লু থি ডিয়েম হুং (ইংৰাজী ভাষা: Lưu Thị Diễm Hương; জন্ম: ৩০ আগষ্ট ১৯৯০) এগৰাকী ভিয়েটনামিজ মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ভিয়েটনাম ৱৰ্ল্ড ২০১০ খিতাপ জয় কৰিছিল।১ ডিয়েম হুঙৰ জন্ম ভিয়েটনামৰ হো চি মিন চিটীত হৈছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১০লৈ যোৱা নাছিল যদিও ভিয়েটনামৰ না ট্ৰাঙত অনুষ্ঠিত মিছ আৰ্থ ২০১০ত দেশক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁক পঠোৱা হৈছিল।২
মিছ আৰ্থ ২০১০
ডিয়েম হুঙে মিছ আৰ্থ ২০১০ত ভিয়েটনামক প্ৰতিনিধিত্ব কৰিছিল আৰু বিজয়ীগৰাকীৰ সৈতে অন্যতম প্ৰবল দাবীদাৰ হোৱা সত্ত্বেও তেওঁ অন্তিম নিশাৰ শীৰ্ষ ১৪ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ মিছ টেলেণ্ট প্ৰতিযোগিতাত শীৰ্ষ ৫ গৰাকীৰ ভিতৰত স্থান লাভ কৰে আৰু বেষ্ট ইন চুইমচুট বঁটাও জয় কৰে। ভাৰতৰ নিকোল ফাৰিয়াই ২০০৯ চনৰ মিছ আৰ্থ ব্ৰাজিলৰ লাৰিছা ৰামোছৰপৰা মুকুট অৰ্জন কৰিছিল।
মিছ ইউনিভাৰ্চ ২০১২
ডিয়েম হুঙক আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেভাদাৰ লাছ ভেগাছত অনুষ্ঠিত মিছ ইউনিভাৰ্চ ২০১২ত প্ৰতিযোগিতা কৰিবলৈ ৰাষ্ট্ৰীয় ফ্ৰেঞ্চাইজি ধাৰকৰদ্বাৰা নিযুক্ত কৰা হৈছিল। আগতীয়া প্ৰিয় তথা জনপ্ৰিয় হোৱা সত্ত্বেও তেওঁ শীৰ্ষ ১৬ গৰাকীৰ ভিতৰত স্থান লাভ নকৰিলে। আমেৰিকাৰ অলিভিয়া কালপোৱে এই বছৰ মুকুট পিন্ধিছিল।
ব্যক্তিগত জীৱন
২০১৪ চনত পোহৰলৈ আহিছিল যে তেওঁ মিছ ইউনিভাৰ্চ ২০১২ত প্ৰতিযোগিতা কৰাৰ পূৰ্বেই ২০১১ চনত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ পূৰ্বৰ পতি ডিন ট্ৰুয়াং চিনে বিবাহ বিচ্ছেদৰ বাবে গোচৰ দিছিল। তেওঁ বিবাহিত অৱস্থাত মিছ ইউনিভাৰ্চত অংশ লোৱা ভিয়েটনামৰ প্ৰথমগৰাকী প্ৰতিনিধি আছিল।৩৪৫ অৱশ্যে তেওঁক তেওঁৰ খিতাপটো ৰাখিবলৈ অনুমতি দিয়া হৈছিল।
২০১৫ চনত তেওঁ কুয়াং হুইৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয়, তেওঁলোকৰ এটা সন্তান আছে আৰু তেওঁ নিজাকৈ এটা বেকাৰীও খুলিছে। ২০২০ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় আৰু বৰ্তমান তেওঁ এগৰাকী একক মাতৃ।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লু থি ডিয়েম হুং” প্ৰবন্ধৰ সংশোধন ৬১২৩২১ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।