অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মণিপুৰী বতা চৰাই

মণিপুৰী বতা চৰাই সেমেকা তৃণভূমি (damp grassland) ত দেখা পোৱা এবিধ অতিকৈ বিৰল কুৰুৱাজাতীয় চৰাই৷ এই চৰাই অতিকৈ স্পৰ্শকাতৰ আৰু প্ৰাকৃতিক অঞ্চলত দেখা পোৱা কঠিন৷ চৰাইবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত৷ এই চৰাইবিধ পোনপ্ৰথমে প্ৰখ্যাত পক্ষীবিদ এলেন অক্টাভিয়ান হিউম ( Allan Octavian Hume)-এ ১৮৮১ চনত…

হালনাগাদ: ২ আগষ্ট ২০২৫ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

মণিপুৰী বতা চৰাই সেমেকা তৃণভূমি (damp grassland) ত দেখা পোৱা এবিধ অতিকৈ বিৰল কুৰুৱাজাতীয় চৰাই৷ এই চৰাই অতিকৈ স্পৰ্শকাতৰ আৰু প্ৰাকৃতিক অঞ্চলত দেখা পোৱা কঠিন৷ চৰাইবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত৷১ এই চৰাইবিধ পোনপ্ৰথমে প্ৰখ্যাত পক্ষীবিদ এলেন অক্টাভিয়ান হিউম ( Allan Octavian Hume)-এ ১৮৮১ চনত মণিপুৰত আৱিষ্কাৰ কৰিছিল৷

বিস্তৃতি

মণিপুৰী বতা চৰাই ভাৰত, বাংলাদেশ আৰু ভূটানত দেখা পোৱা যায়৷ অসমত এই চৰাইবিধ ব্ৰহ্মপুত্ৰ নৈৰ দুয়োপাৰে দুটা ভিন্ন গোষ্ঠী (race) হিচাপে পোৱা যায়৷২ ১৯৩২ চনৰ পৰা এই চৰাইবিধ অসমত দেখা পোৱাৰ কোনো তথ্য নাছিল৷ ২০০৬ চনত প্ৰসিদ্ধ পক্ষীবিদ আনোৱাৰুদ্দিন চৌধুৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানত মণিপুৰী বতা চৰাই পুনৰাৱিষ্কাৰ কৰে৷৩ ৪

বিৱৰণ

এই চৰাইৰ গাৰ দৈৰ্ঘ্য প্ৰায় ২০ ছেমি৷ চৰাইবিধৰ গাৰ পৃষ্ঠভাগৰ বৰণ সেউজীয়া-ধোঁৱা বৰণীয়া আৰু তাৰ ওপৰত ক’লা চুটি আঁচ থাকে৷ দুয়ো চকুৰ ওপৰত মিহি বগা আঁচ একোডাল (eye-stripe) থাকে৷ হালধীয়া-মুগা বৰণৰ পেটটো ক’লা ফুটুকীয়া৷ মতা চৰাইটোৰ মুখখন ৰঙচুৱা আৰু মাইকীজনীৰ মুখ ধোঁৱাবৰণীয়া হয়৷ ৫

আচৰণ

মণিপুৰী বতা চৰাইৰ বাসস্থান সাগৰ-পৃষ্ঠৰ পৰা ১০০০ মিটাৰ পৰ্য্যন্ত হ’ব পাৰে৷ ই তিনি মিটাৰ পৰ্য্যন্ত ওখ ঘাঁহনি আৰু দলনি আদিত ৫-১০ টাৰ দলত চৰে৷ মণিপুৰী বতা চৰায়ে জানুৱাৰীৰ পৰা মে’ মাহৰ ভিতৰত প্ৰজনন কৰে বুলি জনা যায়৷ ১

সংৰক্ষণ

মণিপুৰী বতা চৰাইক আই ইউ চি এনৰ ৰঙা তালিকাত ’ঘোৰ সংকটজনক’ (Critically Endangered) বুলি চিহ্নিত কৰা হৈছে৷১ বৰ্তমান এই চৰাইবিধৰ সংখ্যা ১৫০০-৩৭০০ বুলি থাৱৰ কৰা হৈছে৷ তৃণভূমি অঞ্চলৰ ধ্বংস হৈ বাসস্থান লোপ পোৱাটোৱে এই চৰাইৰ সংখ্যা হ্ৰাসৰ মূল কাৰণ৷ ৩

তথ্যসূত্ৰ

  1. ↑ Manipur Bush-quail - BirdLife Species Factsheet
  2. ↑ {Author1, Author2...}, (n.d.). Perdicula manipurensis Hume, 1881 . [online] India Biodiversity Portal,Species Page: {name of species field} Available at: indiabiodiversity.org/biodiv/species/show/238928 [Accessed date Oct 15, 2020]
  3. ↑ (2006-06-28). 'Extinct' quail sighted in India. BBC News
  4. ↑ (2006-06-24). Rare quail sighted in Assam after 75 years. Newkerala.com
  5. ↑ ebird.org/species/mabqua1

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞানমণিপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিপুৰী বতা চৰাই” প্ৰবন্ধৰ সংশোধন ৫২৯৭৩৭ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।