অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

খাম্বা থোইবি জাগোই

খাম্বা থোইবি জাগোই হ'ল এটা পৰম্পৰাগত মণিপুৰী অনুষ্ঠান আৰু নাট্য নৃত্যৰ ধৰণ। সাধাৰণতে লয় হাৰাওবা উৎসৱৰ অংশ হিচাপে পালন কৰা হয় আৰু ই প্ৰাচীন মৈৰাং ৰাজ্যৰ প্ৰধান দেৱতা ভগৱান থাংচিং (পুৰণি মণিপুৰীত ‘থাংজিং’)ৰ সন্মানত পালন কৰা হয়।

হালনাগাদ: ১৬ ফেব্ৰুৱাৰী ২০২৬ ৪০৭ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

খাম্বা থোইবি জাগোই হ'ল এটা পৰম্পৰাগত মণিপুৰী অনুষ্ঠান আৰু নাট্য নৃত্যৰ ধৰণ। সাধাৰণতে লয় হাৰাওবা উৎসৱৰ অংশ হিচাপে পালন কৰা হয় আৰু ই প্ৰাচীন মৈৰাং ৰাজ্যৰ প্ৰধান দেৱতা ভগৱান থাংচিং (পুৰণি মণিপুৰীত ‘থাংজিং’)ৰ সন্মানত পালন কৰা হয়। ইয়াৰ দ্বাৰা মণিপুৰী ৰাসলীলা শাস্ত্ৰীয় নৃত্য নাটকক এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক উপাদান হিচাপে গঢ়ি তোলাৰ প্ৰেৰণা যোগাইছিল।

এই নৃত্য শৈলী প্ৰথমে খুমান খাম্বা আৰু মইৰাং থোইবিয়ে দেৱতাৰ আগত প্ৰদৰ্শন কৰিছিল বুলি বিশ্বাস কৰা হয়।১২৩

মহিলাসকলে নৃত্য পৰিবেশন কৰি আছে
মহিলাসকলে নৃত্য পৰিবেশন কৰি আছেছবি: Awangba Mangang · CC BY-SA 4.0

খাম্বা থোইবি নৃত্যৰ উপৰিও মেইতেই (মণিপুৰী) সাংস্কৃতিক ঐতিহ্যৰ আন এক গুৰুত্বপূৰ্ণ কৃতিত্ব হৈছে খাম্বা আৰু থোইবিৰ কাহিনীৰ আধাৰত নিৰ্মিত খাম্বা থোইবি শ্বেৰেং মহাকাব্য। এই ধ্ৰুপদী মেইটেই ভাষাৰ মহাকাব্যখন ভাৰতীয় মহাকাব্যসমূহৰ ভিতৰত মহাভাৰত আৰু ৰামায়ণৰ পিছতে তৃতীয় দীঘলীয়া মহাকাব্য,৪৫৬ য'ত ৩৯,০০০টা পংক্তি আছে। ই মণিপুৰীসকলৰ জাতীয় মহাকাব্য হিচাপে স্বীকৃতি আৰু শ্ৰদ্ধা লাভ কৰে। এই মহাকাব্যৰ উৎপত্তি হৈছে পৰম্পৰাগত বেলাডৰ পৰা। এই বেলাড penna (সংগীত বাদ্যযন্ত্ৰ) বজোৱা minstrels বা bards দ্বাৰা প্ৰস্তুত কৰা হয়।৭৮৯

উৎপত্তি

প্ৰাচীন কালত মইৰাঙৰ ৰজা খুমান খাম্বা আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী কাংগিয়াম্বাক পাহাৰীয়া অঞ্চলৰ পৰা বিৰল অৰ্কিড ফুল সংগ্ৰহ কৰি থাংচিং (থাংজিং) দেৱতাৰ সন্মানত অনুষ্ঠিত হোৱা বাৰ্ষিক লাই হাৰাওবা উৎসৱ পালন কৰিবলৈ নিৰ্দেশ দিছিল। বহু কষ্টৰে দেৱতাৰ কৃপাত খাম্বাই অৰণ্যৰ পৰা উত্তম ফুল সংগ্ৰহ কৰে। আনহাতে, কংগিয়াম্বাই যদিও সহজে কিছুমান ফুল গোটাইছিল, তথাপিও সকলোবোৰ সিঁচৰতি হৈ পৰিছিল।১০ কংগিয়ম্বাই প্ৰথমে ৰজাক ফুল উপহাৰ দিছিল আৰু তাৰ পিছত আনক ফুল উপহাৰ দিছিল। কিন্তু খাম্বাই এজন মহাপুৰোহিতৰ উপদেশত বিনম্ৰভাৱে প্ৰথমে থাংচি দেৱতাক ফুল আগবঢ়াইছিল আৰু তাৰ পিছত ৰাজ্যৰ ৰজা, ৰাণী আৰু উচ্চ পদস্থ বিষয়াসকলক উপহাৰ দিছিল। খাম্বাৰ সৌজন্য আৰু শিষ্টাচাৰত মুগ্ধ হৈ ৰাজপৰিয়াল আৰু সম্ভ্ৰান্ত লোকসকলে তেওঁক বিৰল উপহাৰ দিছিল, যিবোৰ কাংগিয়াম্বাই লাভ কৰা উপহাৰতকৈ বহু বেছি আছিল।১১ পিছলৈ কংগিয়াম্বা আৰু তেওঁৰ পত্নীসকলে নৃত্য প্ৰদৰ্শন কৰাৰ পিছত খাম্বা আৰু তেওঁৰ প্ৰেমিক থোইবিয়ে থাংচি দেৱতাৰ সন্মুখত নাচিবলৈ আৰু গান গাবলৈ আৰম্ভ কৰে। তেওঁলোকৰ নৃত্য প্ৰদৰ্শন দুৰ্দান্ত আছিল। মানুহবোৰে একেলগে ঘূৰি ঘূৰি আনন্দত চিঞৰি নাচি থাকে আৰু শেষত ঈশ্বৰক সন্মুখত আঁঠু লৈ প্ৰণাম কৰে।১২

খাম্বা থোইবি নৃত্য নাটক

১৯৬০ চনত শ্ৰীমতী বিমলা ৰাইনাই খাম্বা আৰু থোইবিৰ ঐতিহ্যক ভিত্তি কৰি এখন নতুন নৃত্য নাটক বা বেলাড ৰচনা কৰে, যাৰ নাম আছিল "খাম্বা থোইবি নৃত্যনাট্য।" প্ৰথমবাৰৰ বাবে ১৯৬০ চনৰ ১ জানুৱাৰীত ভাৰত চৰকাৰৰ তদানীন্তন কেন্দ্ৰীয় বৈজ্ঞানিক গৱেষণা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী হুমায়ুন কবীৰৰ উপস্থিতিত এটি অনুষ্ঠানত ইয়াক প্ৰদৰ্শন কৰা হয়। পিছলৈ ১৯৬১ চনৰ ৬ আৰু ৭ নৱেম্বৰত দিল্লীত পুনৰ পৰিবেশন কৰা হয়, আৰু টাইমছ অৱ ইণ্ডিয়াই প্ৰশংসা কৰে।১৩ পিছলৈ ১৯৬২ চনৰ ২ মে'ত ভাৰতত নিযুক্ত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰদূতজন কেনেথ গালব্ৰেইথ আৰু শ্ৰীমতী জে কে গালব্ৰেইথে এই শিল্পকৰ্ম প্ৰত্যক্ষ কৰে।১৪ পিছলৈ নৃত্য নাটক খাম্বা থোইবি বহুবাৰ অসংখ্য স্থানত মঞ্চস্থ কৰা হয় আৰু বাৰে বাৰে প্ৰশংসিত হয়।

চিত্ৰকলাত চিত্ৰণ

এখন সমসাময়িক ধ্ৰুপদী মেইতেই (মণিপুৰী) চিত্ৰকৰ্ম।
এখন সমসাময়িক ধ্ৰুপদী মেইতেই (মণিপুৰী) চিত্ৰকৰ্ম।ছবি: Ningthoujam Bhadra Singh (AKA. Bhudro Singh) · CC BY-SA 4.0

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ khamba Thoibi Folk Dance of Manipur. www.indianfolkdances.com
  2. ↑ Everything Experiential · Khamba Thoibi Dance. Everything Experiential
  3. ↑ (2012-03-19). Khamba Thaibi Dance. Indian Classical Folk & Tribal Dance
  4. ↑ KanglaOnline. (2011-04-04). The great Meitei Reconciliation Process: Revisiting the classical folklore on "Emoinu Chakhong Ngahongbi" by Late Shri Ningomabam Angouton Meetei – KanglaOnline
  5. ↑ Delhi, All India Radio (AIR), New. (1968-03-17). AKASHVANI: Vol. XXXIII, No.12 ( 17 MARCH, 1968 ). আকাশবাণী (AIR), New Delhi. পৃ. 7, 8
  6. ↑ Bond, Ruskin. (2000-10-14). The Penguin Book of Classical Indian Love Stories and Lyrics. Penguin UK. পৃ. 3, 4. ISBN 978-93-5118-814-8
  7. ↑ George, K. M. (1992). Modern Indian Literature, an Anthology: Surveys and poems. সাহিত্য অকাডেমি. পৃ. 258. ISBN 978-81-7201-324-0
  8. ↑ Datta, Amaresh. (1988). Encyclopaedia of Indian Literature: Devraj to Jyoti. সাহিত্য অকাডেমি. পৃ. 1186. ISBN 978-81-260-1194-0
  9. ↑ Das, Sisir Kumar. (2005). A History of Indian Literature: 1911-1956, struggle for freedom: triumph and tragedy. সাহিত্য অকাডেমি. পৃ. 190. ISBN 978-81-7201-798-9
  10. ↑ T.C. Hodson. (1908). The Meitheis. David Nutt. পৃ. 139
  11. ↑ T.C. Hodson. (1908). The Meitheis. David Nutt. পৃ. 140
  12. ↑ T.C. Hodson. (1908). The Meitheis. David Nutt. পৃ. 141
  13. ↑ Raina, Vimala. (1963-01-18). Khamba Thoibi And Poems On Manipur. Digital Library of India; ইণ্টাৰনেট আৰ্কাইভ. পৃ. ii
  14. ↑ Raina, Vimala. (1963-01-18). Khamba Thoibi And Poems On Manipur. Digital Library of India; ইণ্টাৰনেট আৰ্কাইভ. পৃ. iii

সম্পৰ্কিত শ্ৰেণী

মণিপুৰভাৰতৰ লোকনৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাম্বা থোইবি জাগোই” প্ৰবন্ধৰ সংশোধন ৫৭৮০৪৭ (১৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।