অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পেনা

পেনা বা টিংটেলিয়া (Pena) এবিধ ভাৰতীয় তাঁৰযুক্ত তত বাদ্য। ই মণিপুৰৰ পৰম্পৰাগত লোকবাদ্য। ইয়াত মাত্ৰ এডাল তাঁৰ বা গুণা থাকে আৰু আন এক সঁজুলিৰে তাঁৰডাল ঘঁহি সাংগীতিক ধ্বনি উৎপন্ন কৰা হয়। পেনা ঘাইকৈ ভাৰত আৰু বাংলাদেশত প্ৰচলিত। ইয়াক একক বা দলীয়ভাবে বজোৱা হয়।

হালনাগাদ: ২ জুন ২০২৪ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

পেনা বা টিংটেলিয়া১২ (Pena) এবিধ ভাৰতীয় তাঁৰযুক্ত তত বাদ্য। ই মণিপুৰৰ পৰম্পৰাগত লোকবাদ্য। ইয়াত মাত্ৰ এডাল তাঁৰ বা গুণা থাকে আৰু আন এক সঁজুলিৰে তাঁৰডাল ঘঁহি সাংগীতিক ধ্বনি উৎপন্ন কৰা হয়। পেনা ঘাইকৈ ভাৰত আৰু বাংলাদেশত প্ৰচলিত।৩ ইয়াক একক বা দলীয়ভাবে বজোৱা হয়। মণিপুৰী লোকসংগীতৰ সৈতে বা লাই হাৰাওবা উৎসৱৰ বাবে পেনাক বাদ্যযন্ত্ৰ হিচাপে বজোৱা হয়।৪ পেনা বাদন একপ্ৰকাৰৰ মৃত কলা। কিয়নো বৰ্তমান মণিপুৰত মাত্ৰ ১৪৫জন সক্ৰিয় পেনা বাদক আছে।৩৫ প্ৰসিদ্ধ পেনা বাদক খাঞ্জেম্বম মংগী সিঙৰ নেতৃত্বত সংগঠন পৰম্পৰাগত আৰু থলুৱা কলাৰ ওপৰত গৱেষণা কেন্দ্ৰয়ে পেনাক পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰি আছে।

ইতিহাস

পেনাক আটাইতকৈ পুৰণি কাংগেলিপাক বাদ্যযন্ত্ৰ বুলি গণ্য কৰা হয়।৩ ইয়াক এসময়ত বিলাসবহুল জীৱনৰ অংশ বুলি বিশ্বাস কৰা হৈছিল আৰু ৰাজকীয় সমাবেশত বজোৱা হৈছিল।৬৩ অৱশ্যে বাদ্যবিধ লাহে লাহে মণিপুৰ আৰু বাংলাদেশৰ লোক সংস্কৃতিৰ সৈতে জড়িত হৈ পৰিছিল। পাৰম্পৰিক লোক উৎসৱৰ সময়ত ইয়াক ব্যৱহাৰ কৰা হৈছিল। মণিপুৰৰ লাই হাৰাওবা উৎসৱৰ অন্যতম মুখ্য বাদ্য হিচাপে ব্যৱহাৰ যথেষ্ট বৃদ্ধি হৈছিল। পিছলৈ ই লোক থিয়েটাৰতো ইয়াৰ ব্যৱহাৰ আৰম্ভ হয়।৪

সাধাৰণতে বিশ্বাস কৰা হয় যে ইয়াৰ নাম প্ৰাচীন মেইতেই শব্দ পেনা শ্বেজিং পেনাৰ পৰা উদ্ভৱ হৈছে।৪৭ নগাসকলে ইয়াক টিংটেলিয়া বুলি কয়।৪

নিৰ্মাণ

পেনা দুটা অংশ থাকে। ইয়াৰ মুখ্য শৰীৰক পেনামাচা বা ধৰ বোলা হয়। ই এই অংশ বেহেলাৰ দৰে। এই অংশত লগোৱা তাঁৰক ঘঁহি বজাবলৈ এটা পেনা চেইজিং বা চোৰ নামৰ ধনু থাকে। ইয়াৰ ধনু বেহেলাৰ ধনুতকৈ বেছি বক্ৰ। ইয়াৰ মুখ্য শৰীৰটো বাঁহৰ পৰা তৈয়াৰ কৰা হয়। ই প্ৰায় ১০ৰ পৰা ১১ ইঞ্চি দীঘল আৰু ১ৰ পৰা ১.২৫ ইঞ্চি ঘূৰণীয়া। ঘূৰণীয়া অংশ আধা কটা নাৰিকলৰ খোলা বা শুকান লাও খোলাৰ পৰা তৈয়াৰ কৰা হয় আৰু খোলাৰ মাজেৰে দুটা ফুটা থাকে।৮ ধ্বনিগত উদ্দেশ্যৰ বাবে নাৰিকলৰ খোলাত দুটা অতিৰিক্ত ফুটা কৰা হয়। শুকান জন্তুৰ ছাল যেনে গুঁইৰ ছালেৰে এটা খোলাক ঢাকা হয় আৰু আনটো খোলা ৰখা হয়। তাঁৰ বা গুণা টান এটা বাঁহৰ কাণ নামৰ অংশৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় আৰু ইয়াক বাঁহৰ মাৰিৰ এটা ফুটাৰ ভিতৰত লগোৱা হয়। মোগ্ৰা নামৰ অংশ পেনা শেষৰ সৈতে বান্ধি ৰখা হয়।৪

ধনুটো সাধাৰণতে কাঠৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ এটা মুৰত এটা ধাতুৰ বিকশিত বক্ৰ থাকে। কিছু অঞ্চলত ধনুত ক্ষুদ্ৰ ধাতু তাল বা ঘণ্টা লগোৱা থাকে। গুণাসমূহ পৰম্পৰাগতভাবে ঘোঁৰাৰ চুলিৰে তৈয়াৰ কৰা হৈছিল যদিও কেতিয়াবা কাঠৰ আঁহে আৰু ধাতুৰ গুণাৰেও তৈয়াৰ কৰা হয়।৪

প্ৰকাৰ আৰু ব্যৱহাৰ

  • ইয়াইকাইৰোল: মানুহক জগাবলৈ ব্যৱহাৰ কৰা হয়)
  • লাই-ইকৌবা: লাই হাৰাওবা উৎসৱ আৰম্ভ কৰিবলৈ ব্যৱহাৰ কৰা হয়
  • খোনুং -ইচি: লোকগীতত ব্যৱহাৰ কৰা হয়
  • লুহংবা: বিবাহ অনুষ্ঠানত এইবিধ বজোৱা হয়
  • ৱাৰী -লিবা: বাদ্য ব্যৱহাৰ কৰি কাহিনী বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়
  • পুয়া পাবা: ধৰ্মীয় গ্ৰন্থ 'পুয়া' পঢ়াৰ সময়ত এইবিধ পেনা বজোৱা হয়

উল্লেখযোগ্য বাদ্যযন্ত্ৰী

  • খাংগেম্বাম মংগী সিং
  • গুৰু এন.জি. ইবোপিশক
  • লিমাপোকপাম ইয়াইমা
  • মায়াংলাম্বম মানগাংসনা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Nandini, M. Lalitha and M. (2018-05-10). Pena, the sound of Manipur. The Hindu
  2. ↑ Pena, Bena, Bana, Tingtelia - bowed lute of North East India and Bangladesh. chandrakantha.com
  3. ↑ (2014). Traditional indigenous musical instrument Pena being revived in Manipur. Yahoo News
  4. ↑ (2014). PENA (A.K.A. BANA, BENA, OR TINGTELIA). Chandrakantha
  5. ↑ (2014). Old indigenous musical instrument find revival strings in Manipur. Tehelka
  6. ↑ (2014). PENA: THE ROYAL COURT MUSIC OF MANIPUR: The government must frame a policy for preserving the valuable indigenous art forms of various communities in Manipur. Huyeien Lan Pao
  7. ↑ (2014). Santoor History. santoor.com
  8. ↑ (December 23, 2010). Manipuri Shamanistic Music Reaching Out To Gen Next. Manipur Online

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰমণিপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেনা” প্ৰবন্ধৰ সংশোধন ৪২২১০৯ (২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।