মডেল
২১৯ প্ৰবন্ধ
-
নভা নাটেশ
নভা নাটেশ ( Nabha Natesh; জন্ম ১১ ডিচেম্বৰ ১৯৯৫ ) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলেগু ছবিত অভিনয় কৰে। কানাড়া ছবি বজ্ৰকায়া (২০১৫) আৰু পিছলৈ নান্নু দোচুকুণ্ডুভাতে (২০১৮) ছবিৰে তেলেগু ভাষাত অভিষেক ঘটায়।
-
নাগিছা চাইটো
নাগিছা চাইটো (齊藤なぎさ, Saitō Nagisa; জন্ম ৬ জুলাই, ২০০৩) এগৰাকী জাপানী অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন গায়িকা। তেওঁ ২০১৭ চনৰ পৰা ২০২৩ চনলৈকে মূৰ্তি গোট =লাভৰ সদস্য হিচাপে বিশিষ্টতা লাভ কৰে। ২০২৩ চনত তেওঁ অভিনয় কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ গোটটো এৰি দিয়ে। তেওঁ মহিলাৰ ফেশ্বন আলোচনী LARME-ৰ নিয়মীয়া মডেল।
-
নাজানিন আফছিন-জাম
নাজানিন আফছিন-জাম (ফাৰ্চী: نازنین افشین جم; জন্ম: ১১ এপ্ৰিল ১৯৭৯) হৈছে এগৰাকী ইৰানীয়-কানাডীয় মানৱ অধিকাৰ কৰ্মী, লেখিকা, ৰাজহুৱা বক্তা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে 'মিছ ৱৰ্ল্ড কানাডা ২০০৩'ৰ মুকুট লাভ কৰিছিল।
-
নাটালিয়া গুইমাৰেজ
নাটালিয়া আপাৰেচিডা গুইমাৰেজ (জন্ম: ২৫ ডিচেম্বৰ ১৯৮৪) এগৰাকী ব্ৰাজিলিয়ান অভিনেত্ৰী, টিভি সঞ্চালক, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ব্ৰাজিল ২০০৭ খিতাপ অৰ্জন কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৭ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি প্ৰথম ৰানাৰ-আপৰ স্থান লাভ কৰিছিল।
-
নায়লা নাঈম
নায়লা নাঈম (ইংৰাজী: Naila Nayem; জন্ম: ১৪ ডিচেম্বৰ ১৯৮১) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী। তেওঁ প্ৰথমে এগৰাকী ৰাণৱে মডেল হিচাপে মনোৰঞ্জন জগতত প্ৰৱেশ কৰিছিল আৰু পিছলৈ অভিনেত্ৰী হিচাপে পৰিচিতি লাভ কৰিছিল।
-
নিকিতা চন্দক
নিকিতা চন্দক (নেপালী: निकिता चन्दक; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৯৫) এগৰাকী নেপালী মডেল, অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ নেপাল ২০১৭ খিতাপ জয় কৰিছিল। তেওঁ মিছ পপুলাৰ চইচ আৰু মিছ কনফিডেণ্ট খিতাপো লাভ কৰিছিল।
-
নিনা আগডাল
নিনা ব্ৰহুছ আগডাল পল (ইংৰাজী: Nina Brohus Agdal Paul; জন্ম: ২৬ মাৰ্চ ১৯৯২) এগৰাকী ডেনিছ মডেল। তেওঁ স্প'ৰ্টছ ইলাষ্ট্ৰেটেড ছুইমছুট ইশ্বুত অভিনয়ৰ বাবে তেওঁ পৰিচিত। ২০১৪ চনত তেওঁ আলোচনীখনৰ ৫০বছৰীয়া জয়ন্তীৰ কভাৰত ক্ৰীচি টেইগেন আৰু লিলি এলড্ৰিজৰ সৈতে অভিনয় কৰে।
-
নিভেথা পেথুৰাজ
নিভেথা পেথুৰাজ (ইংৰাজী:Nivetha Pethuraj; জন্ম: ৩০ নৱেম্বৰ) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১৬ চনত তামিল চলচ্চিত্ৰ অৰু নাল কুথুৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ ২০১৭ চনত মেণ্টেল মাধিলো ছবিৰ জৰিয়তে তেলেগু চলচ্চিত্ৰত পদাৰ্পণ কৰে।
-
নেথমী ৰোচেল
নেথমী নিষেকা ৰোচেল ৰজাৰ্ছ (ইংৰাজী: Nethmi Nisheka Roshel Rogers; জন্ম: ৬ নৱেম্বৰ ১৯৯৮), জনপ্ৰিয়ভাৱে নেথমী ৰোচেল নামেৰে পৰিচিত, এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু মডেল।
-
নোজোমি ছাচাকী
নোজোমি ছাচাকী (ইংৰাজী: Nozomi Sasaki; জন্ম: ৮ ফেব্ৰুৱাৰী, ১৯৮৮) — এগৰাকী জাপানী অভিনেত্ৰী, গ্লেমাৰ মডেল, ত্ৰেণ্টো, ইউটিউবাৰ, কণ্ঠশিল্পী আৰু বৃত্তিমূলক ফেশ্বন মডেল। তেওঁৰ ফেশ্বন মডেলিঙৰ কেৰিয়াৰৰ সময়ত তেওঁ কেৱল নোজোমি নামেৰে পৰিচিত আছিল।
-
পউলিনা ভেগা
পউলিনা ভেগা ডিয়েপ্পা (ইংৰাজী: Paulina Vega Dieppa; জন্ম: ১৫ জানুৱাৰী ১৯৯৩) এগৰাকী কলম্বিয়ান মডেল, ব্যৱসায় প্ৰশাসক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৪ খিতাপ জয় কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ মিছ কলম্বিয়া ২০১৩ জয় কৰিছিল।
-
পম ক্লেমেণ্টিয়েফ
পম আলেক্সান্দ্ৰা ক্লেমেণ্টিয়েফ (জন্ম ৩ মে' ১৯৮৬) এগৰাকী ফৰাচী অভিনেত্ৰী। তেওঁ মাৰ্ভেল চলচ্চিত্ৰ মহাবিশ্বত মেনটিছ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে জনাজাত (২০১৭–২০২৩)। ইয়াৰ উপৰি তেওঁ মিছন: ইম্পচিবল চলচ্চিত্ৰ শৃংখলাৰ শেষ দুটা ছবিত (২০২৩–২০২৫) পেৰিছ চৰিত্ৰত অভিনয় কৰিছে।
-
পল্লৱী গুঙ্গাৰাম
পল্লৱী গুঙ্গাৰাম (জন্ম: ১৫ ডিচেম্বৰ ১৯৯৩), পল্লৱী ৰাম নামেও পৰিচিত, এগৰাকী মৰিছাছৰ সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, যিয়ে মিছ মৰিছাছ ২০১৩ উপাধি লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্স ২০১৪-ত মৰিছাছক প্ৰতিনিধিত্ব কৰিছিল।
-
পাউলা আন্দ্ৰিয়া বেটানকৌৰ
পাউলা আন্দ্ৰিয়া বেটানকৌৰ আৰোয়েভ (ইংৰাজী: Paula Andrea Betancur; জন্ম: ১ জুন ১৯৭২) এগৰাকী কলম্বিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। বেটানকৌৰে ১৯৯২ চনৰ ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত আমাজনাস বিভাগক প্ৰতিনিধিত্ব কৰিছিল আৰু মিছ কলম্বিয়া ১৯৯২ ৰ খিতাপ অৰ্জন কৰিছিল।
-
পাওলা টুৰ্বে
পাওলা টুৰ্বে গোমেজ (জন্ম: ২৯ নৱেম্বৰ ১৯৭০) এগৰাকী কলম্বিয়ান-আমেৰিকান অভিনেত্ৰী, মডেল, টিভি সূত্ৰধাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ টিভি ধাৰাবাহিক বচৰ তৃতীয় ছিজনত অভিনয় কৰিছিল।
-
পাত্ৰিচিয়া ৰড্ৰিগেজ (মডেল)
পাত্ৰিচিয়া ইউৰেনা ৰড্ৰিগেজ আলোনছো (ইংৰাজী: Patricia Yurena Rodríguez; জন্ম: ৬ মাৰ্চ ১৯৯০) এগৰাকী স্পেনিছ মডেল, অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ স্পেইন ২০০৮ আৰু তাৰ পিছত মিছ ইউনিভাৰ্ছ স্পেইন ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল।
-
পিয়া লামবাৰ্গ
পিয়া লামবাৰ্গ (ইংৰাজী: Pia Lamberg; জন্ম: ৫ অক্টোবৰ ১৯৯০) এগৰাকী ফিনিছ অভিনেত্ৰী, ফেশ্বন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ফিনলেণ্ড ২০১১ ৰ মুকুট লাভ কৰিছিল আৰু ২০১১ চনৰ ১২ ছেপ্টেম্বৰত ব্ৰাজিলত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১১ প্ৰতিযোগিতাত ফিনলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল।
-
পেভিটা পিয়ৰ্চ
পেভিটা ক্লিঅ’ আইলিন পিয়ৰ্চ (ইংৰাজী: Pevita Cleo Eileen Pearce; জন্ম: ৬ অক্টোবৰ ১৯৯২) এগৰাকী বৃটিছ-ইণ্ডোনেছিয়া অভিনেত্ৰী আৰু মডেল। তেওঁ ৱেল্ছ আৰু বাঞ্জাৰ বংশৰ।
-
পোলিনা পোপোভা
পোলিনা আলেকজেয়েভনা পোপোভা (ইংৰাজী: Polina Alexeyevna Popova; জন্ম: ১ জুন ১৯৯৫) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৭-ৰ মুকুট লাভ কৰিছিল।
-
প্ৰিচিলা মেইৰেলছ
প্ৰিচিলা মেইৰেলছ ডি আলমেইডা-এষ্ট্ৰাডা (ইংৰাজী: Priscilla Meirelles de Almeida-Estrada; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৮৩) এগৰাকী ব্ৰাজিলিয়ান মডেল, টেলিভিছন সঞ্চালক, অভিনেত্ৰী, পৰিৱেশবিদ আৰু সৌন্দৰ্য ৰাণী।
-
প্ৰিয়ংকা য়োশিকাৱা
প্ৰিয়ংকা য়োশিকাৱা (জন্ম: ২০ জানুৱাৰী, ১৯৯৪) জাপানী সৌন্দৰ্য প্ৰতিযোগিতাৰ এগৰাকী বিজয়ী, মডেল আৰু উদ্যোগী। তেওঁ ২০১৬ চনত মিছ ৱৰ্ল্ড জাপানৰ মুকুট অৰ্জন কৰিছিল। তেওঁ জাপানী আৰু বঙালী-ভাৰতীয় মিশ্ৰিত বংশোদ্ভূত।
-
প্ৰেমা লমগাদে
প্ৰেমা লমগাদে (জন্ম ১৯৯৯) এগৰাকী নেপালী মডেল, সমল স্ৰষ্টা আৰু মিছ বিভা গ্ৰেণ্ড ২০২৪-ৰ খিতাপধাৰী। তেওঁ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০২৪ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
পৰ্দিছ আহমদীহ
পৰ্দিছ আহমদীহ (ফাৰ্চী: پردیس احمدیه; জন্ম ২৯ জুন, ১৯৯২) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ ৰেড নেইল পলিচ (২০১৬) আৰু দ্য লায়ন স্কিন (২০২২–২০২৩) বোলছবি তথা ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে আটাইতকৈ বেছি পৰিচিত।
-
ফাজুৰা
নুৰ ফাজুৰা শ্বৰীফুদ্দিন (ইংৰাজী: Nur Fazura Sharifuddin; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮৩, মঞ্চত ফাজুৰা নামেৰে বেছি পৰিচিত) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী, গায়িকা, টেলিভিছন পৰিচালক, ভি.জে.
-
ফাহ্ৰিয়ে এভচেন
ফাহ্ৰিয়ে এভচেন ওজচিভিট (ইংৰাজী: Fahriye Evcen Özçivit; জন্ম: ৪ জুন ১৯৮৬) এগৰাকী জাৰ্মানীত জন্মগ্ৰহণ কৰা তুৰ্কী অভিনেত্ৰী আৰু মডেল। তেওঁ টিভি ধাৰাবাহিক য়াপ্ৰাক ডোকুমু-ত নেক্লা টেকিন আৰু টিভি ধাৰাবাহিক কালিকুচু-ত ফেৰিদে চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ফাৰ্জান আথাৰী
ফাৰ্জান আথাৰী (ফাৰ্চী: فرزان اطهری; জন্ম ২৬ জুন ১৯৮৪) এগৰাকী ছুইডিছ ইৰানী টিভি হিষ্ট, মডেল আৰু অভিনেতা। তেওঁ ২৩খন বিভিন্ন দেশৰ ফেশ্বন আৰু মনোৰঞ্জন জগতত কাম কৰিছে আৰু ১০০ টাতকৈও অধিক ব্ৰেণ্ডৰ সৈতে সহযোগিতা কৰিছে। ইয়াৰ উপৰি তেওঁ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু টেলিভিছন শ্ব'ৰ আঁত ধৰিছে।
-
ফ্ল’ৰিয়ানা গাৰো
ফ্ল’ৰিয়ানা গাৰো (Floriana Garo; জন্ম: ১৫ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী আলবেনিয়ান টেলিভিছন পৰিৱেশিকা, ৰাজনৈতিক মুখপাত্ৰ আৰু প্ৰাক্তন মিছ আলবেনিয়া। তেওঁ ২০১২ চনৰ মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাত আলবেনিয়াক প্ৰতিনিধিত্ব কৰিছিল।
-
বশ্ৰা দস্তুৰনেজাদ
বশ্ৰা দস্তুৰনেজাদ (জন্মগত নাম: বশ্ৰা দস্তুৰনেজাদ হাকীকাৰী; জন্ম ১৯৮৫) হৈছে এগৰাকী ইৰানী মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনৰ ৰেডিঅ’ ড্ৰিমছ চলচ্চিত্ৰখনত অভিনয় কৰিছিল।
-
বাৰ্বী ফেৰেইৰা
বাৰ্বৰা "বাৰ্বী" চেপ্পে ফেৰেইৰা(জন্ম: ১৪ ডিচেম্বৰ, ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ এইচবিঅ' (HBO) ধাৰাবাহিক ইউফ’ৰিয়া (আমেৰিকান টিভি ধাৰাবাহিক)|ইউফ’ৰিয়া (২০১৯–২০২২)-ত কেট হাৰ্নাণ্ডেজৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
বিদুষী উত্তৰা
দাবাৰে লিয়ানাগে বিদুষী উত্তৰা (জন্ম: ২৯ নৱেম্বৰ ১৯৯১), যিগৰাকী জনপ্ৰিয়ভাৱে বিদুষী উত্তৰা নামেৰে পৰিচিত, শ্ৰীলংকাৰ টেলিভিছন আৰু থিয়েটাৰৰ এগৰাকী অভিনেত্ৰীৰ লগতে এগৰাকী মডেল আৰু কণ্ঠ শিল্পী।