অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হান্না

আন্না ভ্লাদিমিৰোভনা ইভানোভা (ইংৰাজী: Anna Vladimirovna Ivanova; জন্ম: ২৩ জানুৱাৰী ১৯৯১) পেছাদাৰীভাৱে হান্না (ৰাছিয়ান: Ханна) নামেৰে পৰিচিত এগৰাকী ৰাছিয়ান গায়িকা আৰু মডেল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আন্না ভ্লাদিমিৰোভনা ইভানোভা (ইংৰাজী: Anna Vladimirovna Ivanova; জন্ম: ২৩ জানুৱাৰী ১৯৯১) পেছাদাৰীভাৱে হান্না (ৰাছিয়ান: Ханна) নামেৰে পৰিচিত এগৰাকী ৰাছিয়ান গায়িকা আৰু মডেল।

জীৱনী

আন্না ইভানোভাৰ জন্ম ১৯৯১ চনৰ ২৩ জানুৱাৰীত চেবোকচাৰীত হৈছিল।১ সৰুৰেপৰাই তেওঁ এগৰাকী গায়িকা হোৱাৰ সপোন দেখিছিল।২ তেওঁ সংগীত বিদ্যালয়ৰপৰা পিয়ানো শিক্ষা সমাপ্ত কৰে। ২০১৩ চনত তেওঁ চেইণ্ট পিটাৰ্ছবাৰ্গ ষ্টেট ইউনিভাৰ্ছিটি অফ ইকনমিক্সৰপৰা 'পৰ্যটন আৰু হোটেল উদ্যোগৰ অৰ্থনীতি আৰু ব্যৱস্থাপনা' বিষয়ত বিশেষজ্ঞতাৰে অধ্যয়ন সম্পূৰ্ণ কৰে।

তেওঁ কেইবাখনো সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হৈছিল, যাৰ ভিতৰত আছে ‘মিছ চুভাশিয়া – ২০০৯’, ‘মিছ ভলগা – ২০০৯’, ‘মিছ এপোলন – ২০০৯’, ‘মিছ ভিভা ভলগা-ডন – ২০১০’, ‘মিছ ভলগা ইণ্টাৰনেশ্যনেল – ২০১০’,৩ আৰু ‘মিছ কেমেৰ ইণ্টাৰনেশ্যনেল – ২০১০’।৪ তেওঁ ‘মিছ ৰাছিয়া ২০১০’ৰ এগৰাকী ফাইনেলিষ্ট আছিল।৩

ব্যক্তিগত জীৱন

২০১৫ চনৰ জুলাই মাহত গায়িকা গৰাকীয়ে মিউজিক লেবেল 'ব্লেক ষ্টাৰ ইনকৰ্পোৰেটেড'ৰ সঞ্চালক পাভেল "পাশু" কুৰিয়ানভৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৫ তেওঁলোকৰ প্ৰথম সাক্ষাৎ হৈছিল ‘মিছ কেমেৰ ইণ্টাৰনেশ্যনেল – ২০১০’ প্ৰতিযোগিতাত, য’ত হান্নাই প্ৰথম স্থান লাভ কৰিছিল আৰু পাভেল সেই প্ৰতিযোগিতাৰ সৈতে জড়িত আছিল।২৬ পাভেলেই হান্নাক এগৰাকী গায়িকা হিচাপে আগবঢ়াই নিয়াত সহায় কৰিছিল।২ ২০১৮ চনৰ ৩ এপ্ৰিলত হান্নাই তেওঁৰ প্ৰথমটো সন্তানৰ আগমনৰ কথা ঘোষণা কৰে।৭৮ ৩ ছেপ্টেম্বৰত গায়িকা গৰাকীয়ে মিয়ামিত এটি কন্যা সন্তান জন্ম দিয়ে,৯১০ যাৰ নাম এড্ৰিয়ানা ৰখা হয়।১১ ২০২৩ চনৰ ৯ ফেব্ৰুৱাৰীত তেওঁ তেওঁৰ দ্বিতীয়টো সন্তানক আদৰণি জনায়।১২

তথ্যসূত্ৰ

  1. ↑ Певица Ханна в гостях у Богдана Кантемирова в ТРЦ Рио Ленинский. trcmoscow.ru
  2. ↑ Юлия Красновская. (2015-08-03). Пашу и Ханна: «Никто не верил в нашу любовь». журнал «OK»
  3. ↑ Марина Рябцева. Певица Ханна: в ближайшее время мы с Пашу планируем стать родителями. «Woman's Day»
  4. ↑ Алена Брик. (2010-07-06). Miss Kemer International 2010: итоги конкурса. FashionTime.ru
  5. ↑ Волченкова, Ксения. (2015-07-04). Певица из Чебоксар Ханна и продюсер Пашу сыграли свадьбу на острове Капри. PROЧебоксары
  6. ↑ Валерия Петрова. (2014-09-24). Рэперы предпочитают блондинок: Алена Шишкова VS певица Ханна. woman.ru
  7. ↑ Ольга Антонова. (2018-04-04). Беременность певицы Ханны: звезда и ее супруг ждут первенца. kp.ru
  8. ↑ (2018-04-05). Певица Ханна впервые станет мамой. StarHit.ru
  9. ↑ 27-летняя певица Ханна родила первенца в Майами. Вокруг ТВ
  10. ↑ Гендиректор Black Star и певица Ханна стали родителями. Life.ru
  11. ↑ (2019-09-04). Певица Ханна рассекретила необычное имя дочери в ее первый день рождения. জুৰ্ণাল «Cosmopolitan»
  12. ↑ «Мы на страшных кайфушках»: Ханна снялась с новорожденным малышом в роддоме. The Voice

সম্পৰ্কিত শ্ৰেণী

গায়িকামডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হান্না” প্ৰবন্ধৰ সংশোধন ৫৯৭০৯৪ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।