মণিপুৰ
৩৪ প্ৰবন্ধ
-
লুই ঙাই নি
লুই ঙাই নি (Lui Ngai Ni) হৈছে ভাৰতৰ মণিপুৰৰ নগা জনগোষ্ঠীসমূহৰ দ্বাৰা উদযাপন কৰা বীজ-বোৱাৰ উৎসৱ। এই উৎসৱৰ দ্বাৰা বীজ বোৱাৰ ঋতুৰ আৰম্ভণি হয় আৰু নগাসকলৰ বাবে বছৰটো আৰম্ভ হয়। এই উৎসৱটো ১৯৮৮ চনৰ পৰা মণিপুৰত ৰাজ্যিক ছুটিৰ দিন ৰূপে ঘোষণা কৰা হয়। "লুই ঙাই নি" শব্দটো তিনিটা পৃথক নগা ভাষাৰ পৰা লোৱা হৈছে।
-
লেইৰুম ফী
লেইৰুম ফী (Leirum Phee; মেইতেই: ꯂꯩꯔꯨꯝ ꯐꯤ) হৈছে এবিধ পৰম্পৰাগত মেইতেই সাজ-পাৰ। ই এবিধ ডাঙৰ আৰু খহটা চাদৰ যিটো পৰম্পৰাগতভাৱে মেৰিয়াই লোৱা বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ এক অনন্য বোৱা ডিজাইন আছে। ইয়াৰ উৎপত্তি প্ৰাচীন কাংলেইপাকত (প্ৰাচীন মণিপুৰ ৰাজ্য) হৈছিল।
-
সিংজু
সিংজু (Singju) ভাৰতৰ মণিপুৰ ৰাজ্যত প্ৰচলিত এবিধ জনপ্ৰিয় পাৰম্পৰিক ব্যঞ্জন। ইয়াৰ উৎপত্তি মূলতঃ মেইতেই সংস্কৃতিৰ পৰা হৈছিল যদিও মণিপুৰৰ বেছিভাগ সম্প্ৰদায় আৰু উত্তৰ-পূব ভাৰতৰ কিছুমান চুবুৰীয়া ৰাজ্যত ইয়াক ব্যাপকভাৱে গ্ৰহণ কৰা হৈছে। প্ৰায়ে মছলাযুক্ত গৌণ ব্যঞ্জন হিচাপে পৰিৱেশন কৰা হয়।
-
ৱাংখেই ফি
ৱাংখেই ফি (Wangkhei Phee) ভাৰতৰ মণিপুৰ ৰাজ্যত বগা কপাহৰ দ্বাৰা নিৰ্মিত একপ্ৰকাৰৰ পাৰম্পৰিক বস্ত্ৰ। সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি ইয়াক মণিপুৰৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে। ৱাংখেই ফি একপ্ৰকাৰৰ স্বচ্ছ বস্ত্ৰ।