There's an international set on campus. Wisconsin alumnus. পৃ. 5–6
  4. ↑ (31 August 1946). Seedings in U.S. Tennis. The Straits Times. পৃ. 8
  5. ↑ Past Masters of Indian Badminton: The Deodhar sisters – Tara, Sunder, Suman dominated sport and left lasting legacy. First Post.Com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদটেনিছ খেলুৱৈমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰা দেওধৰ” প্ৰবন্ধৰ সংশোধন ৬০৪১৩৩ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।