মডেল
২১৯ প্ৰবন্ধ
-
লিচা হেডন
এলিজাবেথ মেৰী হেডন, লিচা হেডন লালভানী নামেৰে বেছি পৰিচিত (জন্ম ১৭ জুন ১৯৮৬), এগৰাকী ভাৰতীয়-অষ্ট্ৰেলিয়ান অভিনেত্ৰী, টিভি উপস্থাপক আৰু মডেল, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে।
-
লিজা হান্না
লিজা ৰেনে শান্তি হান্না (Lisa Rene Shanti Hanna; জন্ম: ২০ আগষ্ট ১৯৭৫) এগৰাকী জামাইকাৰ ৰাজনীতিবিদ আৰু সৌন্দৰ্য্য ৰাণী যি ১৯৯৩ চনৰ বিশ্বসুন্দৰীৰ মুকুট পিন্ধিছিল আৰু এই খিতাপ দখল কৰা তৃতীয়জন জামাইকান হিচাপে পৰিগণিত হৈছিল।
-
লিনা টিঅ'
লিনা টিঅ' পিক লিম (ইংৰাজী: Lina Teoh Pick Lim; জন্ম: ৭ জুলাই ১৯৭৬) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী, টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ মালয়েছিয়া ৱৰ্ল্ড ১৯৯৮ ৰ মুকুট লাভ কৰিছিল।
-
লিনোৰ আবাৰগিল
লিনোৰ আবাৰগিল (Linor Abargil; জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৯৮০) এগৰাকী ইজৰাইলী অধিবক্তা, অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য ৰাণী যি ধৰ্ষিতা হোৱাৰ কিছু দিনৰ পিছতে ১৯৯৮ চনৰ মিছ ৱৰ্ল্ড বঁটা লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ যৌন হিংসাৰ বিৰুদ্ধে যুঁজি বিশ্বব্যাপী বহু লোকৰ সমৰ্থন আদায় কৰে।
-
লু থি ডিয়েম হুং
লু থি ডিয়েম হুং (ইংৰাজী: Lưu Thị Diễm Hương; জন্ম: ৩০ আগষ্ট ১৯৯০) এগৰাকী ভিয়েটনামিজ মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ভিয়েটনাম ৱৰ্ল্ড ২০১০ খিতাপ জয় কৰিছিল। ডিয়েম হুঙৰ জন্ম ভিয়েটনামৰ হো চি মিন চিটীত হৈছিল।
-
লুচিয়া অলডানা
কাৰমেন লুচিয়া অলডানা ৰোলডান (জন্ম: ৯ মাৰ্চ ১৯৯২) এগৰাকী কলম্বিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ কলম্বিয়া ২০১২ খিতাপ জয় কৰিছিল। অলডানাই মিছ ইউনিভাৰ্ছ ২০১৩ ত কলম্বিয়াক প্ৰতিনিধিত্ব কৰিছিল।
-
লেয়লা মিলানি
লেয়লা মিলানি খোশবিন (জন্ম ২ এপ্ৰিল, ১৯৮২) হৈছে এগৰাকী ইৰানী-কানাডিয়ান-আমেৰিকান মডেল, দূৰদৰ্শন তৰণী আৰু অৱসৰপ্ৰাপ্ত অভিনেত্ৰী। মিলানিৰ জন্ম ইৰানত হৈছিল আৰু মাত্ৰ ৪ বছৰ বয়সতে তেওঁ কানাডাৰ টৰণ্টোলৈ স্থানান্তৰিত হৈছিল।
-
লোৰেনা বাৰ্ণাল
লোৰেনা ৰাকুৱেল বাৰ্ণাল পাস্কুৱেল (ইংৰাজী: Lorena Raquel Bernal Pascual; জন্ম: ১২ মে' ১৯৮১) এগৰাকী আৰ্জেণ্টাইন-স্পেনিছ অভিনেত্ৰী, টেলিভিছন সঞ্চালক আৰু মডেল। তেওঁ আৰ্চেনাল এফ.চি.-ৰ বৰ্তমানৰ মেনেজাৰ মিকেল আৰ্টেটাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।
-
লৌৰিয়ান গিলাৰন
লৌৰিয়ান গিলাৰন (ইংৰাজী: Lauriane Gilliéron; জন্ম: ২৫ জুলাই ১৯৮৪) এগৰাকী চুইছ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে ২০০৫ চনৰ ২১ ছেপ্টেম্বৰত মিছ চুইজাৰলেণ্ডৰ মুকুট লাভ কৰিছিল।
-
ল’ৰা চৰ্টান
ল’ৰা চৰ্টান (জন্ম: ৯ নৱেম্বৰ ১৯৭৬) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, টেলিভিছন উপস্থাপিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৯৭ চনত মিছ অষ্ট্ৰেলিয়া খিতাপ জয় কৰাৰ বাবে পৰিচিত।
-
শলনী তাৰকা
গোনাকুম্বুৰা পাংগুকাৰগে শলনী তাৰকা বিজয়বন্ধৰা, যিগৰাকী জনপ্ৰিয়ভাৱে শলনী তাৰকা (জন্ম: ১৫ নৱেম্বৰ ১৯৯০) নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু মডেল। শ্ৰীলংকাৰ অন্যতম জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী তাৰকাই ২০০৭ চনত শ্ৰীলংকান সুন্দৰী প্ৰতিযোগিতা চিৰাচা কুমাৰীৰ খিতাপ অৰ্জন কৰিছিল।
-
শানাৰেই দেৱী শানু
শানাৰেই দেৱী শানু এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু মডেল। তেওঁ ২০০৫ চনত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতা লাক্স-চেনেল আই ছুপাৰষ্টাৰৰ প্ৰথমগৰাকী বিজয়ী আছিল। এই সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত তেওঁ টেলিভিছন ধাৰাবাহিকত অভিনয় আৰম্ভ কৰে।
-
শাৰমীন শ্বাহৰিভাৰ
শাৰমীন শ্বাহৰিভাৰ (ফাৰ্চী: شرمینه شهریور; জন্ম ১৭ ছেপ্টেম্বৰ ১৯৮২) হৈছে এগৰাকী ইৰানী-জাৰ্মান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ইউৰোপ ২০০৫ৰ খিতাপ অৰ্জন কৰিছিল।
-
শিৱানী বাসগম ৱেদনায়কে
শিৱানী বাসগম ৱেদনায়কে (জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৭১) এগৰাকী শ্ৰীলংকান মডেল, উদ্যোক্তা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ৱেদনায়কে (পূৰ্বৰ নাম বাসগম) চিনেমাটোগ্ৰাফাৰ এ. ভি. এম. বাসগমৰ কন্যা।
-
শৃংখলা খতিৱড়া
শৃংখলা খতিৱড়া (নেপালী: शृङ्खला खतिवडा; ইংৰাজী: Shrinkhala Khatiwada; জন্ম: ৩ নৱেম্বৰ ১৯৯৫) এগৰাকী নেপালী মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ নেপাল ৱৰ্ল্ড ২০১৮ জয় কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
শ্বাকিৰা কেইন
শ্বাকিৰা, লেডী কেইন (ইংৰাজী: Shakira, Lady Caine; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৪৭) এগৰাকী গায়ানা মূলৰ ব্ৰিটিছ প্ৰাক্তন অভিনেত্ৰী, ফেশ্বন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ১৯৬৭ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় ৰানাৰ্ছ-আপ হৈছিল। তেওঁ ইংৰাজ অভিনেতা মাইকেল কেইনৰ পত্নী।
-
শ্বামিন মান্নান
শ্বামিন মান্নান হিন্দী টেলিভিছনত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। কালাৰ্ছ টিভি নাট্য ধাৰাবাহিক সংস্কাৰ – ধৰোহৰ আপনো কি (২০১৩–১৪)ত ভূমি বৈষ্ণৱৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছিকৈ পৰিচিত হৈছে।
-
শ্বেবনম শ্বেফাৰ
জেনিফাৰ চিমোন মাচিড শ্বেবনম শ্বেফাৰ (ইংৰাজী: Jennifer Simone Macide Şebnem Schaefer; জন্ম: ৯ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী তুৰ্কী-জাৰ্মান ফেশ্বন মডেল, অভিনেত্ৰী আৰু টিভি পৰিৱেশিকা। তেওঁ তুৰস্কত শ্বেবনম শ্বেফাৰ আৰু জাৰ্মানীত জেনিফাৰ শ্বেফাৰ নামেৰে পৰিচিত।
-
সচিনি আয়েন্দ্ৰ ষ্টেনলি
সচিনি আয়েন্দ্ৰ ষ্টেনলি (সিংহলী: සචිනි අයේන්ද්රා ස්ටැන්ලි) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৩ চনত মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ খিতাপ জয় কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল। বৰ্তমান তেওঁ সিংহলী চলচ্চিত্ৰ উদ্যোগত কাম কৰি আছে।
-
সাহনা বজ্ৰাচাৰ্য
সাহনা বজ্ৰাচাৰ্য (নেপালী: साहना बज्राचार्य) এগৰাকী নেপালী অভিনেত্ৰী, টিভি আঁতধৰোঁতা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ নেপাল আৰ্থ ২০১০-ৰ মুকুট লাভ কৰিছিল। তেওঁ আমেৰিকাৰ নেক্সট টপ মডেলৰ স্থানীয় সংস্কৰণ ‘মেগা মডেল’ ছিজন ২-ৰ আঁতধৰোঁতা আছিল।
-
সুজাতা দে
সুজাতা চৌধুৰী (ইংৰাজী: Sujata Choudhury; জন্ম: ২৭ জুন, ১৯৮৪), আৰু চিত্ৰনাট্যকাৰ। ইছা ৰায়েৰ ৱেব ছিৰিজ দ্য মিচএডভেন্সাৰ্ছ অৱ অকৱাৰ্ড ব্লেক গাৰ্ল (২০১১-২০১৩)-ত চিচি আৰু ইনচিকিউৰত ছাৰাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সৰ্বাধিক পৰিচিত।
-
সুজিতা বস্নেত
সুজিতা বস্নেত (নেপালী: सुजिता बस्नेत; জন্ম ১০ মে' ১৯৯৩) এগৰাকী আমেৰিকান-নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু ব্যৱস্থাপনা পৰামৰ্শদাতা, যিয়ে ২০১১ চনৰপৰা ২০২১ চনলৈকে বহুতো সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তেওঁক মিছ ইউনিভাৰ্ছ নেপাল ২০২১ৰ মুকুট পিন্ধোৱা হৈছিল।
-
হানি শিৱৰাজ
হানি শিৱৰাজ এজনী মালয়েছিয়াৰ অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ মালয়েছিয়াৰ স্থানীয় তামিল ভাষাৰ চলচ্চিত্ৰ আপ্পালাম (২০১১)ত অভিনয় কৰিছিল। তদুপৰি, তেওঁ ভাৰতীয় তামিল ছবি বিৰিয়ানি (২০১৩)তো অভিনয় কৰিছিল।
-
হান্না
আন্না ভ্লাদিমিৰোভনা ইভানোভা (ইংৰাজী: Anna Vladimirovna Ivanova; জন্ম: ২৩ জানুৱাৰী ১৯৯১) পেছাদাৰীভাৱে হান্না (ৰাছিয়ান: Ханна) নামেৰে পৰিচিত এগৰাকী ৰাছিয়ান গায়িকা আৰু মডেল।
-
হান্না আল ৰছিদ
হান্না আল ৰছিদ (ইংৰাজী: Hannah Al Rashid; জন্ম: ২৫ জানুৱাৰী ১৯৮৬) এগৰাকী ব্ৰিটিছ-ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু সক্ৰিয় কৰ্মী। বুগিছ আৰু ফৰাচী বংশোদ্ভূত হান্না মূলতঃ ইণ্ডোনেছিয়ান চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে পৰিচিত।
-
হান্না ডড
হান্না ফ্ৰান্সেস্কা কেটি ডড (জন্ম ১৭ মে ১৯৯৫) এগৰাকী ইংৰাজ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ প্ৰথমে মডেলিংৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু পিছত অভিনয়ত প্ৰৱেশ কৰে।
-
হামামাত মণ্টিয়া
হামামাত মণ্টিয়া (ইংৰাজী: Hamamat Montia; জন্ম: ২২ জুলাই, ১৯৮৮) এগৰাকী ঘানাৰ মডেল, উদ্যমী আৰু সাংস্কৃতিক অধিবক্তা। তেওঁ এগৰাকী প্ৰাক্তন মিছ মালাইকা ঘানা বিজয়ী আৰু মডেল অফ আফ্ৰিকা ইউনিভাৰ্ছ।
-
হাৰুকা আয়াসি
আয়া টাডামাৰু (ইংৰাজী: Aya Tademaru; জন্ম: ২৪ মাৰ্চ, ১৯৮৫) তেওঁৰ মঞ্চ নাম হাৰুকা আয়াসি নামেৰেহে অধিক পৰিচিত। তেওঁ এগৰাকী জাপানী অভিনেত্ৰী যিয়ে ২০০০ চনত এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেতিয়াৰপৰাই তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে।
-
হাৰুনা কাৱাগুচি
হাৰুনা কাৱাগুচি (Haruna Kawaguchi; জন্ম: ১০ ফেব্ৰুৱাৰী ১৯৯৫) কেন-অন এজেঞ্চীৰ অধীনস্থ এগৰাকী জাপানী অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ ঔৰান হাইস্কুল হোষ্ট ক্লাব (২০১২), পিঅ'ভি: নৰোৱাৰেটা ফিল্ম (২০১২), জেক্কো গাক্কিউ (২০১৩), ছেই "আই লাভ ইউ" (২০১৪) আৰু ৱান উইক ফ্ৰেণ্ডছ (২০১৭) ছবিত মুখ্য চৰিত্ৰত অভিনয়…
-
হেইলি বিবাৰ
হেইলি ৰোড বিবাৰ (জন্ম: ২২ নৱেম্বৰ, ১৯৯৬) এগৰাকী আমেৰিকান মডেল, চচিয়েল মিডিয়া ব্যক্তিত্ব, সৃজনমূলক পৰিচালক আৰু ব্যৱসায়ী। তেওঁ ছালৰ যত্ন লোৱা সামগ্ৰীৰ ব্ৰেণ্ড 'ৰোড'ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সৃজনমূলক বিষয়া। ১ বিলিয়ন ডলাৰৰ এক চুক্তিত 'ই.এল.এফ.'-এ এই ব্ৰেণ্ডটো অধিগ্ৰহণ কৰিছিল।